--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাজস্থান বিধানসভাৰ  নিৰ্বাচনৰ দিন  সোমবাৰে নিৰ্বাচন আয়োগে ঘোষণা কৰিছে। ৰাজ্য খনত ২৩ নৱেম্বৰত অনুষ্ঠিত হ'ব নিৰ্বাচন। সেই দিনটো হৈছে দেৱুথানি একাদশীৰ শুভ সময় । গতিকে সেই দিনটোত ৰাজ্যখনত ৫০ হাজাৰতকৈও অধিক বিবাহ অনুষ্ঠিত হ'ব বুলি আশা কৰা হৈছে।

এনে পৰিস্থিতিত, এতিয়া প্ৰশ্ন উত্থাপিত হৈছে যে বিবাহৰ ফলত ভোটদানৰ শতাংশ কমিব পাৰে নেকি? এতিয়া প্ৰায় ৫০,০০০ খন বিয়াৰ অংকটোকলৈয়েই চিন্তিত হৈ পৰিছে বহু প্ৰাৰ্থী। কাৰণ বহুতেই বিয়া থকাৰ অজুহাতত ভোটদান কৰিবলৈ অনীহা প্ৰকাশ কৰাৰ সম্ভাৱনাই অধিক। 

এই দৃষ্টিকোণৰ পৰা বিবাহ আৰু অন্যান্য কাৰ্যসূচীয়ে ভোটদানৰ শতাংশৰ ওপৰত প্ৰভাৱ পেলাব পাৰে নেকি সেই বিষয়েও বহুতকে চিন্তিত কৰিছে।  ২০১৮ চনৰ বিধানসভা নিৰ্বাচনত, ৰাজ্যখনত ৭৪.৭১ শতাংশ ভোটদান হৈছিল। নিৰ্বাচন আয়োগ আৰু প্ৰশাসনে ভোটদানৰ শতাংশ বৃদ্ধি কৰিবলৈ বহু পদক্ষেপ  গ্ৰহণ কৰিছে। ইয়াৰ বাবে নিৰ্বাচন আয়োগে কোটি কোটি টকা ব্যয় কৰি আহিছে। অৱশ্যে, নিৰ্বাচনৰ তাৰিখতে বিয়াৰ সম্ভাৱনাই বহুতকো প্ৰভাৱান্বিত কৰিব।

নিৰ্বাচনৰ দিনটোত ৰাজস্থানত কমেও ২০ লাখ লোকে বিয়া সম্পৰ্কীয় কামত জড়িত থকাৰ সম্ভাৱনা আছে। বিশেষকৈ বিবাহৰ সৈতে জড়িত ব্যৱসায়ৰ সৈতে ২০ লাখতকৈও অধিক ব্যক্তিৰ এক পোনপটীয়া সম্পৰ্ক আছে। টেণ্ট ব্যৱসায়ী, ইভেণ্ট মেনেজাৰ, খাদ্য আদিৰ  ব্যৱসায়ী, বেণ্ড পাৰ্টী ফুল ব্যৱসায়ী, কোৰিঅ'গ্ৰাফাৰ, কেটাৰৰ, ইলেক্ট্ৰিচিয়ান, ৰেচন বিক্ৰেতা, আৰু অন্যান্য ব্যৱসায়িক খণ্ডৰ লগতে আন ভালে সংখ্যক লোক একো খন বিয়াৰ সৈতে জড়িত হৈ পৰে।আনহাতে  পৰিবহণ বিভাগে নিৰ্বাচনৰ সময়ত বাহনসমূহ পৰিচালনা কৰে।

ইয়াৰ ভিতৰত আছে বাছ, জীপ, গাড়ী, টেম্পো, পিকআপ, ট্ৰাক, আৰু আন সকলো প্ৰকাৰৰ বাহন। নিৰ্বাচন সম্পৰ্কীয় সঁজুলি, যেনে ভোটিং মেচিন, ইআইএমএছ (ইভিএম) গোট আদি এঠাইৰ পৰা আন ঠাইলৈ পৰিবহন কৰা হয়। কিন্তু বিবাহৰ শোভাযাত্ৰাৰ বাবে বাহনৰ প্ৰয়োজন। এনে পৰিস্থিতিত প্ৰশ্ন উত্থাপিত হয়  নিৰ্বাচনৰ সময়ত বিয়াত ব্যৱহাৰ কৰিবলৈ  বাহনৰ নাটনি হ’ব নেকি? পৰিবহন ব্যৱসায়ৰ সৈতেজড়িতসকলে  এই সমস্যা সমাধানৰ বাবে যথেষ্ট চিন্তা কৰিবলগীয়া হৈছে।  আনহাতে বিয়া খাবলৈ #োৱা দৰা-কইনাৰ প্ৰায় সংখ্যক আত্মীয়য়ো ভোটদানৰ পৰা আঁতৰি থকাৰ সম্ভাৱনাই অধিক বুলি ধাৰণা কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু