--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুৰীৰ মন্দিৰত এক  নতুন পোছাক সংহিতা প্ৰৱৰ্তন কৰা হ'ব। এই নি.ম অনুসৰি  ফটা জিন্স, হাত  কটা টি-চাৰ্ট বা হাফ পেণ্ট পিন্ধি জগন্নাথ মন্দিৰত প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া নহ'ব। মন্দিৰ কৰ্তৃপক্ষই কৈছে যে মন্দিৰত কোনেও অশালীন কাপোৰ পিন্ধি  প্ৰৱেশ কৰিব নোৱাৰিব। সম্পূৰ্ণ শৰীৰ ঢাকি ৰখা  পোছাক পিন্ধি মন্দিৰত প্ৰৱেশ কৰিবলৈ পৰামৰ্শ আগবঢ়োৱা হৈছে। নতুন নিয়মবোৰ ১ জানুৱাৰী, ২০২৪-ৰ পৰা কাৰ্যকৰী হ'ব।


জগন্নাথ মন্দিৰ কৰ্তৃপক্ষই সোমবাৰে কয়  যে মন্দিৰত প্ৰাৰ্থনা কৰিবলৈ অহা বহুলোকে সঠিক কাপোৰ পিন্ধি নাহে। গতিকে এতিয়া মন্দিৰ কৰ্তৃপক্ষই পোছাক সংহিতা প্ৰৱৰ্তন কৰিবলৈ সিদ্ধান্ত লৈছে। তেওঁলোকে মন্দিৰত প্ৰৱেশ কৰাৰ সময়ত  কেনে কাপোৰ পিন্ধিব, কেনে কাপোৰ নিপিন্ধিব সেই বিষয়ে এক পোছাক সংহিতা প্ৰকাশ কৰিব।  

শ্ৰী জগন্নাথ মন্দিৰ প্ৰাধিকৰণৰ মুখ্য প্ৰশাসক ৰঞ্জন কুমাৰ দাসে কয়, "আমি দৰাচলতে  কোনো নিৰ্দিষ্ট পোছাক বিধি প্ৰৱৰ্তন কৰা নাই। অৱশ্যে, মন্দিৰত প্ৰাৰ্থনা কৰোঁতে কোনো অশালীন বা আপত্তিজনক কাপোৰ পিন্ধিব নালাগে। অহা বছৰৰ আৰম্ভণিৰ পৰা (১ জানুৱাৰী) অশালীন কাপোৰ পিন্ধা সকলক মন্দিৰত প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া নহ'ব।

 ৰিপড জিনচ, হাত  কটা টি-চাৰ্ট বা হাফ পেণ্ট পিন্ধি মন্দিৰৰ চৌহদৰ চাৰিওফালে খোজকাঢ়িও ফুৰিব নোৱাৰিব। এনে ধৰণৰ কাপোৰ কেৱল অশালীন নহয়, পবিত্ৰ স্থানসমূহৰ বাবেও অপমানজনক, মুখ্য প্ৰশাসকগৰাকীয়ে কয় । অৱশ্যে, যদি  বয়স ১২  বছৰ বা তাতোকৈ কম হয় তেন্তে তেওঁলোকে পোছাক সংহিতা   অনুসৰণ কৰিব নালাগে। এতিয়া  দৰ্শনাৰ্থীসকলক যমাইকৰ জৰিয়তে পোছাক সংহিতাৰ বিষয়ে অৱগত কৰা হৈ আহিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু