--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰৰ থানেত মঙলবাৰে পুৱতি নিশা সংঘটিতহ’ল এক ভয়ংকৰ দুৰ্ঘটনা। নিৰ্মাণ ক্ষেত্ৰত ক্ৰেইন এখন  শ্ৰমিকৰ মূৰত খহি পৰে। এই ঘটনাত কমেও ১৬ জন শ্ৰমিক নিহত হৈছে। ক্ৰেইনখন খহি পৰাৰ ফলত কেইবাজনো লোক আহত হৈছে।আহত ভালে কেইজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। কিছুমান বহু শ্ৰমিক  ধ্বংসাৱশেষৰ তলত আৱদ্ধ হৈ আছে বুলি ধাৰণা কৰা হৈছে। 

ঘটনাটোৰ পিছতে উদ্ধাৰ অভিযান আৰম্ভ কৰা হৈছে আৰু আহতসকলক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। মহাৰাষ্ট্ৰৰ থানেৰ চাহাপুৰ অঞ্চলত সম্ৰুধি এক্সপ্ৰেছৱেৰ নিৰ্মাণকাৰ্য চলি থকাৰ সময়তে দুৰ্ঘটনাটো সংঘটিত হয়। শ্ৰমিকৰ এটা দলে পুৱতি নিশা তাত কাম কৰি আছিল। হঠাতে ক্ৰেইন খন শ্ৰমিকৰ মূৰৰ  ওপৰতে খহি পৰে।    ঘটনাস্থলীতে ১৬ জন লোকৰ মৃত্যু হয়। তিনিজন শ্ৰমিকক গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত অৱস্থাত উদ্ধাৰ কৰা হয়  আৰু ওচৰৰ চিকিৎসালয়লৈ লৈ যোৱা হয় । আৰক্ষীয়ে প্ৰকাশ কৰা মতে কমেও পাঁচজন শ্ৰমিক এতিয়াও ক্ৰেইনৰ ধ্বংসাৱশেষৰ তলত আৱদ্ধ হৈ থাকিব পাৰে। 

আৰক্ষীয়ে জনোৱা অনুসৰি, শ্ৰমিকসকলে চামৰুধি এক্সপ্ৰেছৱেত কাম কৰি থকা অৱস্থাত পুৱতি নিশা 'গিৰ্ডাৰ লঞ্চিং মেচিন' নামৰ ক্ৰেইনখন ব্যৱহাৰ কৰিছিল। এনে  ক্ৰেইনবোৰ সাধাৰণতে ৰে’লৰ দলং আৰু ৰাস্তা নিৰ্মাণৰ বাবে ব্যৱহাৰ কৰা হয়। এই যন্ত্ৰটোৰ কাম হৈছে ইস্পাতৰ বৃহৎ টুকুৰাবোৰ এফালৰ পৰা আনফালে স্থানান্তৰিত কৰা।সম্ৰুধি এক্সপ্ৰেছৱেৰ তৃতীয় পৰ্যায়ৰ কাম শ্ৰমিকসকলে পুৱতি নিশা আৰম্ভ কৰিছিল। দুৰ্ঘটনাটোৰ  খবৰ পোৱাৰ পিছতে আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হয় । তেওঁলোকে পূৰ্ণ গতিত উদ্ধাৰ অভিযান চলাই আছে।

সম্ৰুধি এক্সপ্ৰেছৱেৰ আন এটা নাম হৈছে মুম্বাই-নাগপুৰ এক্সপ্ৰেছৱে। ৭০১ কিলোমিটাৰ দীঘল এই পথটোৱে মুম্বাই আৰু নাগপুৰক সংযোগ কৰিছে। দুয়োখন চহৰৰ মাজত সংযোগ স্থাপনৰ বাবে পথটো গুৰুত্বপূৰ্ণ হিচাবে বিবেচিত হৈছে। মহাৰাষ্ট্ৰ চৰকাৰৰ পথ উন্নয়ন নিগমৰ দ্বাৰা পথ নিৰ্মাণৰ কৰি থকা হৈছে এই পথ। ডিচেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পথটোৰ প্ৰথম খণ্ডটো  উদ্বোধন কৰিছিল।










FOLLOW US F
POPULAR
FEATURE
TRENDY
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
দেশৰ ১৫ সংখ্যক উপ-ৰাষ্ট্ৰপতি হিচাবে শপত গ্ৰহণ চি পি ৰাধাকৃষ্ণনৰ
এতিয়াৰ পৰা UPI-ত ৫ লাখ পৰ্যন্ত পেমেন্ট সহজ ! NPCI-এ বঢ়ালে UPI ৰ লেনদেনৰ সীমা
'চীনৰ হাতত ভাৰত-ৰাছিয়াক হেৰুৱাই পেলোৱা যেন লাগিছে'- ড’নাল্ড ট্ৰাম্প
আমেৰিকাক পুটিনৰ সকীয়নি ; ভাৰত-চীনক দুৰ্বল কৰাৰ চেষ্টা নকৰিব
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক