--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ এই পৃথিৱীত কেতিয়াবা বহু আজৱ কাহিনী সংঘটিত হয়। এইবাৰ এক আজৱ কাহিনী সংঘটিত হৈছে আলজেৰিয়াত। এগৰাকী ৭৩ বছৰীয়া আলজেৰিয়ান মহিলাৰ পেটৰ পৰা বাহিৰ কৰা হৈছে এটি stone baby অৰ্থাৎ 'শিলৰ কেঁচুৱা'। ৩৫ বছৰ ধৰি এই মানৱ ভ্ৰুণটো মহিলাগৰাকীৰ পেটত সোমাই আছিল। কিন্তু এই ভ্ৰুণটোৱে মানুহৰ ভ্ৰুণৰ পৰা লাহে লাহে শিলৰ ৰূপ লয়। মহিলাগৰাকীয়ে পেটৰ বিষত ৰ'ব নোৱাৰি চিকিৎসকৰ কাষ চাপে। চিকিৎসকে এক্স-ৰে কৰাৰ পিছত গম পাই যে মহিলাগৰাকীৰ গৰ্ভত এটা ভ্ৰুণ আছে। ৪.৫ পাউণ্ড ওজনৰ সাত মাহৰ ভ্ৰুণটো ৩৫ বছৰ ধৰি মহিলাগৰাকীৰ পেটতে সোমাই থাকে।

ইমান বছৰে কিন্তু তাৰপৰা মহিলাগৰাকীয়ে একো অসুবিধা পোৱা নাছিল। এই ভ্ৰূণটোৱে তেওঁৰ একো ক্ষতি কৰাও নাছিল। কিন্তু শেহতীয়াকৈ হঠাতে তেওঁ গুৰুতৰ পেটৰ বিষত ভূগে। এই পেটৰ বিষেই সকলোকে আচৰিত কৰি তুলিব পৰা এক বিস্ময়কৰ তথ্য উন্মোচন কৰে। চিকিৎসা বিজ্ঞানত এই বিসংগতিক 'লিথোপেডিয়ন' বুলি কোৱা হয়। যেতিয়া গৰ্ভধাৰণ প্ৰক্ৰিয়া জৰায়ুৰ পৰিৱৰ্তে পাকস্থলীত গঠন হয় তেতিয়া এনেদৰে বিসংগতিৰ সৃষ্টি হয়।

সাধাৰণতে যেতিয়া গৰ্ভাৱস্থাত তেজৰ যোগান নাথাকে তেতিয়া ভ্ৰূণটো বিকশিত নহয়, যাৰ ফলত শৰীৰে ভ্ৰূণটো বাহিৰ কৰাৰ কোনো উপায় নাথাকে। ইয়াৰ পাছত শৰীৰে ৰোগ প্ৰতিৰোধ প্ৰক্ৰিয়া ব্যৱহাৰ কৰি লাহে লাহে ভ্ৰূণটো শিললৈ ৰূপান্তৰ কৰে। সেইকাৰণে মহিলাগৰাকীৰ পেটত পোৱা ভ্ৰূণটোক 'শিলৰ কেঁচুৱা' বা stone baby বুলি কোৱা হৈছিল। উল্লেখ্য যে শিলৰ কেঁচুৱা কঢ়িয়াই লৈ ফুৰা ৭৩ বছৰীয়া মহিলাগৰাকীৰ পৰিচয় গোপনে ৰখা হৈছে।

আৰু পঢ়কঃ সঁচাকৈয়ে তাজমহলৰ শ্ৰমিকৰ হাত কাটিছিল নেকি শ্বাহজাহানে? মোদীৰ কাৰ্যক লৈ সৰৱ চৰ্চা


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ