--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এজন যুৱকে এগৰাকী যুৱতীক চাৰি বছৰ ধৰি নিজৰ লগত ৰাখিছিল আৰু মানুহক পত্নী বুলি চিনাকি দিছিল। যুৱতীগৰাকীয়ে এটি কন্যা সন্তান জন্ম দিয়াৰ পাছতেই লাগিল লেঠা। কন্যা সন্তান জন্ম দিয়াৰ পাছত যুৱকজনে যুৱতীগৰাকীক বিয়া কৰিবলৈ অস্বীকাৰ কৰে। 

কেৱল এয়াই নহয় যুৱকজনে যুৱতীগৰাকীক এৰি থৈ ঘৰৰ সকলো সা-সামগ্ৰী লৈ পলাই যায়। এতিয়া অভিযুক্তৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ এছএছপিক অনুৰোধ জনাইছে ভুক্তভোগী যুৱতীগৰাকীয়ে।

এই ঘটনা সংঘটিত হৈছে মুজাফ্ফৰনগৰত। দক্ষিণ কল্যাণপুৰীৰ নগৰ কোটৱালি অঞ্চলৰ বাসিন্দা এগৰাকী যুৱতীয়ে জনোৱা মতে, ২০১৬ চনৰ ফেব্ৰুৱাৰী মাহত আৰিফ খান নামৰ এজন লোকৰ সৈতে তেওঁৰ বিবাহ হৈছিল। তেওঁলোকৰ চাৰি বছৰীয়া পুত্ৰ সন্তান এটিও আছিল। সেই সময়তে যুৱতীগৰাকীয়ে জীশানক লগ পায়। সেই চিনাকি প্ৰেমলৈ পৰিণত হ’ল। ইয়াৰ পিছত জীশান খানে তেওঁক বিয়া কৰাম বুলি কৈ মুজাফ্ফৰ্নগৰলৈ আনি একেলগে থাকিবলৈ আৰম্ভ কৰিলে। জীশান খানে কিন্তু যুৱতীগৰাকীক বিয়া নকৰোৱাকৈয়ে লগত ৰাখিছিল।

কন্যা সন্তান জন্ম দিয়াৰ পাছত যুৱতীগৰাকীয়ে জীশানক বিয়া পাতিবলৈ হেঁচা দিলে। তাৰপাছতে ঘৰৰ সকলো সামগ্ৰী সংগ্ৰহ কৰি জীশানে কাছগঞ্জলৈ পলায়ন কৰে। তেতিয়াৰ পৰাই অভিযুক্তৰ মোবাইল বন্ধ হৈ আছে। ভুক্তভোগী যুৱতীগৰাকীক ব্যৱস্থা গ্ৰহণৰ আশ্বাস আৰক্ষীয়ে।









 










FOLLOW US F
POPULAR
FEATURE
TRENDY
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
মুখ্যমন্ত্রী ফড়নবিছক সাক্ষাৎ ৰাজ থাকৰেৰ! মহাৰাষ্ট্ৰত পুনৰ ৰাজনৈতিক সমীকৰণ সলনিৰ সম্ভাৱনা
ৰাজ্যত এতিয়াৰ পৰা ১৮ বছৰৰ ওপৰৰ কোনো নাগৰিকে নতুনকৈ নাপাব আধাৰ কাৰ্ড
শোৱাৰ সময়ত তলুৱাত বিষ আৰু জ্বলা-পোৰা হয় যদি ইয়াক আওকাণ নকৰিব
বিখ্যাত সাঁতোৰবিদ বুলা চৌধুৰীৰ ঘৰত ৫ বাৰকৈ চুৰিকাণ্ড! পদ্মশ্ৰী বঁটা, ৰাষ্ট্ৰপতিৰ বঁটা,  কেইবাটাও সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক আৰু বিদেশী বঁটা চুৰি
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ