--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জনপ্ৰিয় ভজন কণ্ঠশিল্পী স্বপ্না তিৱাৰীক হত্যা। এই হত্যাকাণ্ড কোনো বেলেগ মানুহে কৰা নাই, কৰিছে স্বপ্নাৰ স্বামী ৰাহুল তিৱাৰীয়ে।  ৰাহুলৰ সৈতে প্ৰেম বিবাহ হৈছিল স্বপ্নাৰ। নিজতকৈ যাক আপোন ভাবিছিল সেইজনৰ হাততে প্ৰাণ গল স্বপ্না তিৱাৰীৰ। 

তেওঁলোকৰ দুটা সন্তান আছে, এজন ১০ বছৰীয়া পুত্ৰ আৰু এগৰাকী ৬ বছৰীয়া কন্যা। স্বপ্না তিৱাৰী আছিল কানপুৰৰ বিখ্যাত ভজন গায়িকা। মানুহে স্বপ্নাৰ মাতটো বৰ ভাল পাইছিল, কানপুৰৰ ঘৰে ঘৰে, অনুষ্ঠানে-প্ৰতিষ্ঠানে স্বপ্না তিৱাৰীয়ে ভজন পৰিৱেশন কৰিবলগীয়া হৈছিল। পূজা-পাঠ অনুষ্ঠানতো স্বপ্নাক ভজন গাবলৈ মাতিছিল মানুহে। ছ’চিয়েল মিডিয়াত স্বপ্নাৰ লাখ লাখ ফ’ল’ৱাৰ আছিল, যিয়ে তেওঁৰ কণ্ঠ বহুত ভাল পাইছিল।

স্বপ্নাৰ জনপ্ৰিয়তা ইমানেই বাঢ়ি গৈছিল যে তেওঁৰ ব্যস্ততাৰ অন্ত নাইকিয়া হৈছিল। কামৰ কাৰণে স্বপ্নাই বেলেগ বেলেগ মানুহক লগ পাবলগীয়া হৈছিল যিটো কথা ভাল পোৱা নাছিল স্বামী ৰাহুল তিৱাৰীয়ে। তেওঁ লাহে লাহে স্বপ্নাক সন্দেহ কৰিবলৈ ধৰিলে আৰু স্বপ্নাৰ জনপ্ৰিয়তা দিনক দিনে বৃদ্ধি পোৱাকলৈ তেওঁ জ্বলি-পুৰি মৰিবলৈ ধৰিলে।

সন্দেহৰ বাবে ৰাহুল আৰু স্বপ্নাৰ মাজত কাজিয়া তীব্ৰতৰ হৈ পৰিছিল। বৃহস্পতিবাৰে খঙত মদ্যপান কৰা ৰাহুলে স্বপ্নাক বেয়াকৈ প্ৰহাৰ কৰাই নহয় ছাদৰ পৰা ঠেলি গতিয়াই দিয়ে, ফলত মৃত্যুক সাবটে স্বপ্নাই।

এই ঘটনাৰ পাছতেই দুই সন্তানক লগত লৈ পলায়ন কৰে ৰাহুল তিৱাৰীয়ে।

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে হত্যাকাৰী স্বামী ৰাহুল তিৱাৰীক।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ