--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতে প্ৰতিৰক্ষাৰ ক্ষেত্ৰত আন এক ডাঙৰ সফলতা অৰ্জন কৰিছে। বুধবাৰে ব্ৰাহ্ম’ছ ছুপাৰচনিক ক্ৰুজ মিছাইলৰ সফল পৰীক্ষণ সম্পন্ন হয়। এই পৰীক্ষাটো আন্দামান আৰু নিকোবৰত কৰা হৈছিল আৰু এই সময়ছোৱাত বৰ্ধিত পৰিসৰৰ মিছাইলে ইয়াৰ লক্ষ্যত সঠিকভাৱে উপনীত হৈছিল। এই মাহৰ আৰম্ভণিতে ভাৰতীয় নৌসেনাই ইয়াৰ যুদ্ধজাহাজ আইএনএছ চেন্নাইৰ পৰা সাগৰত ব্ৰাহ্ম'ছ ছুপাৰচনিক ক্ৰুজ মিছাইলৰ পৰীক্ষা কৰিছিল। ভাৰতীয় নৌসেনায়ো মাৰ্চ মাহৰ প্ৰথম সপ্তাহত ব্ৰাহ্ম’ছ ক্ৰুজ মিছাইলৰ পৰীক্ষণ সম্পন্ন কৰিছিল। ভাৰতে শেহতীয়াভাৱে বিকাশ সাধন কৰা ব্ৰাহ্ম’ছ ছুপাৰছনিক ক্ৰুজ মিছাইলক ভূপৃষ্ঠৰ পৰা ভূপৃষ্ঠলৈ নিক্ষেপ কৰিব পৰা যাব। ইয়াৰ লক্ষ্যস্থানত আঘাত হানিব পৰা সামৰ্থ্যও ২৯৮ কিলোমিটাৰৰ পৰা ৪৫০ কিলোমিটাৰলৈ বৃদ্ধি কৰা হৈছে। ইতিমধ্যে, ভিয়েটনাম, ইণ্ডোনেছিয়া আদি দেশেও ভাৰতৰ ব্ৰাহ্ম’ছ মিছাইলকলৈ আগ্ৰহ দেখুৱাইছে। উল্লেখ্য যে ভাৰতে ভূমিৰ পৰা ভূমিলৈ, বায়ুৰ পৰা বায়ুলৈ আৰু পানীৰ পৰা বায়ুলৈ নিক্ষেপ কৰিব পৰা ব্ৰাহ্ম’ছ মিছাইলো নিৰ্মাণ কৰি উলিয়াইছে। ভাৰতীয় বায়ু সেনাৰ ছুখয়-৩০ যুঁজাৰু বিমানতো সংযোগ কৰা হৈছে ব্ৰাহ্ম’ছ ছুপাৰছ’নিক মিছাইল। ভাৰতে ৰাছিয়াৰ সহযোগত এই মিছাইল নিৰ্মাণ কৰি উলিয়াইছে। আৰু পঢ়কঃ দিনটো কেনে যাব…জানিবলৈ চাওক ৰাশিফল

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন