--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিয়া পাতিলে বুলিয়ে স্বামীয়ে পত্নীৰ ওপৰত নিৰ্যাতন চলোৱাৰ লাইচেন্স লাভ নকৰে। ধৰ্ষণ সম্পৰ্কে বুধবাৰে কৰ্ণাটক উচ্চ ন্যায়ালয়ে এক গুৰুত্বপূৰ্ণ মন্তব্য কৰি এনেদৰে কয়। বিয়া পতা মানেই এজন ব্যক্তিয়ে নিষ্ঠুৰ জন্তুৰ দৰে আচৰণ কৰাৰ লাইচেন্স লাভ নকৰে বুলিও মন্তব্য কৰে কৰ্ণাটক উচ্চ ন্যায়ালয়ে। এগৰাকী পত্নীয়ে দাখিল কৰা ধৰ্ষণৰ গোচৰ সন্দৰ্ভত এজন স্বামীয়ে দাখিল কৰা আবেদন সম্পৰ্কত শুনানি গ্ৰহণ কৰি কৰ্ণাটক উচ্চ ন্যায়ালয়ে কয় যে ''ধৰ্ষণ ধৰ্ষণে.. সেয়া পত্নীৰ ওপৰতে হওঁক অথবা অন্য মহিলাৰ সৈতে হওঁক।'' ন্যায়াধীশ এম নাগাপ্ৰসন্নই ধৰ্ষণৰ আবেদনৰ শুনানিত কঠোৰভাৱে উল্লেখ কৰি কয় ''ধৰ্ষণ ধৰ্ষণে, সেয়া এজন পুৰুষে বা হওঁক এজন স্বামীয়ে হওঁক পত্নীৰ লগতে হওঁক অথবা অন্য মহিলাৰ সৈতে হওঁক।” ন্যায়াধীশ এম নাগাপ্ৰসন্নই স্বামী পত্নীৰ শৰীৰ আৰু মনৰ ওপৰত শাসক নহয় বুলিও গুৰুত্বপূৰ্ণ মন্তব্য কৰে। বিবাহে এগৰাকী মহিলাৰ ওপৰত এজন পুৰুষক নিজৰ অধিকাৰ সাব্যস্ত কৰাৰ বাবে কোনোধৰণৰ অধিকাৰ প্ৰদান নকৰে বুলিও কৰ্ণাটক উচ্চ ন্যায়ালয়ে স্পষ্ট ভাষাৰে উল্লেখ কৰে। ন্যায়াধীশগৰাকীয়ে লগতে কয় স্বাধীনতাৰ পাছত আমাৰ সংবিধানত পুৰুষ আৰু মহিলাসকলক সমান অধিকাৰ দিয়া হৈছে।লাইভ ল' অনুসৰি, আদালতে ৰায়টোত কৈছিল যে এজন স্বামীয়ে তেওঁৰ পত্নীৰ ইচ্ছাৰ বিৰুদ্ধে বলপূৰ্বক যৌন সম্ভোগ কৰাটো এক অপৰাধ। ই মহিলাগৰাকীক কেৱল শাৰীৰিকভাৱেই নহয়, মানসিকভাৱেও প্ৰভাৱিত কৰে। এইটোৱে তেওঁৰ আত্মাক চিৰদিনৰ বাবে আঘাতপ্ৰাপ্ত কৰি ৰাখে। এনে পৰিস্থিতিত যদি যিকোনো পুৰুষে তেওঁৰ পত্নীক ধৰ্ষণ কৰে তেওঁক ধাৰা ৩৭৬-ৰ অধীনত শাস্তি বিহাৰ আইন আছে। আৰু পঢ়কঃ শক্তি বৃদ্ধি হ’ল ভাৰতৰ! ব্ৰাহ্ম’ছ ছুপাৰচনিক ক্ৰুজ মিছাইলৰ সফল পৰীক্ষণ সম্পন্ন PCA Banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন