--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শৰীৰত কলেষ্টেৰলৰ পৰিমাণ বৃদ্ধি হোৱাত আপুনি অসুবিধা পাইছে নেকি? যদি আপোনাৰ এই সমস্যা আছে, তেন্তে কিছুমান শাক-পাচলি সেৱন কৰি আপুনি এই সমস্যাৰ পৰা মুক্তি পাব পাৰে। কলেষ্টেৰল নিয়ন্ত্ৰণ কৰা এই ৪বিধ  শাকৰ ভিতৰত কি কি আছে জানো আহক। 

দুৰ্বল জীৱনশৈলী আৰু খাদ্যাভ্যাসৰ বিসংগতিৰ বাবে আজিকালি মানুহৰ কলেষ্টেৰল বৃদ্ধিৰ সমস্যা বাঢ়িছে। যেতিয়া তেজত চৰ্বিৰ মাত্ৰা বৃদ্ধি পায়, তেতিয়া সিৰাবোৰ সংকুচিত হ’বলৈ ধৰে, যাৰ ফলত শৰীৰত তেজৰ প্ৰবাহ সঠিকভাৱে প্ৰবাহিত হ’ব নোৱাৰে। এনে অৱস্থাত এজন ব্যক্তিৰ হাৰ্ট এটেকৰ সম্ভাৱনা বহুগুণে বৃদ্ধি পায়। আজি আমি আপোনালোকক এনে ৪বিধ শাক-পাচলিৰ বিষয়ে ক’ম, যিবোৰ আপুনি প্ৰতিদিনে পাল পাতি খালে শৰীৰত উচ্চ কলেষ্টেৰলৰ বৃদ্ধি বন্ধ হৈ যায়। 

কলেষ্টেৰল নিয়ন্ত্ৰণ শাক-পাচলি

বীনযুক্ত শাক-পাচলি : উচ্চ কলেষ্টেৰল নিয়ন্ত্ৰণত বীনযুক্ত শাক-পাচলি ভাল বুলি ধৰা হয়। এই শাকত অধিক পৰিমাণে আঁহ, খনিজ পদাৰ্থ, ভিটামিন আৰু এন্টিঅক্সিডেন্ট থাকে। যিহেতু ইয়াত থকা আঁহবোৰ দ্ৰৱণীয়, সেয়েহে ই শৰীৰত ভাল কলেষ্টেৰলৰ পৰিমাণ বৃদ্ধি কৰি স্বয়ংক্ৰিয়ভাৱে বেয়া কলেষ্টেৰলৰ পৰিমাণ হ্ৰাস কৰে।

ভিনেগাৰৰ সৈতে খাওক পিঁয়াজ আৰু নহৰু: কৰ্কট ৰোগৰ ওপৰত কৰা এক অধ্যয়ন অনুসৰি যদিহে নহৰু আৰু পিয়াঁজ ভিনেগাৰৰ লগত মিহলাই কেঁচাকৈ খায় তেন্তে তেজত থকা চৰ্বি দ্ৰুতগতিত গলিবলৈ আৰম্ভ কৰে। এনে কৰিলে কেৱল উচ্চ কলেষ্টেৰলৰ মাত্ৰা হ্ৰাস কৰাত সহায় নহয়। ইয়াৰ লগতে তেজৰ সোঁতো শুদ্ধ হয়, যাৰ ফলত হাৰ্ট এটেকৰ আশংকা কম হয়।

ভেণ্ডি খাওক: বেয়া কলেষ্টেৰলৰ সমস্যাৰ সৈতে মোকাবিলা কৰিবলৈ ভেণ্ডি খোৱাটো ভাল। চিকিৎসা বিশেষজ্ঞসকলৰ মতে ইয়াত মিনাৰেল, ভিটামিন আৰু ফাইবাৰ প্ৰচুৰ পৰিমাণে থাকে। যাৰ ফলত চৰ্বি তেজত জমা নহয় আৰু আঁহৰ লগত মিলি গৈ বাহিৰলৈ ওলাই আহে।

সেউজীয়া কবি খোৱাটো উপকাৰী: চিকিৎসকে দাবী কৰে যে সেউজীয়া কবি অৰ্থাৎ ব্ৰকলি খালেও উচ্চ কলেষ্টেৰলৰ সমস্যা দূৰ কৰিবলৈ সকাহ পোৱা যায়। ইয়াক সেৱন কৰিলে তেজৰ শৰ্কৰা আৰু অন্ত্ৰৰ সমস্যা দূৰ হৈ যায়। ইয়াৰ ফলত পাচনতন্ত্ৰৰ উন্নতি হয় আৰু কলেষ্টেৰলৰ মাত্ৰা কম হয়। সেউজীয়া কবিত চৰ্বি নাথাকে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ