--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যিকোনো মুহূৰ্ততে হত্যাৰ বলি হ’ব পাৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। কেজৰিৱালক মৃত্যুৰ ভাবুকি প্ৰদান কৰি দিল্লীৰ  ৰাজীৱ চক, পেটেল নগৰ মেট্ৰ' ষ্টেচনত   কেতবোৰ ভাবুকি ভৰা লেখা। আপৰ নেতা সঞ্জয় সিঙে বিজেপিৰ বিৰুদ্ধে উত্থাপন কৰিছে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ওপৰত আক্ৰমণৰ ষড়যন্ত্ৰ ৰচনা কৰাৰ অভিযোগ । কেজৰিৱালক হত্যাৰ ভাবুকি দি  ৰাজীৱ চক আৰু পেটেল নগৰ মেট্ৰ' ষ্টেচনত  লেখাৰে আঁৰত বিজেপিৰ হাত থকা বুলি সিঙে গুৰুতৰ অভিযোগ কৰিছে।

আপৰ ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙে বিজেপি আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ   চৰকাৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰি কৈছে যে  দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক আক্ৰমণ কৰিবলৈ  প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে ষড়যন্ত্ৰ ৰচনা কৰিছে। সঞ্জয় সিঙে কয়  যে বহুবাৰ বিজেপিয়ে অৰবিন্দ কেজৰিৱালক আক্ৰমণ কৰিবলৈ চেষ্টা কৰিছে। তেওঁক মুকলিকৈ ভাবুকি দিয়া হৈছে। পেটেল নগৰ মেট্ৰ' ষ্টেচন আৰু ৰাজীৱ চক মেট্ৰ' ষ্টেচনত তেনে ভাবুকি ভৰা লেখা আঁৰি দিয়া হৈছে।  সিঙে কয় যে মোদী ঘৃণাৰ ভাৱনা  ইমান বেছি হৈছে  যে তেওঁ যিকোনো স্তৰলৈ নামি  যাব পাৰে।

 সঞ্জয় সিঙে লগতে কয় - "মই চৰকাৰ, প্ৰশাসন আৰু নিৰ্বাচন আয়োগক ক'ব বিচাৰো যে যদি কেজৰিৱালৰ কিবা হয় তেন্তে  বিজেপি আৰু প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়  ইয়াৰ বাবে পোনপটীয়াকৈ দায়ী হ'ব। অংকিত গোৱেল নামৰ এজন ব্যক্তিয়ে পেটেল নগৰ মেট্ৰ' ষ্টেচনত ভাবুকিভৰা পোষ্টাৰ  লিখিছে। যদি আপুনি ইয়াৰ ভাষা পঢ়ে, ঠিক সেয়া  বিজেপিৰেই ভাষা বুলি ধৰিব পাৰিব। কেৱল পেটেল নগৰ মেট্ৰ' ষ্টেচনেই নহয়, মেট্ৰ'ৰ ভিতৰতো কেজৰিৱালক আক্ৰমণ কৰাৰ ভাবুকি দিয়া  হৈছে। ৰাজীৱ চক মেট্ৰ'ত একে ধৰণৰ ভাবুকিভৰা লেখা লিখা হৈছিল। এয়া বিজেপিৰ ভাষা। নিৰ্বাচন আয়োগে তৎক্ষণাৎ এই বিষয়ত  গুৰুত্ব দিব লাগে আৰু ব্যৱস্থা গ্ৰহণ কৰিব লাগে।"

একে সময়তে, এই ঘটনাসন্দৰ্ভত, ডিচিপি মেট্ৰ'ই  কয় যে এই ভাবুকিবোৰ  মেট্ৰ'ৰ ভিতৰত লিখা হৈছিল। আমি অনুসন্ধান কৰি আছো কোনে সেয়া  লিখিছিল। মেট্ৰ'ৰ ভিতৰত থকা চিচিটিভি কেমেৰাবোৰ পৰীক্ষা কৰা হৈছে।  দিল্লী আৰক্ষীয়ে বিষয়টো তদন্ত কৰি আছে।
 



FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু