--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পুৰুষতান্ত্ৰিক ভাৰতীয় সমাজ ব্যৱস্থাত প্ৰতিনিয়ত মহিলাসকল শোষিত আৰু উৎপীড়িত হৈ আহিছে। এই সমাজ ব্যৱস্থাত এগৰাকী মহিলা গোটেই জীৱন ধৰি অন্তহীন লাঞ্চনাৰ সন্মুখীন হয়। জন্মৰ পূৰ্বেই মাতৃগৰ্ভতে আৰম্ভ হয় মহিলা এগৰাকীৰ শোষণৰ প্ৰাৰম্ভিক পৰ্ব। লিঙ্গ নিৰ্ণয়ৰ দ্বাৰা মাতৃগৰ্ভতে কন্যা সন্তানৰ ভ্ৰুণ হত্যাৰ জৰিয়তেই ভাৰতীয় পুৰুষ প্ৰধান সমাজে লিঙ্গবৈষম্যৰ পাতনি মেলাতো সৰ্বজনবিদিত। 
এনে সমাজ ব্যৱস্থাত মহিলা এগৰাকীয়ে হেৰুৱাই পেলায় নিজস্ব চিন্তা-ভাৱনা তথা মত প্ৰকাশৰ স্বতন্ত্ৰতা। আৰু এই ব্যৱস্থাৰ বিৰোধ কৰা মানেই অমানুষিক অত্যাচাৰ আৰু নিৰ্যাতন। মহিলাৰ বিৰুদ্ধে এনে ভয়াৱহ অত্যাচাৰৰ আটাইতকৈ জঘন্য অপৰাধটোৱেই হৈছে এচিড আক্ৰমণ। ই এগৰাকী মহিলাৰ বাবে কেৱল শাৰীৰিক আঘাতেই নহয়, লগতে ভুক্তভোগী মহিলাগৰাকীয়ে এই আঘাতৰ দাগ সমগ্ৰ জীৱন ধৰি কঢ়িয়াব লগা হয় শৰীৰ আৰু মনত।

দেশত বৰ্দ্ধিত এচিড আক্ৰমণৰ ঘটনাৰ প্ৰতি উদ্বেগ প্ৰকাশ কৰি উচ্চতম ন্যায়ালয়ে সমগ্ৰ ভাৰতত এচিডৰ বিক্ৰীৰ ক্ষেত্ৰত যথেষ্টখিনি বাধ্য-বাধকতা আৰোপ কৰিছিল যদিও সেই নিৰ্দেশনা কাগজতে সীমাবদ্ধ থাকিল। দেশত এচিড ক্ৰয় কৰিব বিচৰা লোকৰ বাবে এতিয়াও উপলব্ধ এচিড। চৰকাৰী তথ্যমতেই ভাৰতবৰ্ষত  প্ৰতি বছৰে ২৫০ ৰ পৰা ৩০০ টা এচিড আক্ৰমণৰ ঘটনা সংঘটিত হয়। কিন্তু এচিড চাৰ্ভাইভাৰ্ছ ট্ৰাষ্ট ইণ্টাৰনেচনেলৰ মতে ইয়াৰ প্ৰকৃত সংখ্যা ১,০০০ ৰ সীমা অতিক্ৰম কৰিব পাৰে।

শেহতীয়াকৈ এচিড আক্ৰমণৰ দৰে এনে জঘন্য অপৰাধৰ বলি হৈছে বাংগালোৰৰ এগৰাকী মহিলা। বাংগালোৰ আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি আজি চহৰখনৰ এগৰাকী মহিলাৰ ওপৰত এজন ব্যক্তিয়ে এচিড নিক্ষেপ কৰাৰ অভিযোগ উত্থাপিত হৈছে।

নিজ স্বামীৰ সৈতে বিবাহ বিচ্ছেদ হোৱা তিনিটা সন্তানৰ এগৰাকী মাতৃক আগবঢ়োৱা বিবাহৰ প্ৰস্তাৱ অস্বীকাৰ কৰাৰ বাবেই দুৰ্বৃত্তই এনে নৃশংস আক্ৰমণ সংঘটিত কৰে। দুৰ্বৃত্তজনে নিক্ষেপ কৰা এচিডৰ আক্ৰমণত ৩২ বৰ্ষীয় মহিলাগৰাকীৰ সোঁ চকুত  আঘাত লাগিছে বুলি আৰক্ষীয়ে জানিবলৈ দিছে। 

আক্ৰমণৰ পিছতেই মহিলাগৰাকীক এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰা হয়। বৰ্তমান চিকিৎসাধীন হৈ থকা মহিলাগৰাকী অৱশ্যে বিপদমুক্ত বুলি জানিব পৰা গৈছে। দক্ষিণ বাংগালোৰৰ আৰক্ষী উপ-আয়ুক্ত হৰিশ পাণ্ডেয়ে জানিবলৈ দিয়া মতে তাৎক্ষণিক চিকিৎসাৰ ফলত মহিলাগৰাকীয়ে আংশিকভাৱে দৃষ্টিশক্তি ঘূৰাই পাইছে। মহিলাগৰাকী সোনকালেই সম্পূৰ্ণৰূপে আৰোগ্য হ'ব বুলি আৰক্ষী বিষয়াগৰাকীয়ে আশা প্ৰকাশ কৰে।

আনহাতে এই ঘটনাৰ অভিযুক্ত ৩৬ বছৰীয়া আহমেদ বৰ্তমান পলাতক হৈ আছে বুলি জানিব পৰা গৈছে। প্ৰকাশিত খবৰ অনুসৰি আক্ৰমণৰ বলি হোৱা মহিলাগৰাকী আৰু অভিযুক্ত আহমেদে এটা ধূপ উৎপাদন কৰা কাৰখানাত একেলগে কাম কৰিছিল। সেইসূত্ৰে প্ৰায় তিনি বছৰৰ পৰা তেওঁলোকে ইজনে সিজনক চিনি পাইছিল। 

আহমেদে বিগত সময়চোৱাত কেইবামাহ ধৰি মহিলাগৰাকীক বিয়া কৰাবলৈ জোৰ কৰি আহিছিল। কিন্তু বাৰে বাৰে আহমেদৰ এই প্ৰস্তাৱ মহিলা গৰাকীয়ে প্ৰত্যাখ্যান কৰাৰ বাবে আহমেদ অতিষ্ঠ হৈ পৰে আৰু মহিলাগৰাকীক এনে ভয়াৱহভাৱে আক্ৰমণ কৰে। আনহাতে বৰ্তমান পলাতক অৱস্থাত থকা আহমেদৰ সন্ধানত আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে বুলি জানিবলৈ দিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সমগ্ৰ দেশৰ উদীয়মান কলাকাৰসকলক উপযুক্ত মঞ্চ প্ৰদান কৰিবলৈ ‘য়শ ৰাজ ফিল্মছ’ৰ ‘ৰাহ ৰেকৰ্ডছ’ মুকলি
৭টা মূল দাবীৰ বাবে চৰকাৰক হেঁচা দিবলৈ ১০ আগষ্টৰ পৰা দেশজুৰি কৃষক আন্দোলন
আমেৰিকাত বিপদৰ সম্মুখীন হৈছে প্রায় ২০ হাজাৰ প্ৰব্ৰজিত শিশু; বিতাৰণৰ প্ৰবল সম্ভাৱনা
‘ষ্টাৰ চিমেণ্ট’ক ৯০লাখ টকাৰ লুণ্ঠন চাইবাৰ চক্ৰৰ; চিআইডিৰ তৎপৰতাত উদ্ধাৰ সমগ্ৰ ধন
বানাক্ৰান্তৰ বাবে ১.৫ লাখ টকাৰ অনুদান বিশিষ্ট অভিনেত্ৰী সীমা বিশ্বাসৰ
উজনিৰ বান পৰিস্থিতিৰ বুজ ল’বলৈ তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ