--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ কেন্দ্রীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্রী সর্বানন্দ সাণোৱালে ১৪ জানুৱাৰী, তাৰিখে মকৰ সংক্ৰান্তিৰ পৱিত্ৰ ক্ষণত সমূহ দেশবাসীক সূর্য নমস্কাৰ কৰিবলৈ আহ্বান জনাইছে। কেন্দ্রীয় আয়ুস মন্ত্ৰালয়ৰ উদ্যোগত আয়োজিত দিনজোৰা ভাৰ্চুৱেল অনুষ্ঠানটো পুৱা ৭ বজাত আৰম্ভ কৰিব। আজি কেন্দ্রীয় মন্ত্রীগৰাকীয়ে সংবাদমেল সম্বোধন কৰি এইকথা ব্যক্ত কৰে।

কেন্দ্রীয় আয়ুস মন্ত্ৰালয়ৰ উদ্যোগত আয়োজিত ভাৰ্চুৱেল কাৰ্যসূচীটোত মোৰাৰজী দেশাই ৰাষ্ট্ৰীয় যোগ প্রতিষ্ঠানৰ পৰা অনুষ্ঠান লাইভ প্রদর্শন কৰিব আৰু ইয়াত সমগ্র বিশ্বৰ যোগ অনুশীলনকাৰীসকলে অংশগ্রহণ কৰিব বুলি আশা ব্যক্ত কৰিছে। অংশগ্রহণকাৰীসকলে সূর্য নমস্কাৰৰ ১৩টা ৰাউণ্ড প্রদর্শন কৰিব য'ত প্ৰতিটো ৰাউণ্ডত ১২টা আসন থাকিব। এই ১২টা আসন হৈছে-নমস্কাৰণ, হস্তত্তনাসন, পদ্মাহস্তাসন, অশ্বসঞ্চলনাসন, পর্বতাসন, অষ্টঙ্গ নমস্কাৰ, ভুজঙ্গাসন, পর্বোতাসন (বিপৰীত), অশ্ব সঞ্চালনাসন (ওলোটা), পদাস্থান (ওলোটা)। সূর্য নমস্কাৰ হৈছে এক বৈজ্ঞানিকভাৱে প্রমাণিত স্বাস্থ্যকৰ অনুশীলন,যিয়ে শৰীৰ আৰু মনৰ উৎকর্ষ সাধন কৰে।

ভাৰ্চুৱেল সংবাদমেল সম্বোধন কৰি কেন্দ্রীয় মন্ত্রী সর্বানন্দ সাণোৱালে কয়, ‘মকৰ সংক্রান্তি এটি অতি গুৰুত্বপূর্ণ দিন। এই দিনটোতে দেশবাসীৰ স্বাস্থ্য আৰু মনৰ উৎকর্ষ সাধনৰ লক্ষ্যৰে সূর্য নমস্কাৰৰ জীৱনীশক্তি সম্পর্কত সজাগতা বৃদ্ধিৰ এটি বিশেষ কার্যসূচী হাতত লাৱো হৈছে। এই অনুষ্ঠানটোৰ সন্দৰ্ভত যোগোদ্যমশীল ব্যক্তিসকলৰ পৰা ইতিমধ্যে উৎসাহজনক সঁহাৰি লাভ কৰিছে। আমি নিশ্চিত যে এই অনুষ্ঠানটোৱে ভাৰতৰ সমৃদ্ধ আৰু স্বাস্থ্যকৰ অনুশীলনৰ বিষয়ে বিশ্ববাসীকঅধিক প্ৰভাৱিত কৰিব।’ আদি কৰি শৰীৰ চৰ্চাৰ ওপৰত বহু গুৰুত্বপূৰ্ণ মন্তব্য কৰে কেন্দ্রীয় আয়ুষ দপ্তৰৰ মন্ত্রী তথা অসমৰ প্ৰাক্তন মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন