--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ কেন্দ্রীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্রী সর্বানন্দ সাণোৱালে ১৪ জানুৱাৰী, তাৰিখে মকৰ সংক্ৰান্তিৰ পৱিত্ৰ ক্ষণত সমূহ দেশবাসীক সূর্য নমস্কাৰ কৰিবলৈ আহ্বান জনাইছে। কেন্দ্রীয় আয়ুস মন্ত্ৰালয়ৰ উদ্যোগত আয়োজিত দিনজোৰা ভাৰ্চুৱেল অনুষ্ঠানটো পুৱা ৭ বজাত আৰম্ভ কৰিব। আজি কেন্দ্রীয় মন্ত্রীগৰাকীয়ে সংবাদমেল সম্বোধন কৰি এইকথা ব্যক্ত কৰে।

কেন্দ্রীয় আয়ুস মন্ত্ৰালয়ৰ উদ্যোগত আয়োজিত ভাৰ্চুৱেল কাৰ্যসূচীটোত মোৰাৰজী দেশাই ৰাষ্ট্ৰীয় যোগ প্রতিষ্ঠানৰ পৰা অনুষ্ঠান লাইভ প্রদর্শন কৰিব আৰু ইয়াত সমগ্র বিশ্বৰ যোগ অনুশীলনকাৰীসকলে অংশগ্রহণ কৰিব বুলি আশা ব্যক্ত কৰিছে। অংশগ্রহণকাৰীসকলে সূর্য নমস্কাৰৰ ১৩টা ৰাউণ্ড প্রদর্শন কৰিব য'ত প্ৰতিটো ৰাউণ্ডত ১২টা আসন থাকিব। এই ১২টা আসন হৈছে-নমস্কাৰণ, হস্তত্তনাসন, পদ্মাহস্তাসন, অশ্বসঞ্চলনাসন, পর্বতাসন, অষ্টঙ্গ নমস্কাৰ, ভুজঙ্গাসন, পর্বোতাসন (বিপৰীত), অশ্ব সঞ্চালনাসন (ওলোটা), পদাস্থান (ওলোটা)। সূর্য নমস্কাৰ হৈছে এক বৈজ্ঞানিকভাৱে প্রমাণিত স্বাস্থ্যকৰ অনুশীলন,যিয়ে শৰীৰ আৰু মনৰ উৎকর্ষ সাধন কৰে।

ভাৰ্চুৱেল সংবাদমেল সম্বোধন কৰি কেন্দ্রীয় মন্ত্রী সর্বানন্দ সাণোৱালে কয়, ‘মকৰ সংক্রান্তি এটি অতি গুৰুত্বপূর্ণ দিন। এই দিনটোতে দেশবাসীৰ স্বাস্থ্য আৰু মনৰ উৎকর্ষ সাধনৰ লক্ষ্যৰে সূর্য নমস্কাৰৰ জীৱনীশক্তি সম্পর্কত সজাগতা বৃদ্ধিৰ এটি বিশেষ কার্যসূচী হাতত লাৱো হৈছে। এই অনুষ্ঠানটোৰ সন্দৰ্ভত যোগোদ্যমশীল ব্যক্তিসকলৰ পৰা ইতিমধ্যে উৎসাহজনক সঁহাৰি লাভ কৰিছে। আমি নিশ্চিত যে এই অনুষ্ঠানটোৱে ভাৰতৰ সমৃদ্ধ আৰু স্বাস্থ্যকৰ অনুশীলনৰ বিষয়ে বিশ্ববাসীকঅধিক প্ৰভাৱিত কৰিব।’ আদি কৰি শৰীৰ চৰ্চাৰ ওপৰত বহু গুৰুত্বপূৰ্ণ মন্তব্য কৰে কেন্দ্রীয় আয়ুষ দপ্তৰৰ মন্ত্রী তথা অসমৰ প্ৰাক্তন মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
গোৱালপাৰাত অবৈধভাৱে সৰবৰাহ কৰা গৰুসহ মেঘালয়ৰ দুজন লোকক আটক
মুকালমুৱা আৰক্ষীৰ বৃহৎ সফলতা! জালত পৰিল ৯ চাইবাৰ অপৰাধী
'উইজডেন'ৰ বিশ্বৰ ৪০জন উদীয়মান ক্রিকেটাৰৰ তালিকাত ৰিয়ান পৰাগ
টিংখাঙত শোকাৱহ পথ দুৰ্ঘটনা! দুচকীয়া বাহনৰ মুখামুখি সংঘৰ্ষত দুজন নিহত, আহত দুজন
সাৱধান লখিমপুৰ সীমান্তবাসী!  অসম-অৰুণাচল সীমান্তত চলিব বোমা বিস্ফোৰণ, ৰকেট, গুলীচালনাৰ অনুশীলন
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক