--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিয়া পাতিলে বুলিয়ে স্বামীয়ে পত্নীৰ ওপৰত নিৰ্যাতন চলোৱাৰ লাইচেন্স লাভ নকৰে। ধৰ্ষণ সম্পৰ্কে বুধবাৰে কৰ্ণাটক উচ্চ ন্যায়ালয়ে এক গুৰুত্বপূৰ্ণ মন্তব্য কৰি এনেদৰে কয়। বিয়া পতা মানেই এজন ব্যক্তিয়ে নিষ্ঠুৰ জন্তুৰ দৰে আচৰণ কৰাৰ লাইচেন্স লাভ নকৰে বুলিও মন্তব্য কৰে কৰ্ণাটক উচ্চ ন্যায়ালয়ে। এগৰাকী পত্নীয়ে দাখিল কৰা ধৰ্ষণৰ গোচৰ সন্দৰ্ভত এজন স্বামীয়ে দাখিল কৰা আবেদন সম্পৰ্কত শুনানি গ্ৰহণ কৰি কৰ্ণাটক উচ্চ ন্যায়ালয়ে কয় যে ''ধৰ্ষণ ধৰ্ষণে.. সেয়া পত্নীৰ ওপৰতে হওঁক অথবা অন্য মহিলাৰ সৈতে হওঁক।'' ন্যায়াধীশ এম নাগাপ্ৰসন্নই ধৰ্ষণৰ আবেদনৰ শুনানিত কঠোৰভাৱে উল্লেখ কৰি কয় ''ধৰ্ষণ ধৰ্ষণে, সেয়া এজন পুৰুষে বা হওঁক এজন স্বামীয়ে হওঁক পত্নীৰ লগতে হওঁক অথবা অন্য মহিলাৰ সৈতে হওঁক।” ন্যায়াধীশ এম নাগাপ্ৰসন্নই স্বামী পত্নীৰ শৰীৰ আৰু মনৰ ওপৰত শাসক নহয় বুলিও গুৰুত্বপূৰ্ণ মন্তব্য কৰে। বিবাহে এগৰাকী মহিলাৰ ওপৰত এজন পুৰুষক নিজৰ অধিকাৰ সাব্যস্ত কৰাৰ বাবে কোনোধৰণৰ অধিকাৰ প্ৰদান নকৰে বুলিও কৰ্ণাটক উচ্চ ন্যায়ালয়ে স্পষ্ট ভাষাৰে উল্লেখ কৰে। ন্যায়াধীশগৰাকীয়ে লগতে কয় স্বাধীনতাৰ পাছত আমাৰ সংবিধানত পুৰুষ আৰু মহিলাসকলক সমান অধিকাৰ দিয়া হৈছে।লাইভ ল' অনুসৰি, আদালতে ৰায়টোত কৈছিল যে এজন স্বামীয়ে তেওঁৰ পত্নীৰ ইচ্ছাৰ বিৰুদ্ধে বলপূৰ্বক যৌন সম্ভোগ কৰাটো এক অপৰাধ। ই মহিলাগৰাকীক কেৱল শাৰীৰিকভাৱেই নহয়, মানসিকভাৱেও প্ৰভাৱিত কৰে। এইটোৱে তেওঁৰ আত্মাক চিৰদিনৰ বাবে আঘাতপ্ৰাপ্ত কৰি ৰাখে। এনে পৰিস্থিতিত যদি যিকোনো পুৰুষে তেওঁৰ পত্নীক ধৰ্ষণ কৰে তেওঁক ধাৰা ৩৭৬-ৰ অধীনত শাস্তি বিহাৰ আইন আছে। আৰু পঢ়কঃ শক্তি বৃদ্ধি হ’ল ভাৰতৰ! ব্ৰাহ্ম’ছ ছুপাৰচনিক ক্ৰুজ মিছাইলৰ সফল পৰীক্ষণ সম্পন্ন PCA Banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
লালকিল্লাত দুটা সোণৰ কলহকে ধৰি ১.৫ কোটি টকাৰ সামগ্ৰী চুৰি
জাপানত ৰাজনৈতিক অস্থিৰতা! প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই কৰিলে পদত্যাগ
চীনক ৭-০ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ
আজি দৃশ্যমান হ'ব পূর্ণ চন্দ্রগ্রহণ; জানো আহক কেনেদৰে প্ৰত্যক্ষ কৰিব
ভাৰত-আমেৰিকাৰ সম্পৰ্কক লৈ দুশ্চিন্তাৰ কোনো কাৰণ নাই: ট্রাম্প
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
অসমৰ যুৱকৰ থাইলেণ্ডত ৰহস্যজনক মৃত্যু
খালী পেটত কেঁচা নহৰু খালে নানা উপকাৰ পোৱা যায়! জানি লওক সৱিশেষ
নিতৌ চুৰিকাণ্ডৰে ৰাইজৰ নিদ্ৰা হৰণ কৰা কুখ্যাত চোৰৰ দলক গ্ৰেপ্তাৰ মঙলদৈ আৰক্ষীৰ
গোৱালপাৰা আৰক্ষীৰ সফলতা! তিনিটা দুৰ্ধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ
চীন-ভাৰতে মিলি শক্তিশালী কৰিব এছিয়াক
‘ভাৰতৰ সৈতে সম্পৰ্ক ৰাজনীতি নহয় বিশ্বাসহে’, পুটিন-মোদীৰ যুগলবন্দী দেখি স্তম্ভিত হ’ব ড’নাল্ড ট্ৰাম্প!
বিশ্ব চেম্পিয়নশ্বিপত পদকৰ লক্ষ্য লাভলীনাৰ
ককিলামুখৰ কুৰিখন ৰাজহ গাঁৱলৈ ভাবুকি