--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মনে বিচৰা   কইনা এগৰাকীক বিচাৰি যোৱা পাঁচ বছৰে হায়ৰাণ হৈছে এগৰাকী যুৱক। পেছাত তেওঁ অভিযন্তা। জনা মতে স্বভাৱ -চৰিত্ৰও ভাল। কিন্তু আজিলৈকে বিচাৰি পোৱা নাই এগৰাকী জীৱন সংগী।  কইনা বিচাৰি যুৱক জনে বাতৰি কাকততো বিজ্ঞাপন দিছিল, কিন্তু কোনো কামত নাহিল।বিবাহ সম্পৰ্কীয়  ছাইটতো তেওঁ  বিজ্ঞাপন দি সুফল পোৱা নাই। ইমান খিনি কৰাৰ পিছতো জীৱন সংগী বিচাৰি নোপোৱাত স্বাভাৱিকতে হতাশ হৈ পৰিছে যুৱক জন।

সেয়েহে এইবাৰ তামিলনাডুৰ অভিযন্তাজনে কইনা বিচৰাৰ এক অভিনৱ পদ্ধতি অৱলম্বন কৰিছে।সেইমৰ্মে তেওঁ কইনা বিচৰাৰ পোষ্টাৰ ছপাই সমগ্ৰ মাদুৰাই চহৰতে পোষ্টাৰ লগাই দিছে। ’মোক এজনী কইনা’ লাগে বুলি উল্লেখ কৰি ছপা কৰা পোষ্টাৰবোৰ এতিয়া মাদুৰাইৰ অলিয়ে-গলিয়ে ওলমি থকা দেখা গৈছে।

কইনা বিচাৰি হাবাথুৰি খোৱা অভিযন্তা যুৱকজনৰ নাম এম এছ জগন । মাদুৰাইৰ ভিলাপুৰমৰ বাসিন্দা যুৱ জনৰ বয়স ২৭ বছৰ। পেছাত অভিযন্তা কইনা বিচাৰি আঁৰি দিয়া পোষ্টাৰখনত লিখা আছে, "মই মিছ ৰাইটক বিচাৰো "। পোষ্টাৰ খনত জগনৰ নাম, ধাম, পিতৃৰ পৰিচয়, গোত্ৰ,চাকৰি, দৰমহা আৰু আনকি পছন্দ আৰু অপছন্দবোৰো  লিখা হৈছে। লগতে পোষ্টাৰত নিজৰ এখন ছবিও প্ৰকাশ কৰিছে। জগনে সমগ্ৰ চহৰখনতে এনে বিলবৰ্ড, হৰ্ডিং, বেনাৰ লগাইছে। 

তেওঁৰ কাৰ্যত চহৰখনৰ মানুহৰ চকু থৰ লাগিছে।

কইনা বিচাৰি পোৱা জ্বালাৰ কথা উল্লেখ কৰি জগনে কয়, "মই যোৱা পাঁচ বছৰ ধৰি জীৱন সংগী বিচাৰি আছো। কিন্তু মই আজিলৈকে পোৱা নাই।মই মোৰ মনৰ মানুহগৰাকী বিচাৰি পোৱা নাই বাবে হতাশো হৈছো। গতিকে মই এই  পথ ল’লো। মোক বহুতে হাঁহি আছে। তেওঁলোকে মোক ট্ৰ'ল কৰি আছে। কিন্তু সেইটো মোৰ বাবে গুৰুত্বপূৰ্ণ কথা নহয়।মই জীৱন সংগী পামেই বুলি আত্মবিশ্বাসী। "মই আশা কৰোঁ যে বিবাহযোগ্য ছোৱালী বা কইনাসকলৰ পৰিয়ালে মোক ফোন কৰি যোগাযোগ কৰিব । "

উল্লেখ্য যোৱা দশকত, পশ্চিমীয়া দেশবোৰত বিলবৰ্ড, পোষ্টাৰ লগাই সঙ্গী বিচাৰি উলিওৱাৰ প্ৰৱণতা দেখা গৈছিল। কিন্তু ভাৰতত এনে ঘটনা আগতে ঘটাৰ কথা  হয়তো কাৰো মনত নপৰিব। মাদুৰাইৰ যুৱকজনে এই ক্ষেত্ৰত নতুন নজিৰ সৃষ্টি কৰিলে বুলি বহুতে আলোচনা কৰিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ