--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কৰ্ণাটকত আজি এখন নতুন চৰকাৰ গঠন হ’ল। কংগ্ৰেছৰ নেতা সিদ্ধাৰামাইয়াই কৰ্ণাটকৰ নতুন মুখ্যমন্ত্ৰী হিচাবে  আৰু ডি কে শিৱকুমাৰে উপ মুখ্যমন্ত্ৰী হিচাপে আজি শপত গ্ৰহণ কৰিলে৷ এনে সময়তে কৰ্ণাটকৰ নৱনিযুক্ত কংগ্ৰেছ চৰকাৰে  প্ৰথমখন কেবিনেট বৈঠকতে  দলটোৱে নিৰ্বাচনৰ পূৰ্বে দিয়া  ৫ টা নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ সাজু হৈছে৷ 

 ৰাহুল গান্ধীয়ে আজি  এই পাঁচটা ঘোষণাৰ কথা উল্লেখ কৰি কয় যে চৰকাৰে এই ঘোষণা কেইটা শীঘ্ৰে কাৰ্যত পৰিণত কৰিবলৈ   সাজু হৈছে৷ ৰাহুল গান্ধীয়ে কয় যে কংগ্ৰেছে ৫ টা প্ৰতিশ্ৰুতি দিছিল। ৰাহুলে কয় ’’আমি মিছা প্ৰতিশ্ৰুতি নিদিওঁ। এঘণ্টা বা দুঘণ্টাৰ ভিতৰত কৰ্ণাটক চৰকাৰৰ প্ৰথম কেবিনেট বৈঠক অনুষ্ঠিত হ’ব হ'ব। সেই বৈঠকতে  পাঁচোটা প্ৰতিশ্ৰুতি আইনত পৰিণত হ'ব। আমি কৰ্ণাটকবাসীক এক নিকা, দুৰ্নীতিমুক্ত চৰকাৰ প্ৰদান কৰিম’’।ৰাহুল গান্ধীয়ে কংগ্ৰেছে পূৰণ কৰিবলগীয়া পাঁচটা প্ৰতিশ্ৰুতিৰ কথাও পুনৰ দোহাৰে৷ 

সেই প্ৰতিশ্ৰুতিকেইটা হৈছে 
১. ২০০ ইউনিটলৈ লৈকে বিনামূলীয়া বিদ্যুৎ
২.  দৰিদ্ৰ পৰিয়ালৰ মুৰব্বীলৈ মাহে  ২  হাজাৰ টকা প্ৰদান
৩. মহিলাসকলৰ বাবে চৰকাৰী বাছত ভ্ৰমণ বিনামূলীয়া
৪. দুবছৰৰ বাবে নিবনুৱাৰ বাবে ভাট্টা – স্নাতকসকলৰ বাবে তিনি হাজাৰ, ডিপ্লোমাৰ বাবে ডেৰ হাজাৰকৈ টকা। 
৫. বিপিএল পৰিয়ালৰ বাবে ১০ কিলোগ্ৰামকৈ বিনামূলীয়া  চাউল 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস