--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : বলীউডৰ মোহময়ী  তথা প্ৰতিভাশালী অভিনেত্ৰী কেটৰিনা কাঈফৰ আজি জন্মদিন৷ আজি ৩৯ বছৰত ভৰি দিলে এই মোহময়ী অভিনেত্ৰী গৰাকীয়ে৷ বিয়াৰ পাছত কেটৰিনাৰ এইয়া প্ৰথম জন্মদিন৷ স্বামীৰ ভিকি কৌশলৰ সৈতে নিজৰ বিশেষ দিনটো উদযাপন কৰাত এতিয়া ব্যস্ত সকলোৰে প্ৰিয় অভিনেত্ৰী গৰাকী৷ 

জন্মদিনৰ এদিন পূৰ্বেই স্বামীৰ সৈতে মালদ্বীপলৈ ৰাওনা হৈছিল অভিনেত্ৰী গৰাকী৷ আজি মালদ্বীপত নিজৰ ৩৯ সংখ্যক জন্মদিন উদযাপন কৰিব কেটৰিনা কাঈফে৷ আপুনি হয়তো সহজেই অনুমান কৰিব পাৰিছে যে, আনবোৰ জন্মদিনতকৈ এইবাৰৰ জন্মদিন সুকীয়া হ’ব অভিনেত্ৰী গৰাকীৰ। কাৰণ অভিনেত্ৰী গৰাকীক সুখী কৰিবলৈ সম্পূৰ্ণ চেষ্টা চলাইছে স্বামী ভিকি কৌশলে৷

 জন্মদিন উদযাপনত কেৱল ভিকি কৌশলেই আৰু কেটৰিনাই  নহয়, বলীউডৰ আন কেইজনমান তাৰকাও উপস্থিত থাকিব বুলি জানিব পৰা গৈছে৷নিজৰ প্ৰিয়  আৰু ঘনিষ্ঠ সহযোগী সকলক জন্মদিনলৈ নিমন্ত্ৰণ জনাইছে ভিকি-কেটে৷ জন্মদিনৰ অনুষ্ঠানত অংশ ল’ব ভিকি কৌশলৰ ভাতৃ অভিনেতা চানি কৌশল আৰু অভিনেত্ৰী শৰবৰী বাঘে৷ চানি আৰু শৰবৰীৰ ঘনিষ্ঠতা বৃদ্ধি পাইছে বুলিও বৰ্তমান খুবেই চৰ্চিত হৈছে৷তেওঁলোকৰ উপৰিও ছবি নিৰ্মাতা কবীৰ খান আৰু মিনি মাথুৰো ইতিমধ্যে মালদ্বীপত উপস্থিত হৈছে৷

নিজৰ অভিনয়ৰ যাদুৰে সকলোকে সন্মোহিত কৰি ৰখা অভিনেত্ৰী গৰাকীলৈ আমাৰ তৰফৰ পৰা জন্মদিনৰ অজস্ৰ শুভেচ্ছা৷ দৈনন্দিন ব্যস্ততাৰ পৰা আঁতৰি মালদ্বীপত উদযাপন কৰা জন্মদিনৰ প্ৰতিটো মূহূৰ্ত বিশেষ হৈ উঠক ভিকি-কেটৰিনাৰ বাবে৷






FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ