--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জনপ্ৰিয় কণ্ঠশিল্পী পাপন এইবাৰ হ’ব এগৰাকী চলচ্চিত্ৰ নিৰ্মাতা। এইবাৰ উত্তৰ-পূব ভাৰতক লৈ ছবি নিৰ্মাণ কৰাৰ সিদ্ধান্ত লৈছে পাপনে। উত্তৰ-পূব ভাৰতক লৈ তেওঁ একেলগে দুখন চলচ্চিত্ৰত কাম কৰি আছে। যোৱা ৪ বছৰ ধৰি ছবি দুখনৰ বাবে পাপনে কাম কৰি আছে।

ছবি দুখনৰ নাম হৈছে ‘দ্য লেণ্ড অফ দ্য চেক্ৰেড বিটছ’ আৰু ‘দ্য মিষ্টিকেল ব্ৰহ্মপুত্ৰ – এ মিউজিকেল ষ্টৰী’। ছবি দুখনৰ প্ৰযোজনা পাপনৰ আৰু পৰিচালনা পৰাশৰ বৰুৱাৰ। পাপনে কয় যে “ভাৰত আৰু বিশেষকৈ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতি মোৰ প্ৰেম কিমান সেই কথা সকলোৱে জানে।উত্তৰ-পূবক পৃথিৱীৰ বিভিন্ন কোণলৈ লৈ যোৱাৰ বাবে মই সদায়ে দায়বদ্ধ। আমি গৱেষণা আৰু দৃশ্যগ্ৰহণৰ বাবে বহু বছৰ ধৰি ভ্ৰমণ কৰি আছো। মই আশা কৰোঁ যে এই ছবি দুখনৰ জৰিয়তে আমি কেৱল পৰ্যটন আৰু সংস্কৃতিক উৎসাহিত কৰাই নহয়,ইয়াৰ সুন্দৰ কাহিনীবোৰো প্ৰচাৰ কৰিবলৈ সক্ষম হ’ম।”

উল্লেখ্য যে অসমৰ সাংস্কৃতিক দূত হিচাপে সন্মানীয় কাঁ চলচ্চিত্ৰ মহোৎসৱলৈ আমন্ত্ৰণ জনোৱা হৈছিল পাপনক। পাপনৰ এই ছবিৰ টিজাৰসমূহ মাৰ্চ ডু ফিল্মৰ ইণ্ডিয়া পেভিলিয়নত উন্মোচন কৰা হৈছিল। ছবি দুখনৰ বাবে আগ্ৰহেৰে বাট চাইছে তেওঁৰ অনুৰাগীসকলে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক