--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুৰীৰ মন্দিৰত এক  নতুন পোছাক সংহিতা প্ৰৱৰ্তন কৰা হ'ব। এই নি.ম অনুসৰি  ফটা জিন্স, হাত  কটা টি-চাৰ্ট বা হাফ পেণ্ট পিন্ধি জগন্নাথ মন্দিৰত প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া নহ'ব। মন্দিৰ কৰ্তৃপক্ষই কৈছে যে মন্দিৰত কোনেও অশালীন কাপোৰ পিন্ধি  প্ৰৱেশ কৰিব নোৱাৰিব। সম্পূৰ্ণ শৰীৰ ঢাকি ৰখা  পোছাক পিন্ধি মন্দিৰত প্ৰৱেশ কৰিবলৈ পৰামৰ্শ আগবঢ়োৱা হৈছে। নতুন নিয়মবোৰ ১ জানুৱাৰী, ২০২৪-ৰ পৰা কাৰ্যকৰী হ'ব।


জগন্নাথ মন্দিৰ কৰ্তৃপক্ষই সোমবাৰে কয়  যে মন্দিৰত প্ৰাৰ্থনা কৰিবলৈ অহা বহুলোকে সঠিক কাপোৰ পিন্ধি নাহে। গতিকে এতিয়া মন্দিৰ কৰ্তৃপক্ষই পোছাক সংহিতা প্ৰৱৰ্তন কৰিবলৈ সিদ্ধান্ত লৈছে। তেওঁলোকে মন্দিৰত প্ৰৱেশ কৰাৰ সময়ত  কেনে কাপোৰ পিন্ধিব, কেনে কাপোৰ নিপিন্ধিব সেই বিষয়ে এক পোছাক সংহিতা প্ৰকাশ কৰিব।  

শ্ৰী জগন্নাথ মন্দিৰ প্ৰাধিকৰণৰ মুখ্য প্ৰশাসক ৰঞ্জন কুমাৰ দাসে কয়, "আমি দৰাচলতে  কোনো নিৰ্দিষ্ট পোছাক বিধি প্ৰৱৰ্তন কৰা নাই। অৱশ্যে, মন্দিৰত প্ৰাৰ্থনা কৰোঁতে কোনো অশালীন বা আপত্তিজনক কাপোৰ পিন্ধিব নালাগে। অহা বছৰৰ আৰম্ভণিৰ পৰা (১ জানুৱাৰী) অশালীন কাপোৰ পিন্ধা সকলক মন্দিৰত প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া নহ'ব।

 ৰিপড জিনচ, হাত  কটা টি-চাৰ্ট বা হাফ পেণ্ট পিন্ধি মন্দিৰৰ চৌহদৰ চাৰিওফালে খোজকাঢ়িও ফুৰিব নোৱাৰিব। এনে ধৰণৰ কাপোৰ কেৱল অশালীন নহয়, পবিত্ৰ স্থানসমূহৰ বাবেও অপমানজনক, মুখ্য প্ৰশাসকগৰাকীয়ে কয় । অৱশ্যে, যদি  বয়স ১২  বছৰ বা তাতোকৈ কম হয় তেন্তে তেওঁলোকে পোছাক সংহিতা   অনুসৰণ কৰিব নালাগে। এতিয়া  দৰ্শনাৰ্থীসকলক যমাইকৰ জৰিয়তে পোছাক সংহিতাৰ বিষয়ে অৱগত কৰা হৈ আহিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ