--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বিয়া পাতিম বুলি ভাবিলেই নহ'ব। আগতে ল'ব লাগিব চৰকাৰৰ অনুমতি। ভয় নাখাব, এই নিয়ম ভাৰতৰ বাবে নহয়। এই নিয়ম নতুনকৈ বান্ধি দিয়া হৈছে শ্ৰীলংকাৰ বাবে। এতিয়াৰে পৰা শ্ৰীলংকাৰ যুৱতীৰ সৈতে বিয়াত বহিব বিচাৰিলে শ্ৰীলংকাৰ চৰকাৰৰ পৰা অনুমতি ল’ব লাগিব। দেশখনৰ প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ৰ পৰা যুৱকসকলে ল'ব লাগিব অনুমতি। অৱশ্যে দৰা যদি শ্ৰীলংকাৰ হয় তেন্তে অনুমতি ল'ব নালাগে। যদিহে বিদেশী হয় তেতিয়া চৰকাৰৰ অনুমতি লোৱাটো বাধ্যতামূলক কৰা হৈছে।

আৰু পঢ়কঃ আজৱ খবৰ! অসমৰ এখন গাঁৱত ছাগলীয়ে জন্ম দিলে মানুহ আকৃতিৰ পোৱালি

মূলতঃ সুৰক্ষাজনিত কাৰণৰ বাবেই বিদেশী লোকে শ্ৰীলংকাৰ যুৱতীক বিয়া পাতিব বিচাৰিলে অনুমতি লোৱাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি শ্ৰীলংকাৰ চৰকাৰৰ তৰফৰ পৰা স্পষ্ট কৰি দিয়া হৈছে। ২০২২ চনৰ ১ জানুৱাৰীৰ পৰা এই নতুন নিয়ম কাৰ্য্যকৰী হ’ব। শ্ৰীলংকাৰ বহু যুৱতী বিদেশী যুৱকৰ সৈতে বিয়াত বহাৰ পাছত সেই যুৱতীসকলে পৰৱৰ্তী সময়ত বিভিন্ন কাৰণত বিভিন্ন সমস্যাৰ সন্মুখীন হয়। কোনো যুৱতী যাতে বিবাহৰ পাছত সমস্যাৰ সন্মুখীন নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি জনায় শ্ৰীলংকাৰ প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে।

তদুপৰি শ্ৰীলংকাৰ আভ্যন্তৰীণ সুৰক্ষাৰ ক্ষেত্ৰত ইয়াৰ সম্পৰ্ক আছে বুলি এক সূত্ৰত প্ৰকাশ পাইছে। দুখন দেশৰ মাজত সম্পৰ্ক স্থাপন হোৱাৰ পাছত মাদক দ্ৰব্য সৰবৰাহ কৰাও সহজ হৈ পৰে, গতিকে এনেবোৰ দিশ বন্ধ কৰিবৰ বাবে এনে সিদ্ধান্ত লোৱা হৈছে বুলি জনায় দেশখনৰ চৰকাৰে। শ্ৰীলংকা চৰকাৰৰ এই পদক্ষেপক বহু লোকে আদৰণি জনাইছে যদিও একাংশই এয়া বৈষম্যমূলক আচৰণ বুলি সমালোচনা কৰিছে।

আৰু পঢ়কঃ নিকৃষ্ট! মুখ্যমন্ত্ৰী আহিব বুলি অঘৰী যুৱকক বলপূৰ্বক উঠাই জন্তুৰ গাড়ীত ভৰালে আৰক্ষীয়ে!


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ