--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ফাতিমা ছানা শ্বেখৰ বিয়া হ'বলৈ গৈ আছে! এই জল্পনা-কল্পনা চলিছে এতিয়া বলীউডত। এই জল্পনা-কল্পনাক ইন্ধন যোগাইছে ফাতিমাই নিজেই। কিছুদিন পূৰ্বে আমিৰ খানৰ কন্যা ইৰা খানৰ এংগেজমেণ্ট হৈছিল। ইৰা খানৰ বিশেষ দিনটোত আৰম্ভণিৰ পৰা শেষলৈকে দেখা গৈছিল ফাতিমাক। যোৱা বছৰ আমিৰ খানে কিৰণ ৰাওৰ সৈতে বিবাহ বিচ্ছেদৰ কথা ঘোষণা কৰাৰ সময়ত মানুহে ফাতিমাৰ ফালে আঙুলি টোৱাইছিল। কেতিয়াবা ফাতিমা আৰু আমিৰক লৈ উৰাবাতৰি বলীউডত শুনা যায়। 

আমিৰ খানৰ কন্যা ইৰা খান আৰু তেওঁৰ ভাবী স্বামী নুপুৰ শিখাৰেক লৈ কৰা মন্তব্যৰ বাবে যোৱা কেইদিনমানৰ পৰা লাইমলাইটত আছে বলীউডৰ অভিনেত্ৰী ফাতিমা চানা শ্বেখ। ইৰা আৰু নুপুৰৰ এংগেজমেণ্ট অনুষ্ঠানৰ সময়ত ফাতিমাই নৃত্য প্ৰদৰ্শন কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰে। শেহতীয়াকৈ বলীউডত বিয়পি পৰিছে ফাতিমাৰ বিয়াৰ খবৰ।

ফাতিমা ছানা শ্বেইখে নিজৰ ইনষ্টাগ্ৰাম হেণ্ডেলত ধাৰাবাহিকভাৱে ফটো শ্বেয়াৰ কৰি আছে আৰু এতিয়া তেওঁ ছ’চিয়েল মিডিয়াত ট্ৰেণ্ডিং কৰিছে। ফটোবোৰত অভিনেত্ৰীগৰাকীক বেকলেছ টপ আৰু হাই-ৱেইষ্টেড পেণ্টেৰে গঠিত ৰিস্কু এথনিক আউটফিটত ড্ৰপ ডেড গৰ্জিয়াছ দেখা গৈছে। ফটোৰ বাহিৰেও ফাতিমাই লিখা কেপচনে অধিক দৃষ্টি আকৰ্ষণ কৰিছে। ফাতিমাই লিখিছে, "বান্ধোনটো ভাল হ'ব নে নহ'ব...সেইটোৱেই প্ৰশ্ন।"

ফাতিমাৰ এই পোষ্টটো ভাইৰেল হৈ পৰিছে আৰু ইউজাৰে অনুভৱ কৰিছে যে তেওঁ নিজৰ বিবাহৰ আভাস দিছে। ফাতিমাৰ এই পোষ্টটোত ইউজাৰে তীব্ৰ মন্তব্য কৰিছে যদিও আমিৰ খানৰ কন্যা ইৰাৰ মন্তব্যই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। ফাতিমাৰ ফটোত ইৰাই অসংখ্য হাৰ্ট ইমোজি যোগ কৰিছিল।কেইমাহমানৰ আগতে ফাতিমাই অভিনেতা আমিৰ খানক বিয়া কৰাব বুলি খবৰ ওলাইছিল। আচলতে আমিৰ খানে দ্বিতীয় পত্নী কিৰণ ৰাওক বিবাহ বিচ্ছেদ কৰাৰ পাছত এই উৰাবাতৰি বিয়পি পৰিছিল। ফাতিমাক উপহাস ভৰা মন্তব্য কৰি একাংশই সুধিলে "আমিৰৰ সৈতে বিবাহৰ জল্পনা-কল্পনা সঁচা নেকি!" কিন্তু ফাতিমাই বিবাহ সম্পৰ্কে কোনো উত্তৰ নিদিলে।

ৱৰ্ক ফ্ৰণ্টৰ কথা ক’বলৈ গ’লে ফাতিমা ছানা শ্বেইখ বৰ্তমান তেওঁৰ আগন্তুক ছবি ‘ছেম বাহাদুৰ’ৰ শ্বুটিঙত ব্যস্ত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক