--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দেশত পুনৰ সংহাৰী ৰূপ ধাৰণ কৰিছে ক’ভিডে। কৰ’নাৰ নতুন ছাবভেৰিয়েণ্ট JN.1ৰ দ্ৰুত সংক্ৰমণ ঘটিছে সমগ্ৰ দেশতে। প্ৰতিদিনে সংক্ৰমিত হৈছে শতাধিক লোক। যাক লৈ এতিয়া শংকিত হৈ পৰিছে চৰকাৰৰ লগতে দেশৰ জনতা।

স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি বিগত ২৪ ঘণ্টাত দেশত কোভিডত নতুনকৈ আক্ৰান্ত হৈছে ৬৪০ গৰাকী লোক। আনহাতে, এই সময়ছোৱাত দেশত মৃত্যু ঘটিছে এগৰাকী ক’ভিড আক্ৰান্তৰ। বৃদ্ধি পোৱা সংক্ৰমণৰ দিশৰ পৰা দেশৰ ভিতৰত স্পৰ্শকাতৰ হৈ উঠিছে কেৰালা। 

বিগত ২৪ ঘণ্টাত অকল কেৰালাতে আক্ৰান্ত হৈছে ২৬৫ গৰাকী লোক। চৰকাৰী সূত্ৰই প্ৰকাশ কৰা মতে ক‘ভিডৰ দ্ৰুত সংক্ৰমণৰ ফলত দেশত ২৯৯৭লৈ বৃদ্ধি পাইছে এক্টিভ কেছৰ সংখ্যা। যাৰ ভিতৰত কেৰালাত এক্টিভ কেছৰ সংখ্যা হৈছে ২৬০৬টা। 

ইপিনে, শেহতীয়া খবৰ অনুসৰি জয়পুৰত এক এমহীয়া শিশু আক্ৰান্ত হৈছে ক’ভিডত। তাৰ বিপৰীতে গুজৰাটত পজিটিভ চিনাক্ত হৈছে এটি ৮ বছৰীয়া শিশু। তথ্য অনুসৰি কৰ্ণাটকত ১০৫, মহাৰাষ্ট্রত ৫৩ আৰু গুজৰাটত ৩২জন কোভিড ৰোগীয়ে এই মুহূৰ্তত ভৰ্তি হৈ আছে চিকিৎসালয়ত। 

দৰাচলতে কোভিডৰ নতুন ছাবভেৰিয়েণ্ট JN.1ক লৈ উদ্বিগ্ন হৈ পৰিছে দেশৰ স্বাস্থ্য মন্ত্ৰালয়। অতি দ্ৰুতভাৱে সংক্ৰমণ ঘটাব পৰা এই নতুন ছাবভেৰিয়েণ্ট আক্ৰান্ত ২১ গৰাকী লোকক ইতিমধ্যে চিনাক্ত কৰা হৈছে ভাৰতত। তাৰ বিপৰীতে বিশ্বৰ ৪১খন দেশত সংক্ৰমণ ঘটিছে কোভিডৰ নতুন ছাবভেৰিয়েণ্টৰ। 

বিশ্ব স্বাস্থ্য সংস্থাই নতুন ছাবভেৰিয়েণ্ট JN.1ক অন্তৰ্ভুক্ত কৰিছে ভেৰিয়েণ্ট অব ইণ্টাৰেষ্টৰ তালিকাত। ইতিমধ্যে প্ৰদান কৰা ভেকচিন এই নতুন ভাইৰাছৰ ক্ষেত্ৰত কিমান ফলপ্ৰসূ হয় সেই গৱেষণা অব্যাহত ৰাখিছে WHOএ। তেনেস্থলত JN.1ক লৈ ইতিমধ্যে নতুন পৰামৰ্শৱলী জাৰি কৰিছে WHOএ। সামাজিক দূৰত্ব বজাই চলাৰ লগতে মাস্ক পৰিধানৰ পৰামৰ্শ আগবঢ়াইছে WHOএ। সতৰ্কতা অব্যাহত ৰাখিছে কেন্দ্ৰীয় চৰকাৰেও। 

ইতিমধ্যে দেশৰ সকলো জিলাতে অধিকসংখ্যক RTPCR পৰীক্ষণৰ নিৰ্দেশ দিছে কেন্দ্ৰীয় চৰকাৰে। কেৰালা চৰকাৰে বয়োজ্যেষ্ঠ তথা গৰ্ভৱতীসকলক ঘৰৰ বাহিৰত মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰাৰ নিৰ্দেশনা জাৰি কৰিছে। 

ইপিনে, শেহতীয়াভাৱে গুৱাহাটীতো চিনাক্ত হৈছে এগৰাকী নতুন ক’ভিড ৰোগী। অৱশ্যে এয়া ক’ভিডৰ নতুন ছাবভেৰিয়েণ্ট JN.1ৰ সংক্ৰমণ হয়নে নহয় সেই সন্দৰ্ভত কোনো তথ্য প্ৰকাশ কৰা নাই চৰকাৰী সূত্ৰই। অৱশ্যে দেশৰ স্বাস্থ্য বিশেষজ্ঞই JN.1ক লৈ শংকিত হোৱাতকৈ সতৰ্ক হোৱাৰ আহ্বান জনাইছে জনতাক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক