--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ললিত মোদীৰ সৈতে প্ৰাক্তন মিছ ইউনিভাৰ্ছ সুস্মিতা সেনৰ সম্পৰ্কক লৈ গৰম হৈ আছে সংবাদ মাধ্যম তথা ছ’চিয়েল মিডিয়া। সুস্মিতাৰ সৈতে ডেটিং কৰি আছে বুলি নিজ মুখে স্বীকাৰ কৰিছে ললিত মোদীয়ে। ললিত মোদীয়ে সুস্মিতাৰ সৈতে থকা সম্পৰ্ক প্ৰকাশ কৰাৰ লগে লগে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে বহু কাহিনী আৰু তাকে লৈ মানুহে কৰিছে নানা প্ৰতিক্ৰিয়া। এই সময়তে চৰ্চালৈ আহিছে ললিত মোদী আৰু সুস্মিতাৰ সম্পৰ্কক লৈ প্ৰাক্তন প্ৰেমিক ৰোহমান শ্বলেই কৰা প্ৰতিক্ৰিয়া।


কি ক’লে ৰোহমানে?

ললিত মোদীয়ে ছ’চিয়েল মিডিয়াত নিজৰ সম্পৰ্কৰ কথা ঘোষণা কৰিছে। কিন্তু এতিয়ালৈকে এই সন্দৰ্ভত সুস্মিতা সেনে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই। অৱশ্যে দুয়োৰে ছবিয়ে নিশ্চিতভাৱে তেওঁলোকৰ সুদৃঢ় সম্পৰ্কৰ সাক্ষ্য বহন কৰিছে। সুস্মিতা সেন আৰু ললিত মোদীৰ মৰমলগা ছবিবোৰে যে সকলোকে আচৰিত কৰি তুলিছে তাত কোনো সন্দেহ নাই। কিছুমানে এয়া চাঞ্চল্যকৰ খবৰ বুলিও অভিহিত কৰিছে। কিন্তু সুস্মিতাৰ প্ৰাক্তন প্ৰেমিক ৰোহমানৰ বাবে এই খবৰটো একেবাৰেই চাঞ্চল্যকৰ নহয়।
 ৰোহমান শ্বলেই সুস্মিতাৰ প্ৰসংগত কয়, ''তেওঁলোক সুখী হওক। প্ৰেম সুন্দৰ। মই ইমানখিনি জানো যে তেওঁ যদি কাৰোবাক বাছি লৈছে, তেন্তে নিশ্চয়কৈ তেওঁ তাৰ যোগ্য। ইয়াৰ উপৰিও ৰোহমানে ইনষ্টাগ্ৰামত এটা পোষ্ট শ্বেয়াৰ কৰিছে। পোষ্টটোত ৰোহমানে লিখিছে, কাৰোবাক হাঁহিলে যদি সকাহ পায়, তেন্তে হাঁহক, কাৰণ অস্থিৰ তেওঁ নহয়..আপুনি হে। প্ৰেম বিয়পাওক..ঘৃণা নহয়।'' অৰ্থাৎ ললিত মোদীৰ লগত নিজৰ প্ৰাক্তন প্ৰেয়সীক দেখি ৰোহমান যে অলপো বিচলিত হোৱা নাই তেওঁৰ কথাই তাকেই প্ৰমাণ কৰে।

উল্লেখ্য যে সুস্মিতা সেনে নিজতকৈ ১৬ বছৰৰ সৰু ৰোহমন শ্বলৰ সৈতে প্ৰেম-ৰোমাঞ্চ কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল। দুয়োৰে বিয়া হোৱাৰো কথা আছিল কিন্তু হঠাতে দুয়োৰে সম্পৰ্কত ফাঁট মেলে। ২০১৮ চনত দুয়োজনে ইজনে সিজনৰ লগত ডেটিং আৰম্ভ কৰিছিল। ২০২১ চনৰ ২৩ ডিচেম্বৰত দুয়ো পৃথক হৈ পৰে। সুস্মিতা আৰু ৰোহমান আজিও বন্ধু। ললিত মোদীৰ আগমনৰ পিছত তেওঁলোকৰ বন্ধুত্ব কিমান দিনলৈ থাকে সেয়াহে এতিয়া একো ক’ব পৰা নাযাব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ