--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ কানপুৰত এজন হেড কনিষ্টবলে প্ৰথমে এগৰাকী নাৰ্ছক প্ৰেমৰ জালত পেলাই পাছত হত্যা কৰে। বিয়াৰ বাবে জোৰ দিয়াৰ বাবেই হত্যাৰ বলি হল নাৰ্চগৰাকী। বন্ধুৰ সৈতে মিলি কনিষ্টবলগৰাকীয়ে হত্যা কৰিলে প্ৰেমিকা নাৰ্চক। ইটাহলৈ লৈ গৈ হত্যা কৰা হয় নাৰ্চগৰাকীক।

নাৰ্ছগৰাকীৰ মাতৃ আৰু ভাতৃয়ে যোৱা ডেৰ-দুমাহ ধৰি নাৰ্চগৰাকীৰ ন্যায় বিচাৰি হাবাথুৰি খাইছিল। নাৰ্ছগৰাকীৰ পৰিয়ালৰ লোকে কনিষ্টবলজনৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি আৰক্ষীক অৱগত কৰিছিল।


যেতিয়া ইটাহত নাৰ্ছগৰাকীৰ মৃতদেহ উদ্ধাৰ হয়, তেতিয়াহে আৰক্ষী টোপনিৰ পৰা সাৰ পাই উঠিল। নিৰুদ্দেশ হোৱা নাৰ্ছৰ গোচৰৰ তদন্ত আৰম্ভ হোৱাৰ লগে লগে আজি নাৰ্ছগৰাকীক হত্যাৰ অভিযোগত কনিষ্টবল আৰু তেওঁৰ সংগীক গ্ৰেপ্তাৰ কৰা হয়।

উল্লেখ্য যে কানপুৰৰ বাৰা অঞ্চলৰ বাসিন্দা শালু তিৱাৰীয়ে চহৰৰ এখন ডাঙৰ নাৰ্চিং হোমত নাৰ্ছ হিচাপে কাম কৰিছিল। প্ৰায় ৩ বছৰ আগতে তেওঁৰ চিনাকি হৈছিল বাৰা থানাত পোষ্ট কৰা হেড কনিষ্টবল মনোজ কুমাৰৰ সৈতে। ইয়াৰ পিছত মনোজ কুমাৰ আৰু শালু তিৱাৰীৰ মাজত প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠিল।

যেতিয়া শালুৱে মনোজ কুমাৰক বিয়াৰ বাবে হেঁচা প্ৰয়োগ কৰিবলৈ ধৰিলে, তেতিয়া মনোজ কুমাৰে কয় যে তেওঁ ইতিমধ্যে বিয়া কৰাইছে। তেওঁৰ দুটা সন্তানো আছে।


এই কথাত শালুৰ খং উঠিল, মনোজে ভাবিলে যে শালুৱে হয়তো তেওঁৰ বিৰুদ্ধে কিবা ব্যৱস্থা ল’ব। সেয়ে ৮ ফেব্ৰুৱাৰীত শালুক লগ কৰাৰ অজুহাতত অযোধ্যালৈ যবালৈ লগ ধৰে। মনোজে বন্ধু ৰাহুলৰ সৈতে শালুক অযোধ্যাৰ সলনি ইটাহলৈ লৈ যায়। তাতে কনিষ্টবল মনোজে বন্ধু ৰাহুলৰ সৈতে শালুক হত্যা কৰে। ইয়াৰ পিছত তেওঁৰ মৃতদেহটো এটা শুকান কুঁৱাত পেলাই দিয়া হয়।

শালুক হত্যা কৰাৰ পিছত দুয়ো মনে মনে কানপুৰলৈ উভতি আহিল। এই সময়ছোৱাত মনোজক কানপুৰ আৰক্ষী লাইনলৈ বদলি কৰা হৈছিল। সেয়ে তেওঁ পুলিচ লাইনত গৈ নিজৰ কৰ্তব্যত যোগদান কৰিলে। 

শালুৰ মাক সংগীতাই অভিযোগ কৰে যে যেতিয়া মই কেইবাদিনো শালুৰ লগত ফোনত কথা নাপাতিলোঁ, তেতিয়া মই মোৰ ল’ৰাৰ সৈতে শালুৰ কোঠালৈ গৈছিলো। তাতেই জানিব পৰা গ’ল যে কনিষ্টবল মনোজৰ লগত তেওঁ ওলাই গৈছিল। ইয়াৰ পিছত মই বাৰা থানালৈ গৈ পুলিচক কলো যে মোৰ ছোৱালীজনী নিৰুদ্দেশ হৈছে। কিন্তু আৰক্ষীয়ে মোৰ ছোৱালীজনীৰ নিৰুদ্দেশৰ ৰিপৰ্টহে ৰেজিষ্টাৰ কৰিছিল, মনোজক জেৰা কৰা নাছিল।

কুঁৱাত শালুৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছতহে তদন্ত আৰম্ভ হয় আৰু অৱশেষত মনোজ কুমাৰ আৰু ৰাহুলক জেৰা কৰি গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সৰ্থেবাৰী আৰক্ষীৰ বৃহৎ সফলতা; জালত পৰিল গভাইত চোৰৰ চক্ৰ, বুজন পৰিমাণৰ কাঁহৰ বাচন-বৰ্তন উদ্ধাৰ
কোনে তুলি ল’ব এইবাৰৰ বিশ্বকাপ? বিশ্বজুৰি অন্তহীন জল্পনা-কল্পনা
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
৩.৫৯%! ৰাজ্যত ছমাহত মুদ্রাস্ফীতিৰ ভয়াৱহ ৰূপ
উপভোক্তাৰ পক্ষত ই-২০ পেট্র’ল বিষয়ক প্রথমটো গোচৰৰ ৰায়
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement