--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মণিপুৰৰ ছমাহৰ হিংসাত্মক পৰিস্থিতিৰ পাছতো বন্ধ হোৱা নাই হিংসাৰ ঘটনা। ইফালে, যোৱা ৮ অক্টোবৰত ছচিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হয়। য’ত এজন যুৱকক জীৱিত অৱস্থাত জ্বলাই দিয়াৰ এটা ঘটনা পোহৰলৈ আহিছে। কোৱা হৈছে যে কুকি আধিপত্য থকা কাংপকপি জিলাত মেইটেই সম্প্ৰদায়ৰ এজন যুৱকক জীৱন্তে জ্বলাই দিয়া হৈছে। ভাইৰেল ভিডিঅ’টোৰ সন্দৰ্ভত চৰকাৰে কয় যে তেওঁলোকে এই ভিডিঅ’টোৰ তদন্ত কৰিছে। এই ভিডিঅ'টোত ৪ মে'ত সংঘটিত হোৱা হিংসাত্মক পৰিস্থিতিৰ।

মণিপুৰৰ এই ভাইৰেল ভিডিঅ'টো সাত ছেকেণ্ডৰ। সাত ছেকেণ্ডৰ এই ভিডিঅ’টোত এজন ব্যক্তিয়ে পিন্ধিছে ক’লা চাৰ্ট। ৰাইজৰ মাৰপিটৰ ফলত তেওঁৰ মূৰত আঘাতৰ চিন থকাৰ লগতে তেওঁৰ শৰীৰৰ এটা অংশ ৰাইজে জ্বলাই দিছে,তেওঁৰ দেহটো কাঁইটীয়া তাঁৰৰ কাষত পৰি আছে। তাৰ ওচৰত থিয় হৈ থকা ভিৰটোৱে চিঞৰিছে। ভিৰৰ পটভূমিত বন্দুকৰ গুলীৰ শব্দও শুনা গৈছে৷

ইম্ফলত এই ভিডিঅ’ সন্দৰ্ভত এখন সংবাদমেল সম্বোধন কৰি চৰকাৰী নিৰাপত্তা উপদেষ্টা কুলদীপ সিঙে কয় যে এই ঘটনাৰ সৈতে পূৰ্বে ভাইৰেল হোৱা দুগৰাকী কুকি মহিলাৰ ভিডিঅ’ৰ সম্পৰ্ক আছে।নিৰাপত্তাৰক্ষী উপদেষ্টাগৰাকীয়ে কয় যে যুৱকজন জীয়াই থকাৰ সময়তে জ্বলাই দিয়া হৈছিল নে মৃতদেহ জ্বলিছিল সেয়া ভিডিঅ’টোৰ পৰা স্পষ্ট হোৱা নাই। এই ভাইৰেল ভিডিঅ’টোৰ তদন্তত আৰক্ষীয়ে গম পায় যে হিংসাৰ বলি হৈছে ৩৭ বছৰীয়া যুৱক লালদিনথাংগা খোংছাই।

কুলদীপ সিঙে কয় যে চৰকাৰে এই গোচৰৰ তদন্ত চিবিআইক অৰ্পণ কৰিছে। চিবিআইৰ তদন্তৰ প্ৰতিবেদন আহিলেই অধিক ব্যৱস্থা গ্ৰহণ কৰা হ’ব। এজেন্সীসমূহে বিশ্বাস কৰে যে মৃত্যু হোৱা ব্যক্তিজন মহিলাক উলংগ কৰি পেৰেড কৰা ভিৰৰ অংশ আছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement