--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰৰ থানেত মঙলবাৰে পুৱতি নিশা সংঘটিতহ’ল এক ভয়ংকৰ দুৰ্ঘটনা। নিৰ্মাণ ক্ষেত্ৰত ক্ৰেইন এখন  শ্ৰমিকৰ মূৰত খহি পৰে। এই ঘটনাত কমেও ১৬ জন শ্ৰমিক নিহত হৈছে। ক্ৰেইনখন খহি পৰাৰ ফলত কেইবাজনো লোক আহত হৈছে।আহত ভালে কেইজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। কিছুমান বহু শ্ৰমিক  ধ্বংসাৱশেষৰ তলত আৱদ্ধ হৈ আছে বুলি ধাৰণা কৰা হৈছে। 

ঘটনাটোৰ পিছতে উদ্ধাৰ অভিযান আৰম্ভ কৰা হৈছে আৰু আহতসকলক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। মহাৰাষ্ট্ৰৰ থানেৰ চাহাপুৰ অঞ্চলত সম্ৰুধি এক্সপ্ৰেছৱেৰ নিৰ্মাণকাৰ্য চলি থকাৰ সময়তে দুৰ্ঘটনাটো সংঘটিত হয়। শ্ৰমিকৰ এটা দলে পুৱতি নিশা তাত কাম কৰি আছিল। হঠাতে ক্ৰেইন খন শ্ৰমিকৰ মূৰৰ  ওপৰতে খহি পৰে।    ঘটনাস্থলীতে ১৬ জন লোকৰ মৃত্যু হয়। তিনিজন শ্ৰমিকক গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত অৱস্থাত উদ্ধাৰ কৰা হয়  আৰু ওচৰৰ চিকিৎসালয়লৈ লৈ যোৱা হয় । আৰক্ষীয়ে প্ৰকাশ কৰা মতে কমেও পাঁচজন শ্ৰমিক এতিয়াও ক্ৰেইনৰ ধ্বংসাৱশেষৰ তলত আৱদ্ধ হৈ থাকিব পাৰে। 

আৰক্ষীয়ে জনোৱা অনুসৰি, শ্ৰমিকসকলে চামৰুধি এক্সপ্ৰেছৱেত কাম কৰি থকা অৱস্থাত পুৱতি নিশা 'গিৰ্ডাৰ লঞ্চিং মেচিন' নামৰ ক্ৰেইনখন ব্যৱহাৰ কৰিছিল। এনে  ক্ৰেইনবোৰ সাধাৰণতে ৰে’লৰ দলং আৰু ৰাস্তা নিৰ্মাণৰ বাবে ব্যৱহাৰ কৰা হয়। এই যন্ত্ৰটোৰ কাম হৈছে ইস্পাতৰ বৃহৎ টুকুৰাবোৰ এফালৰ পৰা আনফালে স্থানান্তৰিত কৰা।সম্ৰুধি এক্সপ্ৰেছৱেৰ তৃতীয় পৰ্যায়ৰ কাম শ্ৰমিকসকলে পুৱতি নিশা আৰম্ভ কৰিছিল। দুৰ্ঘটনাটোৰ  খবৰ পোৱাৰ পিছতে আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হয় । তেওঁলোকে পূৰ্ণ গতিত উদ্ধাৰ অভিযান চলাই আছে।

সম্ৰুধি এক্সপ্ৰেছৱেৰ আন এটা নাম হৈছে মুম্বাই-নাগপুৰ এক্সপ্ৰেছৱে। ৭০১ কিলোমিটাৰ দীঘল এই পথটোৱে মুম্বাই আৰু নাগপুৰক সংযোগ কৰিছে। দুয়োখন চহৰৰ মাজত সংযোগ স্থাপনৰ বাবে পথটো গুৰুত্বপূৰ্ণ হিচাবে বিবেচিত হৈছে। মহাৰাষ্ট্ৰ চৰকাৰৰ পথ উন্নয়ন নিগমৰ দ্বাৰা পথ নিৰ্মাণৰ কৰি থকা হৈছে এই পথ। ডিচেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পথটোৰ প্ৰথম খণ্ডটো  উদ্বোধন কৰিছিল।










FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস