--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দেশত পুনৰ সংহাৰী ৰূপ ধাৰণ কৰিছে ক’ভিডে। কৰ’নাৰ নতুন ছাবভেৰিয়েণ্ট JN.1ৰ দ্ৰুত সংক্ৰমণ ঘটিছে সমগ্ৰ দেশতে। প্ৰতিদিনে সংক্ৰমিত হৈছে শতাধিক লোক। যাক লৈ এতিয়া শংকিত হৈ পৰিছে চৰকাৰৰ লগতে দেশৰ জনতা।

স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি বিগত ২৪ ঘণ্টাত দেশত কোভিডত নতুনকৈ আক্ৰান্ত হৈছে ৬৪০ গৰাকী লোক। আনহাতে, এই সময়ছোৱাত দেশত মৃত্যু ঘটিছে এগৰাকী ক’ভিড আক্ৰান্তৰ। বৃদ্ধি পোৱা সংক্ৰমণৰ দিশৰ পৰা দেশৰ ভিতৰত স্পৰ্শকাতৰ হৈ উঠিছে কেৰালা। 

বিগত ২৪ ঘণ্টাত অকল কেৰালাতে আক্ৰান্ত হৈছে ২৬৫ গৰাকী লোক। চৰকাৰী সূত্ৰই প্ৰকাশ কৰা মতে ক‘ভিডৰ দ্ৰুত সংক্ৰমণৰ ফলত দেশত ২৯৯৭লৈ বৃদ্ধি পাইছে এক্টিভ কেছৰ সংখ্যা। যাৰ ভিতৰত কেৰালাত এক্টিভ কেছৰ সংখ্যা হৈছে ২৬০৬টা। 

ইপিনে, শেহতীয়া খবৰ অনুসৰি জয়পুৰত এক এমহীয়া শিশু আক্ৰান্ত হৈছে ক’ভিডত। তাৰ বিপৰীতে গুজৰাটত পজিটিভ চিনাক্ত হৈছে এটি ৮ বছৰীয়া শিশু। তথ্য অনুসৰি কৰ্ণাটকত ১০৫, মহাৰাষ্ট্রত ৫৩ আৰু গুজৰাটত ৩২জন কোভিড ৰোগীয়ে এই মুহূৰ্তত ভৰ্তি হৈ আছে চিকিৎসালয়ত। 

দৰাচলতে কোভিডৰ নতুন ছাবভেৰিয়েণ্ট JN.1ক লৈ উদ্বিগ্ন হৈ পৰিছে দেশৰ স্বাস্থ্য মন্ত্ৰালয়। অতি দ্ৰুতভাৱে সংক্ৰমণ ঘটাব পৰা এই নতুন ছাবভেৰিয়েণ্ট আক্ৰান্ত ২১ গৰাকী লোকক ইতিমধ্যে চিনাক্ত কৰা হৈছে ভাৰতত। তাৰ বিপৰীতে বিশ্বৰ ৪১খন দেশত সংক্ৰমণ ঘটিছে কোভিডৰ নতুন ছাবভেৰিয়েণ্টৰ। 

বিশ্ব স্বাস্থ্য সংস্থাই নতুন ছাবভেৰিয়েণ্ট JN.1ক অন্তৰ্ভুক্ত কৰিছে ভেৰিয়েণ্ট অব ইণ্টাৰেষ্টৰ তালিকাত। ইতিমধ্যে প্ৰদান কৰা ভেকচিন এই নতুন ভাইৰাছৰ ক্ষেত্ৰত কিমান ফলপ্ৰসূ হয় সেই গৱেষণা অব্যাহত ৰাখিছে WHOএ। তেনেস্থলত JN.1ক লৈ ইতিমধ্যে নতুন পৰামৰ্শৱলী জাৰি কৰিছে WHOএ। সামাজিক দূৰত্ব বজাই চলাৰ লগতে মাস্ক পৰিধানৰ পৰামৰ্শ আগবঢ়াইছে WHOএ। সতৰ্কতা অব্যাহত ৰাখিছে কেন্দ্ৰীয় চৰকাৰেও। 

ইতিমধ্যে দেশৰ সকলো জিলাতে অধিকসংখ্যক RTPCR পৰীক্ষণৰ নিৰ্দেশ দিছে কেন্দ্ৰীয় চৰকাৰে। কেৰালা চৰকাৰে বয়োজ্যেষ্ঠ তথা গৰ্ভৱতীসকলক ঘৰৰ বাহিৰত মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰাৰ নিৰ্দেশনা জাৰি কৰিছে। 

ইপিনে, শেহতীয়াভাৱে গুৱাহাটীতো চিনাক্ত হৈছে এগৰাকী নতুন ক’ভিড ৰোগী। অৱশ্যে এয়া ক’ভিডৰ নতুন ছাবভেৰিয়েণ্ট JN.1ৰ সংক্ৰমণ হয়নে নহয় সেই সন্দৰ্ভত কোনো তথ্য প্ৰকাশ কৰা নাই চৰকাৰী সূত্ৰই। অৱশ্যে দেশৰ স্বাস্থ্য বিশেষজ্ঞই JN.1ক লৈ শংকিত হোৱাতকৈ সতৰ্ক হোৱাৰ আহ্বান জনাইছে জনতাক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
জুবিন গাৰ্গৰ অতি জনপ্ৰিয় ২৫ টা গীত নিৰ্ধাৰণ; নতুন অসমীয়া ছবি ‘১৮ নৱেম্বৰ’ৰ গীতৰ অডিচন আৰম্ভ
অটোৰিক্সাৰ পৰা হেৰ’ইন জব্দ; চালকক গ্ৰেপ্তাৰ ধলাই আৰক্ষীৰ
কল পচলাৰ আছে নানা গুণ; আপুনি খাই ভালপায়নে?
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement