--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ এই পৃথিৱীত কেতিয়াবা বহু আজৱ কাহিনী সংঘটিত হয়। এইবাৰ এক আজৱ কাহিনী সংঘটিত হৈছে আলজেৰিয়াত। এগৰাকী ৭৩ বছৰীয়া আলজেৰিয়ান মহিলাৰ পেটৰ পৰা বাহিৰ কৰা হৈছে এটি stone baby অৰ্থাৎ 'শিলৰ কেঁচুৱা'। ৩৫ বছৰ ধৰি এই মানৱ ভ্ৰুণটো মহিলাগৰাকীৰ পেটত সোমাই আছিল। কিন্তু এই ভ্ৰুণটোৱে মানুহৰ ভ্ৰুণৰ পৰা লাহে লাহে শিলৰ ৰূপ লয়। মহিলাগৰাকীয়ে পেটৰ বিষত ৰ'ব নোৱাৰি চিকিৎসকৰ কাষ চাপে। চিকিৎসকে এক্স-ৰে কৰাৰ পিছত গম পাই যে মহিলাগৰাকীৰ গৰ্ভত এটা ভ্ৰুণ আছে। ৪.৫ পাউণ্ড ওজনৰ সাত মাহৰ ভ্ৰুণটো ৩৫ বছৰ ধৰি মহিলাগৰাকীৰ পেটতে সোমাই থাকে।

ইমান বছৰে কিন্তু তাৰপৰা মহিলাগৰাকীয়ে একো অসুবিধা পোৱা নাছিল। এই ভ্ৰূণটোৱে তেওঁৰ একো ক্ষতি কৰাও নাছিল। কিন্তু শেহতীয়াকৈ হঠাতে তেওঁ গুৰুতৰ পেটৰ বিষত ভূগে। এই পেটৰ বিষেই সকলোকে আচৰিত কৰি তুলিব পৰা এক বিস্ময়কৰ তথ্য উন্মোচন কৰে। চিকিৎসা বিজ্ঞানত এই বিসংগতিক 'লিথোপেডিয়ন' বুলি কোৱা হয়। যেতিয়া গৰ্ভধাৰণ প্ৰক্ৰিয়া জৰায়ুৰ পৰিৱৰ্তে পাকস্থলীত গঠন হয় তেতিয়া এনেদৰে বিসংগতিৰ সৃষ্টি হয়।

সাধাৰণতে যেতিয়া গৰ্ভাৱস্থাত তেজৰ যোগান নাথাকে তেতিয়া ভ্ৰূণটো বিকশিত নহয়, যাৰ ফলত শৰীৰে ভ্ৰূণটো বাহিৰ কৰাৰ কোনো উপায় নাথাকে। ইয়াৰ পাছত শৰীৰে ৰোগ প্ৰতিৰোধ প্ৰক্ৰিয়া ব্যৱহাৰ কৰি লাহে লাহে ভ্ৰূণটো শিললৈ ৰূপান্তৰ কৰে। সেইকাৰণে মহিলাগৰাকীৰ পেটত পোৱা ভ্ৰূণটোক 'শিলৰ কেঁচুৱা' বা stone baby বুলি কোৱা হৈছিল। উল্লেখ্য যে শিলৰ কেঁচুৱা কঢ়িয়াই লৈ ফুৰা ৭৩ বছৰীয়া মহিলাগৰাকীৰ পৰিচয় গোপনে ৰখা হৈছে।

আৰু পঢ়কঃ সঁচাকৈয়ে তাজমহলৰ শ্ৰমিকৰ হাত কাটিছিল নেকি শ্বাহজাহানে? মোদীৰ কাৰ্যক লৈ সৰৱ চৰ্চা


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু