--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এজন যুৱকে এগৰাকী যুৱতীক চাৰি বছৰ ধৰি নিজৰ লগত ৰাখিছিল আৰু মানুহক পত্নী বুলি চিনাকি দিছিল। যুৱতীগৰাকীয়ে এটি কন্যা সন্তান জন্ম দিয়াৰ পাছতেই লাগিল লেঠা। কন্যা সন্তান জন্ম দিয়াৰ পাছত যুৱকজনে যুৱতীগৰাকীক বিয়া কৰিবলৈ অস্বীকাৰ কৰে। 

কেৱল এয়াই নহয় যুৱকজনে যুৱতীগৰাকীক এৰি থৈ ঘৰৰ সকলো সা-সামগ্ৰী লৈ পলাই যায়। এতিয়া অভিযুক্তৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ এছএছপিক অনুৰোধ জনাইছে ভুক্তভোগী যুৱতীগৰাকীয়ে।

এই ঘটনা সংঘটিত হৈছে মুজাফ্ফৰনগৰত। দক্ষিণ কল্যাণপুৰীৰ নগৰ কোটৱালি অঞ্চলৰ বাসিন্দা এগৰাকী যুৱতীয়ে জনোৱা মতে, ২০১৬ চনৰ ফেব্ৰুৱাৰী মাহত আৰিফ খান নামৰ এজন লোকৰ সৈতে তেওঁৰ বিবাহ হৈছিল। তেওঁলোকৰ চাৰি বছৰীয়া পুত্ৰ সন্তান এটিও আছিল। সেই সময়তে যুৱতীগৰাকীয়ে জীশানক লগ পায়। সেই চিনাকি প্ৰেমলৈ পৰিণত হ’ল। ইয়াৰ পিছত জীশান খানে তেওঁক বিয়া কৰাম বুলি কৈ মুজাফ্ফৰ্নগৰলৈ আনি একেলগে থাকিবলৈ আৰম্ভ কৰিলে। জীশান খানে কিন্তু যুৱতীগৰাকীক বিয়া নকৰোৱাকৈয়ে লগত ৰাখিছিল।

কন্যা সন্তান জন্ম দিয়াৰ পাছত যুৱতীগৰাকীয়ে জীশানক বিয়া পাতিবলৈ হেঁচা দিলে। তাৰপাছতে ঘৰৰ সকলো সামগ্ৰী সংগ্ৰহ কৰি জীশানে কাছগঞ্জলৈ পলায়ন কৰে। তেতিয়াৰ পৰাই অভিযুক্তৰ মোবাইল বন্ধ হৈ আছে। ভুক্তভোগী যুৱতীগৰাকীক ব্যৱস্থা গ্ৰহণৰ আশ্বাস আৰক্ষীয়ে।









 










FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস