--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰত চৰকাৰে প্লাষ্টিকৰ ষ্ট্ৰ’ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰাৰ প্ৰস্তুতি চলাইছে। ইতিমধ্যে চৰকাৰে ১ জুলাইৰ পৰা সম্পূৰ্ণৰূপে প্লাষ্টিকৰ ষ্ট্ৰ’ নিষিদ্ধ কৰাৰ কথা ঘোষণা কৰিছিল। ইয়াৰ পিছত সকলো কোম্পানীয়ে এই সন্দৰ্ভত আপত্তি দাখিল কৰিছিল। এই নিষেধাজ্ঞাৰ আটাইতকৈ ডাঙৰ প্ৰভাৱ পেকড জুচ আৰু ডেইৰী প্ৰডাক্টৰ ওপৰত পৰিব। শেহতীয়াকৈ ডেইৰী গ্ৰুপ আমূলেও এই বিষয়ত চৰকাৰলৈ এখন পত্ৰ লিখিছে। 

প্ৰধানমন্ত্ৰীলৈ পত্ৰযোগে আমূলে জনাইছে যে প্লাষ্টিকৰ ষ্ট্ৰ’ নিষিদ্ধকৰণ কিছু সময়ৰ বাবে পিছুৱাই দিব লাগে। চৰকাৰৰ এই সিদ্ধান্তই বিশ্বৰ সৰ্ববৃহৎ গাখীৰ উৎপাদক দেশখনৰ কৃষক আৰু দুগ্ধক্ষেত্ৰত নেতিবাচক প্ৰভাৱ পেলাব বুলি আমূলে যুক্তি আগবঢ়ায়। প্লাষ্টিকৰ ষ্ট্ৰ’ত ৰেহাইৰ বাবে প্ৰধানমন্ত্ৰীলৈ পত্ৰযোগে আবেদন কৰা এয়াই প্ৰথম নহয়। কিন্তু চৰকাৰে সকলোৰে প্ৰস্তাৱ নাকচ কৰি আহিছে। এইবাৰ আমূলে প্ৰধানমন্ত্ৰী কাৰ্যালয়লৈ পত্ৰ লিখি অনুৰোধ কৰিছে। প্ৰধানমন্ত্ৰীলৈ লিখা এখন পত্ৰত আমূলৰ পৰিচালন সঞ্চালক আৰ এছ সোধীয়ে কয় যে প্লাষ্টিকৰ ষ্ট্ৰ’ই গাখীৰৰ ব্যৱহাৰ বৃদ্ধি কৰাত সহায় কৰে। 

পত্ৰখনত কোৱা হৈছে যে প্লাষ্টিকৰ ষ্ট্ৰ’ নিষিদ্ধকৰণৰ সিদ্ধান্ত কিছুদিনৰ বাবে বৃদ্ধি কৰিলে দেশৰ ১০ কোটি দুগ্ধ পালকে ডাঙৰ সকাহ পাব। খবৰ অনুসৰি প্লাষ্টিকৰ ষ্ট্ৰ’ কম ব্যৱহৃত সামগ্ৰী, যাৰ ঠাইত কাগজৰ ষ্ট্ৰ’ ব্যৱহাৰ কৰিব পাৰি। ৫ৰ পৰা ৩০ টকাৰ ভিতৰত মূল্যৰ জুচ আৰু গাখীৰৰ সামগ্ৰীৰ ভাৰতত এটা ডাঙৰ ব্যৱসায় আছে। আমুল, পেপচিকো, কোকাকোলাৰ অধিকাংশ পানীয় প্লাষ্টিকৰ ষ্ট্ৰ’ত পেক কৰি গ্ৰাহকলৈ ডেলিভাৰী কৰা হয়। 

পাৰ্লে এগ্ৰ’ই কয় যে কোম্পানীটোৱে এতিয়াৰ বাবে কাগজৰ ষ্ট্ৰ’ আমদানি আৰম্ভ কৰিছে, কিন্তু ই বহনক্ষম নহয়। চৰকাৰে যোৱা বছৰৰ আগষ্ট মাহত একক ব্যৱহাৰৰ প্লাষ্টিক নিষিদ্ধ কৰাৰ বাবে এক অধিসূচনা জাৰি কৰিছিল। ইয়াত ২০২২ চনৰ জুলাই মাহৰ পৰা সকলো ধৰণৰ সামগ্ৰী নিষিদ্ধ কৰিবলৈ কোৱা হৈছিল। ইয়াৰ পিছত কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডে (চিপিচিবি) জাননী জাৰি কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
দেশৰ ১৫ সংখ্যক উপ-ৰাষ্ট্ৰপতি হিচাবে শপত গ্ৰহণ চি পি ৰাধাকৃষ্ণনৰ
'চীনৰ হাতত ভাৰত-ৰাছিয়াক হেৰুৱাই পেলোৱা যেন লাগিছে'- ড’নাল্ড ট্ৰাম্প
আমেৰিকাক পুটিনৰ সকীয়নি ; ভাৰত-চীনক দুৰ্বল কৰাৰ চেষ্টা নকৰিব
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন