--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মণিপুৰৰ ছমাহৰ হিংসাত্মক পৰিস্থিতিৰ পাছতো বন্ধ হোৱা নাই হিংসাৰ ঘটনা। ইফালে, যোৱা ৮ অক্টোবৰত ছচিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হয়। য’ত এজন যুৱকক জীৱিত অৱস্থাত জ্বলাই দিয়াৰ এটা ঘটনা পোহৰলৈ আহিছে। কোৱা হৈছে যে কুকি আধিপত্য থকা কাংপকপি জিলাত মেইটেই সম্প্ৰদায়ৰ এজন যুৱকক জীৱন্তে জ্বলাই দিয়া হৈছে। ভাইৰেল ভিডিঅ’টোৰ সন্দৰ্ভত চৰকাৰে কয় যে তেওঁলোকে এই ভিডিঅ’টোৰ তদন্ত কৰিছে। এই ভিডিঅ'টোত ৪ মে'ত সংঘটিত হোৱা হিংসাত্মক পৰিস্থিতিৰ।

মণিপুৰৰ এই ভাইৰেল ভিডিঅ'টো সাত ছেকেণ্ডৰ। সাত ছেকেণ্ডৰ এই ভিডিঅ’টোত এজন ব্যক্তিয়ে পিন্ধিছে ক’লা চাৰ্ট। ৰাইজৰ মাৰপিটৰ ফলত তেওঁৰ মূৰত আঘাতৰ চিন থকাৰ লগতে তেওঁৰ শৰীৰৰ এটা অংশ ৰাইজে জ্বলাই দিছে,তেওঁৰ দেহটো কাঁইটীয়া তাঁৰৰ কাষত পৰি আছে। তাৰ ওচৰত থিয় হৈ থকা ভিৰটোৱে চিঞৰিছে। ভিৰৰ পটভূমিত বন্দুকৰ গুলীৰ শব্দও শুনা গৈছে৷

ইম্ফলত এই ভিডিঅ’ সন্দৰ্ভত এখন সংবাদমেল সম্বোধন কৰি চৰকাৰী নিৰাপত্তা উপদেষ্টা কুলদীপ সিঙে কয় যে এই ঘটনাৰ সৈতে পূৰ্বে ভাইৰেল হোৱা দুগৰাকী কুকি মহিলাৰ ভিডিঅ’ৰ সম্পৰ্ক আছে।নিৰাপত্তাৰক্ষী উপদেষ্টাগৰাকীয়ে কয় যে যুৱকজন জীয়াই থকাৰ সময়তে জ্বলাই দিয়া হৈছিল নে মৃতদেহ জ্বলিছিল সেয়া ভিডিঅ’টোৰ পৰা স্পষ্ট হোৱা নাই। এই ভাইৰেল ভিডিঅ’টোৰ তদন্তত আৰক্ষীয়ে গম পায় যে হিংসাৰ বলি হৈছে ৩৭ বছৰীয়া যুৱক লালদিনথাংগা খোংছাই।

কুলদীপ সিঙে কয় যে চৰকাৰে এই গোচৰৰ তদন্ত চিবিআইক অৰ্পণ কৰিছে। চিবিআইৰ তদন্তৰ প্ৰতিবেদন আহিলেই অধিক ব্যৱস্থা গ্ৰহণ কৰা হ’ব। এজেন্সীসমূহে বিশ্বাস কৰে যে মৃত্যু হোৱা ব্যক্তিজন মহিলাক উলংগ কৰি পেৰেড কৰা ভিৰৰ অংশ আছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু