--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : বলীউডৰ মোহময়ী  তথা প্ৰতিভাশালী অভিনেত্ৰী কেটৰিনা কাঈফৰ আজি জন্মদিন৷ আজি ৩৯ বছৰত ভৰি দিলে এই মোহময়ী অভিনেত্ৰী গৰাকীয়ে৷ বিয়াৰ পাছত কেটৰিনাৰ এইয়া প্ৰথম জন্মদিন৷ স্বামীৰ ভিকি কৌশলৰ সৈতে নিজৰ বিশেষ দিনটো উদযাপন কৰাত এতিয়া ব্যস্ত সকলোৰে প্ৰিয় অভিনেত্ৰী গৰাকী৷ 

জন্মদিনৰ এদিন পূৰ্বেই স্বামীৰ সৈতে মালদ্বীপলৈ ৰাওনা হৈছিল অভিনেত্ৰী গৰাকী৷ আজি মালদ্বীপত নিজৰ ৩৯ সংখ্যক জন্মদিন উদযাপন কৰিব কেটৰিনা কাঈফে৷ আপুনি হয়তো সহজেই অনুমান কৰিব পাৰিছে যে, আনবোৰ জন্মদিনতকৈ এইবাৰৰ জন্মদিন সুকীয়া হ’ব অভিনেত্ৰী গৰাকীৰ। কাৰণ অভিনেত্ৰী গৰাকীক সুখী কৰিবলৈ সম্পূৰ্ণ চেষ্টা চলাইছে স্বামী ভিকি কৌশলে৷

 জন্মদিন উদযাপনত কেৱল ভিকি কৌশলেই আৰু কেটৰিনাই  নহয়, বলীউডৰ আন কেইজনমান তাৰকাও উপস্থিত থাকিব বুলি জানিব পৰা গৈছে৷নিজৰ প্ৰিয়  আৰু ঘনিষ্ঠ সহযোগী সকলক জন্মদিনলৈ নিমন্ত্ৰণ জনাইছে ভিকি-কেটে৷ জন্মদিনৰ অনুষ্ঠানত অংশ ল’ব ভিকি কৌশলৰ ভাতৃ অভিনেতা চানি কৌশল আৰু অভিনেত্ৰী শৰবৰী বাঘে৷ চানি আৰু শৰবৰীৰ ঘনিষ্ঠতা বৃদ্ধি পাইছে বুলিও বৰ্তমান খুবেই চৰ্চিত হৈছে৷তেওঁলোকৰ উপৰিও ছবি নিৰ্মাতা কবীৰ খান আৰু মিনি মাথুৰো ইতিমধ্যে মালদ্বীপত উপস্থিত হৈছে৷

নিজৰ অভিনয়ৰ যাদুৰে সকলোকে সন্মোহিত কৰি ৰখা অভিনেত্ৰী গৰাকীলৈ আমাৰ তৰফৰ পৰা জন্মদিনৰ অজস্ৰ শুভেচ্ছা৷ দৈনন্দিন ব্যস্ততাৰ পৰা আঁতৰি মালদ্বীপত উদযাপন কৰা জন্মদিনৰ প্ৰতিটো মূহূৰ্ত বিশেষ হৈ উঠক ভিকি-কেটৰিনাৰ বাবে৷






FOLLOW US F
POPULAR
FEATURE
TRENDY
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু