--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বিয়া পাতিম বুলি ভাবিলেই নহ'ব। আগতে ল'ব লাগিব চৰকাৰৰ অনুমতি। ভয় নাখাব, এই নিয়ম ভাৰতৰ বাবে নহয়। এই নিয়ম নতুনকৈ বান্ধি দিয়া হৈছে শ্ৰীলংকাৰ বাবে। এতিয়াৰে পৰা শ্ৰীলংকাৰ যুৱতীৰ সৈতে বিয়াত বহিব বিচাৰিলে শ্ৰীলংকাৰ চৰকাৰৰ পৰা অনুমতি ল’ব লাগিব। দেশখনৰ প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ৰ পৰা যুৱকসকলে ল'ব লাগিব অনুমতি। অৱশ্যে দৰা যদি শ্ৰীলংকাৰ হয় তেন্তে অনুমতি ল'ব নালাগে। যদিহে বিদেশী হয় তেতিয়া চৰকাৰৰ অনুমতি লোৱাটো বাধ্যতামূলক কৰা হৈছে।

আৰু পঢ়কঃ আজৱ খবৰ! অসমৰ এখন গাঁৱত ছাগলীয়ে জন্ম দিলে মানুহ আকৃতিৰ পোৱালি

মূলতঃ সুৰক্ষাজনিত কাৰণৰ বাবেই বিদেশী লোকে শ্ৰীলংকাৰ যুৱতীক বিয়া পাতিব বিচাৰিলে অনুমতি লোৱাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি শ্ৰীলংকাৰ চৰকাৰৰ তৰফৰ পৰা স্পষ্ট কৰি দিয়া হৈছে। ২০২২ চনৰ ১ জানুৱাৰীৰ পৰা এই নতুন নিয়ম কাৰ্য্যকৰী হ’ব। শ্ৰীলংকাৰ বহু যুৱতী বিদেশী যুৱকৰ সৈতে বিয়াত বহাৰ পাছত সেই যুৱতীসকলে পৰৱৰ্তী সময়ত বিভিন্ন কাৰণত বিভিন্ন সমস্যাৰ সন্মুখীন হয়। কোনো যুৱতী যাতে বিবাহৰ পাছত সমস্যাৰ সন্মুখীন নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি জনায় শ্ৰীলংকাৰ প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে।

তদুপৰি শ্ৰীলংকাৰ আভ্যন্তৰীণ সুৰক্ষাৰ ক্ষেত্ৰত ইয়াৰ সম্পৰ্ক আছে বুলি এক সূত্ৰত প্ৰকাশ পাইছে। দুখন দেশৰ মাজত সম্পৰ্ক স্থাপন হোৱাৰ পাছত মাদক দ্ৰব্য সৰবৰাহ কৰাও সহজ হৈ পৰে, গতিকে এনেবোৰ দিশ বন্ধ কৰিবৰ বাবে এনে সিদ্ধান্ত লোৱা হৈছে বুলি জনায় দেশখনৰ চৰকাৰে। শ্ৰীলংকা চৰকাৰৰ এই পদক্ষেপক বহু লোকে আদৰণি জনাইছে যদিও একাংশই এয়া বৈষম্যমূলক আচৰণ বুলি সমালোচনা কৰিছে।

আৰু পঢ়কঃ নিকৃষ্ট! মুখ্যমন্ত্ৰী আহিব বুলি অঘৰী যুৱকক বলপূৰ্বক উঠাই জন্তুৰ গাড়ীত ভৰালে আৰক্ষীয়ে!


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু