--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যিকোনো মুহূৰ্ততে হত্যাৰ বলি হ’ব পাৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। কেজৰিৱালক মৃত্যুৰ ভাবুকি প্ৰদান কৰি দিল্লীৰ  ৰাজীৱ চক, পেটেল নগৰ মেট্ৰ' ষ্টেচনত   কেতবোৰ ভাবুকি ভৰা লেখা। আপৰ নেতা সঞ্জয় সিঙে বিজেপিৰ বিৰুদ্ধে উত্থাপন কৰিছে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ওপৰত আক্ৰমণৰ ষড়যন্ত্ৰ ৰচনা কৰাৰ অভিযোগ । কেজৰিৱালক হত্যাৰ ভাবুকি দি  ৰাজীৱ চক আৰু পেটেল নগৰ মেট্ৰ' ষ্টেচনত  লেখাৰে আঁৰত বিজেপিৰ হাত থকা বুলি সিঙে গুৰুতৰ অভিযোগ কৰিছে।

আপৰ ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙে বিজেপি আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ   চৰকাৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰি কৈছে যে  দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক আক্ৰমণ কৰিবলৈ  প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে ষড়যন্ত্ৰ ৰচনা কৰিছে। সঞ্জয় সিঙে কয়  যে বহুবাৰ বিজেপিয়ে অৰবিন্দ কেজৰিৱালক আক্ৰমণ কৰিবলৈ চেষ্টা কৰিছে। তেওঁক মুকলিকৈ ভাবুকি দিয়া হৈছে। পেটেল নগৰ মেট্ৰ' ষ্টেচন আৰু ৰাজীৱ চক মেট্ৰ' ষ্টেচনত তেনে ভাবুকি ভৰা লেখা আঁৰি দিয়া হৈছে।  সিঙে কয় যে মোদী ঘৃণাৰ ভাৱনা  ইমান বেছি হৈছে  যে তেওঁ যিকোনো স্তৰলৈ নামি  যাব পাৰে।

 সঞ্জয় সিঙে লগতে কয় - "মই চৰকাৰ, প্ৰশাসন আৰু নিৰ্বাচন আয়োগক ক'ব বিচাৰো যে যদি কেজৰিৱালৰ কিবা হয় তেন্তে  বিজেপি আৰু প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়  ইয়াৰ বাবে পোনপটীয়াকৈ দায়ী হ'ব। অংকিত গোৱেল নামৰ এজন ব্যক্তিয়ে পেটেল নগৰ মেট্ৰ' ষ্টেচনত ভাবুকিভৰা পোষ্টাৰ  লিখিছে। যদি আপুনি ইয়াৰ ভাষা পঢ়ে, ঠিক সেয়া  বিজেপিৰেই ভাষা বুলি ধৰিব পাৰিব। কেৱল পেটেল নগৰ মেট্ৰ' ষ্টেচনেই নহয়, মেট্ৰ'ৰ ভিতৰতো কেজৰিৱালক আক্ৰমণ কৰাৰ ভাবুকি দিয়া  হৈছে। ৰাজীৱ চক মেট্ৰ'ত একে ধৰণৰ ভাবুকিভৰা লেখা লিখা হৈছিল। এয়া বিজেপিৰ ভাষা। নিৰ্বাচন আয়োগে তৎক্ষণাৎ এই বিষয়ত  গুৰুত্ব দিব লাগে আৰু ব্যৱস্থা গ্ৰহণ কৰিব লাগে।"

একে সময়তে, এই ঘটনাসন্দৰ্ভত, ডিচিপি মেট্ৰ'ই  কয় যে এই ভাবুকিবোৰ  মেট্ৰ'ৰ ভিতৰত লিখা হৈছিল। আমি অনুসন্ধান কৰি আছো কোনে সেয়া  লিখিছিল। মেট্ৰ'ৰ ভিতৰত থকা চিচিটিভি কেমেৰাবোৰ পৰীক্ষা কৰা হৈছে।  দিল্লী আৰক্ষীয়ে বিষয়টো তদন্ত কৰি আছে।
 



FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ