--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃবিয়াই দুখন হৃদয়ক এক কৰে। কেৱল ভাৰততে নহয়, বিশ্বৰ সকলো দেশতে বিয়াৰ পৰম্পৰা তাহানিৰ দিনৰে পৰাই চলি আহিছে। বহু ভাবে বিয়া মানেই জীৱনৰ স্বাধীনতা সংকুচিত কৰা। কিন্তু সঁচা অৰ্থৎ তেনে হয়তো নহয়। বিয়া কৰোৱাটো কিয় গুৰুত্বপূৰ্ণ ? জানো আহক বিভিন্ন বিশেষজ্ঞই এই সন্দৰ্ভত প্ৰকাশ কৰা ৭ টা বিশেষ কাৰণৰ  বিষয়ে-
   
জীৱন অকলশৰীয়া নহয় সেয়া অনুভৱ কৰিবলৈঃ
প্ৰাপ্তবয়স্ক হিচাপে আপোনাৰ পৰিয়াল আৰু আত্মীয়সকলে আপোনাৰ ওপৰত বিয়া কৰোৱাৰ  বাবে হেঁচা প্ৰয়োগ কৰিব পাৰে।এয়া স্বাভাৱিক। বিয়াই ল’ৰা-ছোৱালী উভয়কে জীৱন সংগী লাভত সহায় কৰে। বিয়া কৰোৱা মানুহে এই কথা অনুভৱ কৰিব পাৰে যে তেওঁ কেতিয়াও অকলশৰীয়া নহয়।

যদি আপুনি বিবাহ পাশত আৱদ্ধ হয় আপুনি আজীৱন সঙ্গী পাব। যদি আপুনি অকলশৰীয়া  হৈ থকাৰ সলনি   এগৰাকী সঙ্গী  বিচাৰে তেন্তে বিয়া পতাৰ বিকল্প নাই। আপুনি তেওঁৰ সৈতে বিভিন্ন সমস্যা, আৱেগ, অনুভূতি, চিন্তা আৰু মতামত ভাগ বতৰা কৰিব পাৰে।

কেৱল সেয়াই নহয়, আপোনাৰ বিজয় উদযাপন কৰিবলৈ, কঠিন পৰিস্থিতিত সাহস দিবলৈ  আৰু জীৱনৰ বিভিন্ন পৰিস্থিতি নিয়ন্ত্ৰণত ৰাখিবলৈ  এজন বিশ্বস্ত সঙ্গীৰ নিতান্তই প্ৰয়োজন।

এজন প্ৰতিশ্ৰুতিবদ্ধ সঙ্গী পাব
বিবাহৰ জৰিয়তে, আপুনি এগৰাকী  প্ৰতিশ্ৰুতিবদ্ধ সঙ্গী পাব। বহুতৰে প্ৰেমত কোনো প্ৰতিশ্ৰুতি নাথাকিলেও, বিবাহত থাকে।

বিয়াৰ পিছত আপুনি  সঙ্গীক বিশ্বাস কৰিবলৈ সক্ষম হ'ব আৰু নিশ্চিত হ'ব যে তেওঁ কেতিয়াও আপোনাৰ বিশ্বাস ভংগ নকৰে। এই বিশ্বাস বজাই ৰাখিবলৈ, আপুনি সঙ্গীৰ প্ৰতি অনুগত হ'বলৈ চেষ্টা কৰিব।

নতুন কথা শিকিব পাৰি

হাতত থকা বাকী জীৱন সুখেৰে কটাবলৈ বিবাহৰ পিছত লোক এজনে এখন এটা চালৰ তলতে  বাস কৰি বহু নতুন কথা শিকিব পাৰে। বিবাহে  দম্পতীহালক ইজনে সিজনক বুজি উঠাত  সহায় কৰে। তেওঁলোকে কেৱল ইজনে সিজনক দোষাৰোপ নকৰি,  সঙ্গীৰ প্ৰতিভাও বিচাৰি উলিয়াব পাৰে।বহুতৰে জীৱন উদঙীয়া হৈ থকাৰ সলনি শৃংখলাবদ্ধ হ’ব।

এজন যত্নশীল সঙ্গী লাভ

 বিবাহৰ পিছত দম্পতীহালে ইজনে-সিজনৰ  প্ৰেমত পৰে। পুৰুষ আৰু মহিলা সকলোৱে বিচাৰে যে তেওঁলোকৰ সঙ্গী ইজনে-সিজনৰ প্ৰতি যত্নশীল হওঁক। এগৰাকী যত্নশীল পত্নী থকাটো সঁচাকৈয়ে ভাগ্যৰ বিষয়। মনত ৰাখিব যে যদি আপুনি বিবাহপাশত আৱদ্ধ হয়, আপুনি এনে এগৰাকী  সঙ্গী পাব পাৰে যিয়ে আপোনাৰ যত্ন ল'ব।

অভিভাৱকত্ব লাভ 

আপুনি বিবাহৰ জৰিয়তে অভিভাৱকত্বৰ আমেজো উপভোগ কৰিব পাৰে। এই ক্ষেত্ৰত শিশুসকলক ভালদৰে ডাঙৰ-দীঘল কৰাটো অতি গুৰুত্বপূৰ্ণ দায়িত্ব হৈ পৰিব পাৰে।শিশুএটাক ভালদৰে ডাঙৰ-দীঘল কৰিবলৈ আপুনি আৰু আপোনাৰ পত্নী দুয়োজনে তেওঁলোকৰ নিজ নিজ ভূমিকা পালন কৰিব লাগিব।

 সুৰক্ষা লাভ

বিবাহৰ জৰিয়তে আপুনি আপোনাৰ ব্যক্তিগত জীৱনত সুৰক্ষা লাভ কৰিব পাৰে। বেছিভাগ লোকে ভয় কৰে যে তেওঁলোকে প্ৰেমৰ সম্পৰ্কত থাকোঁতে সঙ্গীয়ে এৰি যাব পাৰে।  এনে ক্ষেত্ৰত আপুনি বিয়া কৰিলে আৰু ভয় কৰিব নালাগিবও পাৰে। কাৰণ বিয়াৰ পিছত আমাৰ দেশত কম সংখ্যক লোকৰ মাজতহে বিচ্ছেদ হয়।দৰাচলতে, বিবাহ হৈছে প্ৰেমৰ সম্পৰ্কৰ অন্তিম ফলাফল, সেয়েহে সকলোৱে বিবাহৰ জৰিয়তে সম্পৰ্কটো দীঘলীয়া কৰিবলৈ চেষ্টা কৰে। গতিকে বিয়াৰ পিছত নিৰাপত্তাহীনতাত ভুগিবলগীয়া  কোনো কথা নাই।

স্বাস্থ্য ভালে থাকিব

বিভিন্ন অধ্যয়নে দেখুৱাইছে যে বিবাহিত লোকসকলৰ অবিবাহিত লোকতকৈ তুলনামূলকভাৱে স্বাস্থ্য উন্নত হৈ থাকে। বিবাহৰ স্বাস্থ্য সম্পৰ্কীয়  লাভালাভবোৰ হৈছে:

১. দীৰ্ঘদিন জীয়াই থাকিব পাৰে
২. ষ্ট্ৰোক আৰু হৃদআক্ৰমণৰ আশংকা হ্ৰাস কৰে
৩. হতাশাৰ প্ৰৱণতা হ্ৰাস কৰে
৪. গুৰুতৰ কৰ্কট ৰোগৰ আশংকা হ্ৰাস কৰে, আনকি কৰ্কট ৰোগ থাকিলেও, জীয়াই থকা বা জীয়াই থকাৰ সম্ভাৱনা অধিক হয়।
৫. মানসিক স্বাস্থ্য ভাল হয়।

অৱশ্যে কোনোৱাই  বিয়া পাতিলেই  এনে  স্বাস্থ্যৰ  লাভালাভবোৰ ভোগ কৰিব তেনে কথাও নহয়।  বিবাহিত জীৱনত লোক এজন  সুখী নে নহয় তাৰ ওপৰতো লোকজনৰ  স্বাস্থ্য নিৰ্ভৰ কৰে।

মানসিক চাপগ্ৰস্ত আৰু অসুখী বিবাহিত লোকসকলৰ স্বাস্থ্য আকৌ এজন অবিবাহিত ব্যক্তিতকৈ বেয়া হ’ব পাৰে। বিবাহৰ বেছিভাগ স্বাস্থ্যৰ লাভালাভ বিবাহিত মহিলাতকৈ পুৰুষৰ ক্ষেত্ৰত অধিক স্পষ্ট হৈ পৰা দেখা যায়। বিয়া এক মধুৰ আৰু পবিত্ৰ সম্পৰ্ক। এই সম্পৰ্কক সদায় মধুৰ আৰু পবিত্ৰ কৰি ৰখাটো সকলো বিবাহিত লোকৰেই দায়িত্ব হোৱা উচিৎ।








FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ