--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতে প্ৰতিৰক্ষাৰ ক্ষেত্ৰত আন এক ডাঙৰ সফলতা অৰ্জন কৰিছে। বুধবাৰে ব্ৰাহ্ম’ছ ছুপাৰচনিক ক্ৰুজ মিছাইলৰ সফল পৰীক্ষণ সম্পন্ন হয়। এই পৰীক্ষাটো আন্দামান আৰু নিকোবৰত কৰা হৈছিল আৰু এই সময়ছোৱাত বৰ্ধিত পৰিসৰৰ মিছাইলে ইয়াৰ লক্ষ্যত সঠিকভাৱে উপনীত হৈছিল। এই মাহৰ আৰম্ভণিতে ভাৰতীয় নৌসেনাই ইয়াৰ যুদ্ধজাহাজ আইএনএছ চেন্নাইৰ পৰা সাগৰত ব্ৰাহ্ম'ছ ছুপাৰচনিক ক্ৰুজ মিছাইলৰ পৰীক্ষা কৰিছিল। ভাৰতীয় নৌসেনায়ো মাৰ্চ মাহৰ প্ৰথম সপ্তাহত ব্ৰাহ্ম’ছ ক্ৰুজ মিছাইলৰ পৰীক্ষণ সম্পন্ন কৰিছিল। ভাৰতে শেহতীয়াভাৱে বিকাশ সাধন কৰা ব্ৰাহ্ম’ছ ছুপাৰছনিক ক্ৰুজ মিছাইলক ভূপৃষ্ঠৰ পৰা ভূপৃষ্ঠলৈ নিক্ষেপ কৰিব পৰা যাব। ইয়াৰ লক্ষ্যস্থানত আঘাত হানিব পৰা সামৰ্থ্যও ২৯৮ কিলোমিটাৰৰ পৰা ৪৫০ কিলোমিটাৰলৈ বৃদ্ধি কৰা হৈছে। ইতিমধ্যে, ভিয়েটনাম, ইণ্ডোনেছিয়া আদি দেশেও ভাৰতৰ ব্ৰাহ্ম’ছ মিছাইলকলৈ আগ্ৰহ দেখুৱাইছে। উল্লেখ্য যে ভাৰতে ভূমিৰ পৰা ভূমিলৈ, বায়ুৰ পৰা বায়ুলৈ আৰু পানীৰ পৰা বায়ুলৈ নিক্ষেপ কৰিব পৰা ব্ৰাহ্ম’ছ মিছাইলো নিৰ্মাণ কৰি উলিয়াইছে। ভাৰতীয় বায়ু সেনাৰ ছুখয়-৩০ যুঁজাৰু বিমানতো সংযোগ কৰা হৈছে ব্ৰাহ্ম’ছ ছুপাৰছ’নিক মিছাইল। ভাৰতে ৰাছিয়াৰ সহযোগত এই মিছাইল নিৰ্মাণ কৰি উলিয়াইছে। আৰু পঢ়কঃ দিনটো কেনে যাব…জানিবলৈ চাওক ৰাশিফল

FOLLOW US F
POPULAR
FEATURE
TRENDY
লালকিল্লাত দুটা সোণৰ কলহকে ধৰি ১.৫ কোটি টকাৰ সামগ্ৰী চুৰি
জাপানত ৰাজনৈতিক অস্থিৰতা! প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই কৰিলে পদত্যাগ
চীনক ৭-০ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ
আজি দৃশ্যমান হ'ব পূর্ণ চন্দ্রগ্রহণ; জানো আহক কেনেদৰে প্ৰত্যক্ষ কৰিব
ভাৰত-আমেৰিকাৰ সম্পৰ্কক লৈ দুশ্চিন্তাৰ কোনো কাৰণ নাই: ট্রাম্প
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
অসমৰ যুৱকৰ থাইলেণ্ডত ৰহস্যজনক মৃত্যু
খালী পেটত কেঁচা নহৰু খালে নানা উপকাৰ পোৱা যায়! জানি লওক সৱিশেষ
নিতৌ চুৰিকাণ্ডৰে ৰাইজৰ নিদ্ৰা হৰণ কৰা কুখ্যাত চোৰৰ দলক গ্ৰেপ্তাৰ মঙলদৈ আৰক্ষীৰ
গোৱালপাৰা আৰক্ষীৰ সফলতা! তিনিটা দুৰ্ধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ
চীন-ভাৰতে মিলি শক্তিশালী কৰিব এছিয়াক
‘ভাৰতৰ সৈতে সম্পৰ্ক ৰাজনীতি নহয় বিশ্বাসহে’, পুটিন-মোদীৰ যুগলবন্দী দেখি স্তম্ভিত হ’ব ড’নাল্ড ট্ৰাম্প!
বিশ্ব চেম্পিয়নশ্বিপত পদকৰ লক্ষ্য লাভলীনাৰ
ককিলামুখৰ কুৰিখন ৰাজহ গাঁৱলৈ ভাবুকি