--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ প্ৰান্তে প্ৰান্তে স্বাধীনতা দিৱস উদযাপন কৰি থকাৰ সময়তে  ঝাৰখণ্ডত সংঘটিত হৈছে এক অঘটন। ৰাজ্য খনত মাওবাদীৰ গুলীত নিহত হৈছে  দুজন জোৱান।  

 ঘটনাটো ঝাৰখণ্ডৰ সিংভূমৰ তান্ট অঞ্চলত সংঘটিত হৈছে। ঝাৰখণ্ড আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা মতে  নিহত জোৱান দুজন  ঝাৰখণ্ডৰ জাগুয়াৰ আৰক্ষী বাহিনীৰ জোৱান আছিল।

নিহত জোৱান দুজনক   অমিত তিৱাৰী আৰু গৌতম কুমাৰ বুলি চিনাক্ত কৰা হৈছে। মাওবাদীৰ সৈতে হোৱা সংঘৰ্ষৰ  সময়তে তেওঁলোক আহত হৈছিল। পিছত তেওঁলোকৰ মৃত্যু হয়। পশ্চিম সিংভূম জিলাৰ আৰক্ষী অধীক্ষক আশুতোষ শেখৰে জোৱান দুজনৰ মৃত্যুৰ খবৰটো নিশ্চিত কৰিছে।

উল্লেখ্য  কিছুদিন পূৰ্বে অঞ্চলটোত এজন চিআৰপিএফ জোৱানক মাওবাদীয়ে গুলীয়াই হত্যা কৰিছিল। সেই ঘটনাত এজন অসামৰিক লোক আঘাতপ্ৰাপ্ত হৈছিল।  বিজেপি নেতা ৰাজেন্দ্ৰ প্ৰসাদ চাহুকো শনিবাৰে সন্ধিয়া ঝাৰখণ্ডৰ লাতেহাৰৰ বালুমথ আৰক্ষী থানা এলেকাত মাওবাদীয়ে গুলীয়াই হত্যা কৰিছিল। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস