--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ একাংশ মহিলা মল্লযোদ্ধাক  যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত অভিযুক্ত ৰেছলিং ফেডাৰেচন অৱ ইণ্ডিয়াৰ মুৰব্বী ব্ৰিজ ভূষণ শৰণ সিঙৰ সমৰ্থনত অহা সপ্তাহতঅযোধ্যাৰ সাধুৰ  এটা দলে এক সমদল কৰিব। সাধুসকলে লগতে কয় যে তেওঁলোকে যৌন অপৰাধৰ পৰা শিশুক  সুৰক্ষা দিয়া পকচো আইনৰ বিৰুদ্ধেও প্ৰতিবাদ কৰিব। 

সেইসকলল সাধুৱে  দাবী কৰে যে "আইন খনত বহুতো ত্ৰুটি তথা  ত্ৰুটিপূৰ্ণ ধাৰা আছে"। সাক্ষী মালিক, বিনেশ ফোগাট আৰু বজৰং পুনিয়াকে ধৰি দেশৰ শীৰ্ষ মল্লযোদ্ধাসকলে ভাৰতীয় কুস্তি ফেডাৰেচন (ডব্লিউএফআই)ৰ মুৰব্বী তথা বিজেপিৰ সাংসদ সিঙৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। যৌন নিৰ্যাতনৰ অভিযোগত সুঙক  গ্ৰেপ্তাৰ কৰাৰ দাবী উঠিছে।

কিন্তু চৰকাৰে এই বিষয়ত কোনো গুৰুত্বই দিয়া নাই। বিজেপিৰ নেতা হোৱা বাবেই চৰকাৰে সিঙক ৰক্ষণাবেক্ষণ দিয়াৰো অভিযোগ উঠিছে। অযোধ্যাৰ সাধুসকলে কৈছে যে তেওঁলোকে ৫ জুনত অযোধ্যাৰ ৰাম কথা উদ্যানত সিঙৰ সমৰ্থনত সমদল  উলিয়াব।এই সন্দৰ্ভত মহন্ত সতীয়েন্দ্ৰ দাসে কয়" আমি অযোধ্যাৰ সাধুসকল আৰু দেশৰ অন্যান্য ধৰ্মীয় স্থানৰ লোকসকলে ব্ৰিজ ভূষণ শৰণ সিঙৰ সপক্ষে সমদল অনুষ্ঠিত কৰিম," ।

মহন্ত সতীয়েন্দ্ৰ দাসে লগতে কয়  যে তেওঁলোকে পকচো আইনৰো বিৰোধিতা কৰিব কিয়নো আইনখনত বহুতো ত্ৰুটি আৰু ত্ৰুটিপূৰ্ণ ধাৰা আছে। ব্ৰিজ ভূষণ শৰণ সিঙৰ এজন ঘনিষ্ঠ সহযোগী আৰু ব্যক্তিগত সহায়ক সুভাষ সিঙে কয়, "দেশৰ জ্যেষ্ঠ সাধুসকলৰ   আহ্বানত সমদলটোৰ আয়োজন কৰা হৈছে।" হৰিদ্বাৰ, কাশী, মথুৰা আৰু দেশৰ অন্যান্য মন্দিৰকে ধৰি বিভিন্ন স্থানৰ সাধুসকলে সমদলটোত অংশগ্ৰহণ কৰিব বুলিও তেওঁ কয়।






FOLLOW US F
POPULAR
FEATURE
TRENDY
শিলচৰত মৰ্মান্তিক ঘটনা! পুত্ৰই কৰা অপৰাধ সহ্য কৰিব নোৱাৰি চৰম সিদ্ধান্ত পিতৃৰ
ত্ৰিফলাৰ আছে আশ্বৰ্যকৰী গুণ! ই কেনেকৈ আপোনাৰ স্বাস্থ্য উন্নত কৰিব পাৰে জানো আহক
জৰুৰীকালীন সময়ত কৰা হৈছিল ১.০৭ কোটি লোকক বন্ধ্যাকৰণ
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা
স্বাধীনতা দিৱসৰ দিনটোতে আৰক্ষীৰ জালত পৰিল স্বাধীন বৰা সহ চাৰি ড্ৰাগছ সৰবৰাহকাৰী
শোৱাৰ সময়ত তলুৱাত বিষ আৰু জ্বলা-পোৰা হয় যদি ইয়াক আওকাণ নকৰিব