--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ফাতিমা ছানা শ্বেখৰ বিয়া হ'বলৈ গৈ আছে! এই জল্পনা-কল্পনা চলিছে এতিয়া বলীউডত। এই জল্পনা-কল্পনাক ইন্ধন যোগাইছে ফাতিমাই নিজেই। কিছুদিন পূৰ্বে আমিৰ খানৰ কন্যা ইৰা খানৰ এংগেজমেণ্ট হৈছিল। ইৰা খানৰ বিশেষ দিনটোত আৰম্ভণিৰ পৰা শেষলৈকে দেখা গৈছিল ফাতিমাক। যোৱা বছৰ আমিৰ খানে কিৰণ ৰাওৰ সৈতে বিবাহ বিচ্ছেদৰ কথা ঘোষণা কৰাৰ সময়ত মানুহে ফাতিমাৰ ফালে আঙুলি টোৱাইছিল। কেতিয়াবা ফাতিমা আৰু আমিৰক লৈ উৰাবাতৰি বলীউডত শুনা যায়। 

আমিৰ খানৰ কন্যা ইৰা খান আৰু তেওঁৰ ভাবী স্বামী নুপুৰ শিখাৰেক লৈ কৰা মন্তব্যৰ বাবে যোৱা কেইদিনমানৰ পৰা লাইমলাইটত আছে বলীউডৰ অভিনেত্ৰী ফাতিমা চানা শ্বেখ। ইৰা আৰু নুপুৰৰ এংগেজমেণ্ট অনুষ্ঠানৰ সময়ত ফাতিমাই নৃত্য প্ৰদৰ্শন কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰে। শেহতীয়াকৈ বলীউডত বিয়পি পৰিছে ফাতিমাৰ বিয়াৰ খবৰ।

ফাতিমা ছানা শ্বেইখে নিজৰ ইনষ্টাগ্ৰাম হেণ্ডেলত ধাৰাবাহিকভাৱে ফটো শ্বেয়াৰ কৰি আছে আৰু এতিয়া তেওঁ ছ’চিয়েল মিডিয়াত ট্ৰেণ্ডিং কৰিছে। ফটোবোৰত অভিনেত্ৰীগৰাকীক বেকলেছ টপ আৰু হাই-ৱেইষ্টেড পেণ্টেৰে গঠিত ৰিস্কু এথনিক আউটফিটত ড্ৰপ ডেড গৰ্জিয়াছ দেখা গৈছে। ফটোৰ বাহিৰেও ফাতিমাই লিখা কেপচনে অধিক দৃষ্টি আকৰ্ষণ কৰিছে। ফাতিমাই লিখিছে, "বান্ধোনটো ভাল হ'ব নে নহ'ব...সেইটোৱেই প্ৰশ্ন।"

ফাতিমাৰ এই পোষ্টটো ভাইৰেল হৈ পৰিছে আৰু ইউজাৰে অনুভৱ কৰিছে যে তেওঁ নিজৰ বিবাহৰ আভাস দিছে। ফাতিমাৰ এই পোষ্টটোত ইউজাৰে তীব্ৰ মন্তব্য কৰিছে যদিও আমিৰ খানৰ কন্যা ইৰাৰ মন্তব্যই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। ফাতিমাৰ ফটোত ইৰাই অসংখ্য হাৰ্ট ইমোজি যোগ কৰিছিল।কেইমাহমানৰ আগতে ফাতিমাই অভিনেতা আমিৰ খানক বিয়া কৰাব বুলি খবৰ ওলাইছিল। আচলতে আমিৰ খানে দ্বিতীয় পত্নী কিৰণ ৰাওক বিবাহ বিচ্ছেদ কৰাৰ পাছত এই উৰাবাতৰি বিয়পি পৰিছিল। ফাতিমাক উপহাস ভৰা মন্তব্য কৰি একাংশই সুধিলে "আমিৰৰ সৈতে বিবাহৰ জল্পনা-কল্পনা সঁচা নেকি!" কিন্তু ফাতিমাই বিবাহ সম্পৰ্কে কোনো উত্তৰ নিদিলে।

ৱৰ্ক ফ্ৰণ্টৰ কথা ক’বলৈ গ’লে ফাতিমা ছানা শ্বেইখ বৰ্তমান তেওঁৰ আগন্তুক ছবি ‘ছেম বাহাদুৰ’ৰ শ্বুটিঙত ব্যস্ত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চাবুৱাৰ থানাই চাহ বাগিছাত পুনৰ প্ৰকাণ্ড নাহৰফুটুকী পিঞ্জৰাবদ্ধ
গোলাঘাটৰ পাহাৰলাইন বন শিবিৰত ভয়ংকৰ ঘটনা! মাতাল বনকর্মীৰ গুলীত আহত এজন
লিভাৰ বেয়া হ’লে লক্ষণ ফুটি উঠে হাত আৰু ভৰিত; লগে লগে সজাগ হওক
ভাৱৰীয়াৰ ৰূপত বিধায়ক ৰূপজ্যোতি কুৰ্মী
গণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ঢেকিয়াজুলিত #JusticeForZubeenGarg শীৰ্ষক অনুষ্ঠান
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
৬-১১ নৱেম্বৰত বিহাৰ বিধানসভাৰ নিৰ্বাচন, নির্বাচন আয়োগে ঘোষণা কৰিলে সময়সূচী
দীপাৱলীক চৰকাৰী বন্ধৰ দিন ঘোষণা কেলিফৰ্ণিয়াত ; বন্ধ হ’ব কেলিফৰ্ণিয়াৰ বিদ্যালয়
ডিজিটেল কানেক্টিভিটি ভাৰতীয়ৰ জীৱনৰ অভিন্ন অংশ হৈ পৰিছে: মোদী
ভাৰতীয় ৰে’লৱে সুৰক্ষা অপাৰেচন চেণ্টাৰৰ বাবে এয়াৰটেল বিজনেছৰ বহু বছৰীয়া চুক্তি লাভ