--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাজস্থান বিধানসভাৰ  নিৰ্বাচনৰ দিন  সোমবাৰে নিৰ্বাচন আয়োগে ঘোষণা কৰিছে। ৰাজ্য খনত ২৩ নৱেম্বৰত অনুষ্ঠিত হ'ব নিৰ্বাচন। সেই দিনটো হৈছে দেৱুথানি একাদশীৰ শুভ সময় । গতিকে সেই দিনটোত ৰাজ্যখনত ৫০ হাজাৰতকৈও অধিক বিবাহ অনুষ্ঠিত হ'ব বুলি আশা কৰা হৈছে।

এনে পৰিস্থিতিত, এতিয়া প্ৰশ্ন উত্থাপিত হৈছে যে বিবাহৰ ফলত ভোটদানৰ শতাংশ কমিব পাৰে নেকি? এতিয়া প্ৰায় ৫০,০০০ খন বিয়াৰ অংকটোকলৈয়েই চিন্তিত হৈ পৰিছে বহু প্ৰাৰ্থী। কাৰণ বহুতেই বিয়া থকাৰ অজুহাতত ভোটদান কৰিবলৈ অনীহা প্ৰকাশ কৰাৰ সম্ভাৱনাই অধিক। 

এই দৃষ্টিকোণৰ পৰা বিবাহ আৰু অন্যান্য কাৰ্যসূচীয়ে ভোটদানৰ শতাংশৰ ওপৰত প্ৰভাৱ পেলাব পাৰে নেকি সেই বিষয়েও বহুতকে চিন্তিত কৰিছে।  ২০১৮ চনৰ বিধানসভা নিৰ্বাচনত, ৰাজ্যখনত ৭৪.৭১ শতাংশ ভোটদান হৈছিল। নিৰ্বাচন আয়োগ আৰু প্ৰশাসনে ভোটদানৰ শতাংশ বৃদ্ধি কৰিবলৈ বহু পদক্ষেপ  গ্ৰহণ কৰিছে। ইয়াৰ বাবে নিৰ্বাচন আয়োগে কোটি কোটি টকা ব্যয় কৰি আহিছে। অৱশ্যে, নিৰ্বাচনৰ তাৰিখতে বিয়াৰ সম্ভাৱনাই বহুতকো প্ৰভাৱান্বিত কৰিব।

নিৰ্বাচনৰ দিনটোত ৰাজস্থানত কমেও ২০ লাখ লোকে বিয়া সম্পৰ্কীয় কামত জড়িত থকাৰ সম্ভাৱনা আছে। বিশেষকৈ বিবাহৰ সৈতে জড়িত ব্যৱসায়ৰ সৈতে ২০ লাখতকৈও অধিক ব্যক্তিৰ এক পোনপটীয়া সম্পৰ্ক আছে। টেণ্ট ব্যৱসায়ী, ইভেণ্ট মেনেজাৰ, খাদ্য আদিৰ  ব্যৱসায়ী, বেণ্ড পাৰ্টী ফুল ব্যৱসায়ী, কোৰিঅ'গ্ৰাফাৰ, কেটাৰৰ, ইলেক্ট্ৰিচিয়ান, ৰেচন বিক্ৰেতা, আৰু অন্যান্য ব্যৱসায়িক খণ্ডৰ লগতে আন ভালে সংখ্যক লোক একো খন বিয়াৰ সৈতে জড়িত হৈ পৰে।আনহাতে  পৰিবহণ বিভাগে নিৰ্বাচনৰ সময়ত বাহনসমূহ পৰিচালনা কৰে।

ইয়াৰ ভিতৰত আছে বাছ, জীপ, গাড়ী, টেম্পো, পিকআপ, ট্ৰাক, আৰু আন সকলো প্ৰকাৰৰ বাহন। নিৰ্বাচন সম্পৰ্কীয় সঁজুলি, যেনে ভোটিং মেচিন, ইআইএমএছ (ইভিএম) গোট আদি এঠাইৰ পৰা আন ঠাইলৈ পৰিবহন কৰা হয়। কিন্তু বিবাহৰ শোভাযাত্ৰাৰ বাবে বাহনৰ প্ৰয়োজন। এনে পৰিস্থিতিত প্ৰশ্ন উত্থাপিত হয়  নিৰ্বাচনৰ সময়ত বিয়াত ব্যৱহাৰ কৰিবলৈ  বাহনৰ নাটনি হ’ব নেকি? পৰিবহন ব্যৱসায়ৰ সৈতেজড়িতসকলে  এই সমস্যা সমাধানৰ বাবে যথেষ্ট চিন্তা কৰিবলগীয়া হৈছে।  আনহাতে বিয়া খাবলৈ #োৱা দৰা-কইনাৰ প্ৰায় সংখ্যক আত্মীয়য়ো ভোটদানৰ পৰা আঁতৰি থকাৰ সম্ভাৱনাই অধিক বুলি ধাৰণা কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ