--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ একাংশ মহিলা মল্লযোদ্ধাক  যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত অভিযুক্ত ৰেছলিং ফেডাৰেচন অৱ ইণ্ডিয়াৰ মুৰব্বী ব্ৰিজ ভূষণ শৰণ সিঙৰ সমৰ্থনত অহা সপ্তাহতঅযোধ্যাৰ সাধুৰ  এটা দলে এক সমদল কৰিব। সাধুসকলে লগতে কয় যে তেওঁলোকে যৌন অপৰাধৰ পৰা শিশুক  সুৰক্ষা দিয়া পকচো আইনৰ বিৰুদ্ধেও প্ৰতিবাদ কৰিব। 

সেইসকলল সাধুৱে  দাবী কৰে যে "আইন খনত বহুতো ত্ৰুটি তথা  ত্ৰুটিপূৰ্ণ ধাৰা আছে"। সাক্ষী মালিক, বিনেশ ফোগাট আৰু বজৰং পুনিয়াকে ধৰি দেশৰ শীৰ্ষ মল্লযোদ্ধাসকলে ভাৰতীয় কুস্তি ফেডাৰেচন (ডব্লিউএফআই)ৰ মুৰব্বী তথা বিজেপিৰ সাংসদ সিঙৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। যৌন নিৰ্যাতনৰ অভিযোগত সুঙক  গ্ৰেপ্তাৰ কৰাৰ দাবী উঠিছে।

কিন্তু চৰকাৰে এই বিষয়ত কোনো গুৰুত্বই দিয়া নাই। বিজেপিৰ নেতা হোৱা বাবেই চৰকাৰে সিঙক ৰক্ষণাবেক্ষণ দিয়াৰো অভিযোগ উঠিছে। অযোধ্যাৰ সাধুসকলে কৈছে যে তেওঁলোকে ৫ জুনত অযোধ্যাৰ ৰাম কথা উদ্যানত সিঙৰ সমৰ্থনত সমদল  উলিয়াব।এই সন্দৰ্ভত মহন্ত সতীয়েন্দ্ৰ দাসে কয়" আমি অযোধ্যাৰ সাধুসকল আৰু দেশৰ অন্যান্য ধৰ্মীয় স্থানৰ লোকসকলে ব্ৰিজ ভূষণ শৰণ সিঙৰ সপক্ষে সমদল অনুষ্ঠিত কৰিম," ।

মহন্ত সতীয়েন্দ্ৰ দাসে লগতে কয়  যে তেওঁলোকে পকচো আইনৰো বিৰোধিতা কৰিব কিয়নো আইনখনত বহুতো ত্ৰুটি আৰু ত্ৰুটিপূৰ্ণ ধাৰা আছে। ব্ৰিজ ভূষণ শৰণ সিঙৰ এজন ঘনিষ্ঠ সহযোগী আৰু ব্যক্তিগত সহায়ক সুভাষ সিঙে কয়, "দেশৰ জ্যেষ্ঠ সাধুসকলৰ   আহ্বানত সমদলটোৰ আয়োজন কৰা হৈছে।" হৰিদ্বাৰ, কাশী, মথুৰা আৰু দেশৰ অন্যান্য মন্দিৰকে ধৰি বিভিন্ন স্থানৰ সাধুসকলে সমদলটোত অংশগ্ৰহণ কৰিব বুলিও তেওঁ কয়।






FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস