--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰত চৰকাৰে প্লাষ্টিকৰ ষ্ট্ৰ’ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰাৰ প্ৰস্তুতি চলাইছে। ইতিমধ্যে চৰকাৰে ১ জুলাইৰ পৰা সম্পূৰ্ণৰূপে প্লাষ্টিকৰ ষ্ট্ৰ’ নিষিদ্ধ কৰাৰ কথা ঘোষণা কৰিছিল। ইয়াৰ পিছত সকলো কোম্পানীয়ে এই সন্দৰ্ভত আপত্তি দাখিল কৰিছিল। এই নিষেধাজ্ঞাৰ আটাইতকৈ ডাঙৰ প্ৰভাৱ পেকড জুচ আৰু ডেইৰী প্ৰডাক্টৰ ওপৰত পৰিব। শেহতীয়াকৈ ডেইৰী গ্ৰুপ আমূলেও এই বিষয়ত চৰকাৰলৈ এখন পত্ৰ লিখিছে। 

প্ৰধানমন্ত্ৰীলৈ পত্ৰযোগে আমূলে জনাইছে যে প্লাষ্টিকৰ ষ্ট্ৰ’ নিষিদ্ধকৰণ কিছু সময়ৰ বাবে পিছুৱাই দিব লাগে। চৰকাৰৰ এই সিদ্ধান্তই বিশ্বৰ সৰ্ববৃহৎ গাখীৰ উৎপাদক দেশখনৰ কৃষক আৰু দুগ্ধক্ষেত্ৰত নেতিবাচক প্ৰভাৱ পেলাব বুলি আমূলে যুক্তি আগবঢ়ায়। প্লাষ্টিকৰ ষ্ট্ৰ’ত ৰেহাইৰ বাবে প্ৰধানমন্ত্ৰীলৈ পত্ৰযোগে আবেদন কৰা এয়াই প্ৰথম নহয়। কিন্তু চৰকাৰে সকলোৰে প্ৰস্তাৱ নাকচ কৰি আহিছে। এইবাৰ আমূলে প্ৰধানমন্ত্ৰী কাৰ্যালয়লৈ পত্ৰ লিখি অনুৰোধ কৰিছে। প্ৰধানমন্ত্ৰীলৈ লিখা এখন পত্ৰত আমূলৰ পৰিচালন সঞ্চালক আৰ এছ সোধীয়ে কয় যে প্লাষ্টিকৰ ষ্ট্ৰ’ই গাখীৰৰ ব্যৱহাৰ বৃদ্ধি কৰাত সহায় কৰে। 

পত্ৰখনত কোৱা হৈছে যে প্লাষ্টিকৰ ষ্ট্ৰ’ নিষিদ্ধকৰণৰ সিদ্ধান্ত কিছুদিনৰ বাবে বৃদ্ধি কৰিলে দেশৰ ১০ কোটি দুগ্ধ পালকে ডাঙৰ সকাহ পাব। খবৰ অনুসৰি প্লাষ্টিকৰ ষ্ট্ৰ’ কম ব্যৱহৃত সামগ্ৰী, যাৰ ঠাইত কাগজৰ ষ্ট্ৰ’ ব্যৱহাৰ কৰিব পাৰি। ৫ৰ পৰা ৩০ টকাৰ ভিতৰত মূল্যৰ জুচ আৰু গাখীৰৰ সামগ্ৰীৰ ভাৰতত এটা ডাঙৰ ব্যৱসায় আছে। আমুল, পেপচিকো, কোকাকোলাৰ অধিকাংশ পানীয় প্লাষ্টিকৰ ষ্ট্ৰ’ত পেক কৰি গ্ৰাহকলৈ ডেলিভাৰী কৰা হয়। 

পাৰ্লে এগ্ৰ’ই কয় যে কোম্পানীটোৱে এতিয়াৰ বাবে কাগজৰ ষ্ট্ৰ’ আমদানি আৰম্ভ কৰিছে, কিন্তু ই বহনক্ষম নহয়। চৰকাৰে যোৱা বছৰৰ আগষ্ট মাহত একক ব্যৱহাৰৰ প্লাষ্টিক নিষিদ্ধ কৰাৰ বাবে এক অধিসূচনা জাৰি কৰিছিল। ইয়াত ২০২২ চনৰ জুলাই মাহৰ পৰা সকলো ধৰণৰ সামগ্ৰী নিষিদ্ধ কৰিবলৈ কোৱা হৈছিল। ইয়াৰ পিছত কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডে (চিপিচিবি) জাননী জাৰি কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস