ডিজিটেল ডেস্কঃ কৰ্ণাটকত আজি এখন নতুন চৰকাৰ গঠন হ’ল। কংগ্ৰেছৰ নেতা সিদ্ধাৰামাইয়াই কৰ্ণাটকৰ নতুন মুখ্যমন্ত্ৰী হিচাবে আৰু ডি কে শিৱকুমাৰে উপ মুখ্যমন্ত্ৰী হিচাপে আজি শপত গ্ৰহণ কৰিলে৷ এনে সময়তে কৰ্ণাটকৰ নৱনিযুক্ত কংগ্ৰেছ চৰকাৰে প্ৰথমখন কেবিনেট বৈঠকতে দলটোৱে নিৰ্বাচনৰ পূৰ্বে দিয়া ৫ টা নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ সাজু হৈছে৷
ৰাহুল গান্ধীয়ে আজি এই পাঁচটা ঘোষণাৰ কথা উল্লেখ কৰি কয় যে চৰকাৰে এই ঘোষণা কেইটা শীঘ্ৰে কাৰ্যত পৰিণত কৰিবলৈ সাজু হৈছে৷ ৰাহুল গান্ধীয়ে কয় যে কংগ্ৰেছে ৫ টা প্ৰতিশ্ৰুতি দিছিল। ৰাহুলে কয় ’’আমি মিছা প্ৰতিশ্ৰুতি নিদিওঁ। এঘণ্টা বা দুঘণ্টাৰ ভিতৰত কৰ্ণাটক চৰকাৰৰ প্ৰথম কেবিনেট বৈঠক অনুষ্ঠিত হ’ব হ'ব। সেই বৈঠকতে পাঁচোটা প্ৰতিশ্ৰুতি আইনত পৰিণত হ'ব। আমি কৰ্ণাটকবাসীক এক নিকা, দুৰ্নীতিমুক্ত চৰকাৰ প্ৰদান কৰিম’’।ৰাহুল গান্ধীয়ে কংগ্ৰেছে পূৰণ কৰিবলগীয়া পাঁচটা প্ৰতিশ্ৰুতিৰ কথাও পুনৰ দোহাৰে৷
সেই প্ৰতিশ্ৰুতিকেইটা হৈছে
১. ২০০ ইউনিটলৈ লৈকে বিনামূলীয়া বিদ্যুৎ
২. দৰিদ্ৰ পৰিয়ালৰ মুৰব্বীলৈ মাহে ২ হাজাৰ টকা প্ৰদান
৩. মহিলাসকলৰ বাবে চৰকাৰী বাছত ভ্ৰমণ বিনামূলীয়া
৪. দুবছৰৰ বাবে নিবনুৱাৰ বাবে ভাট্টা – স্নাতকসকলৰ বাবে তিনি হাজাৰ, ডিপ্লোমাৰ বাবে ডেৰ হাজাৰকৈ টকা।
৫. বিপিএল পৰিয়ালৰ বাবে ১০ কিলোগ্ৰামকৈ বিনামূলীয়া চাউল