--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • বিহাৰ বিধানসভাৰ নিৰ্বাচনত মহাজোঁটৰ পৰাজয়ৰ পাছত কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীয়ে কয় যে মহাজোঁটৰ প্ৰতি আস্থা প্রকাশ কৰা বিহাৰৰ ভোটাৰসকলৰ প্ৰতি তেওঁ কৃতজ্ঞতা প্রকাশ কৰিছে।

ডিজিটেল ডেস্ক : বিহাৰ বিধানসভাৰ নিৰ্বাচনৰ কালি নির্বাচন আয়োগে ঘোষণা কৰা ফল মানি ল'বলৈ অস্বীকাৰ কৰিছে আৰ জে ডিয়ে। দলটোৰ সূত্ৰই এই কথা প্ৰকাশ কৰি লগতে কয় যে আৰ জে ডিৰ নৱনির্বাচিত সকলো বিধায়কে পদত্যাগ কৰিব। উল্লেখযোগ্য যে বিধানসভাৰ নিৰ্বাচনত আৰ জে ডিৰ প্ৰাৰ্থী ২৫টা সমষ্টিত জয়ী হৈছে।


উল্লেখযোগ্য যে দলটোৰ নেতা তেজস্বী যাদৱ ৰাঘোপুৰ সমষ্টিৰ পৰা বিধানসভালৈ নির্বাচিত হৈছে। ইফালে বিহাৰ বিধানসভাৰ নিৰ্বাচনত মহাজোঁটৰ পৰাজয়ৰ পাছত কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীয়ে কয় যে মহাজোঁটৰ প্ৰতি আস্থা প্রকাশ কৰা বিহাৰৰ ভোটাৰসকলৰ প্ৰতি তেওঁ কৃতজ্ঞতা প্রকাশ কৰিছে।


তেওঁ কয় যে বিহাৰ বিধানসভাৰ নিৰ্বাচনৰ ফল আশ্চর্যজনক। তেওঁ কয়, 'আমি এনেকুৱা এটা নিৰ্বাচনত পৰাজয়বৰণ কৰিলোঁ যিটো আৰম্ভণিৰ পৰাই নিৰপেক্ষ নাছিল। এই যুঁজ সংবিধান আৰু গণতন্ত্ৰক ৰক্ষা কৰাৰ। কংগ্ৰেছ দল আৰু ইণ্ডিয়া মৰ্চাই বিধানসভাৰ নিৰ্বাচনৰ ফল গভীৰভাৱে বিশ্লেষণ কৰিব আৰু গণতন্ত্রক বচোৱাৰ নিজৰ প্ৰয়াস অধিক প্ৰভাৱশালী কৰিব।


ইফালে এ আই এম আই এমৰ নেতা আছাদুদ্দিন ওৱেছিয়ে কয়- তেওঁৰ দলক ভোট দিয়া বিহাৰৰ জনসাধাৰণৰ প্ৰতি কৃতজ্ঞতা প্রকাশ কৰিছে। তেওঁ দলটোৰ প্ৰাৰ্থী জয়ী হোৱা পাঁচটা সমষ্টিৰ বিষয়ে বিশেষভাবে উল্লেখ কৰে আৰু কয় যে তেওঁ বিহাৰৰ জনাদেশক গ্রহণ কৰিছে। তেওঁ কয়, 'মই মুখ্যমন্ত্রী নীতিশ কুমাৰৰ প্রতিও কৃতজ্ঞতা প্রকাশ কৰিছোঁ। ইফালে বিহাৰৰ মুখ্যমন্ত্রী নীতিশ কুমাৰে বিধানসভাৰ নিৰ্বাচনত এন ডি এক বিপুলভাবে জয়ী কৰোৱাৰ কাৰণে বিহাৰৰ জনসাধাৰণৰ প্ৰতি কৃতজ্ঞতা প্রকাশ কৰে। নীতিশ কুমাৰে কয়, 'বিহাৰ বিধানসভাৰ নিৰ্বাচনত ৰাজ্যবাসীয়ে আমাক বিপুল সংখ্যাগৰিষ্ঠতাৰে ভোট দি আমাৰ চৰকাৰৰ প্ৰতি আস্থা প্রকাশ কৰিলে। ইয়াৰ বাবে ৰাজ্যখনৰ সকলো সন্মানীয় ভোটাৰক মোৰ শ্ৰদ্ধা, অন্তৰেৰে কৃতজ্ঞতা প্রকাশ কৰিছোঁ। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কৰা সহযোগিতাৰ বাবেও তেওঁৰ প্রতি শ্রদ্ধা জনাইছোঁ। কেন্দ্রীয় মন্ত্রী তথা এল জে পি (আৰ ভি) নেতা ছিৰাগ পাছোৱানে কয় যে এন ডি এৰ বিপুল জয়ৰ পাছত নীতিশ কুমাৰেই ৰাজ্যখনৰ প্ৰধানমন্ত্ৰী হ'ব।


ইফালে বিহাৰত প্রতিষ্ঠান বিৰোধী ঢৌক মষিমূৰ কৰি বিধানসভাৰ নিৰ্বাচনত বিপুল জয়ৰ পাছত এতিয়া বিজেপিৰ পৰৱৰ্তী লক্ষ্য হ'ল ২০২৬ত অৰ্থাৎ অহা বছৰ হ'বলগীয়া পশ্চিম বংগৰ বিধানসভাৰ নিৰ্বাচনত দলক জয়ী কৰোৱাটো। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে দিল্লীত দলৰ বিজয় সমাৰোহত দিয়া ভাষণত এই কথা উল্লেখ কৰে। আনহাতে কলকাতা বিধানসভাত বিৰোধী দলপতি তথা বিজেপিৰ নেতা শুভেন্দু অধিকাৰীয়ে কয় যে বিহাৰত জয়ী হোৱাৰ পাছত এতিয়া তেওঁৰ দলে পশ্চিম বংগত অহা বছৰ হ'বলগীয়া বিধানসভাৰ নিৰ্বাচনত জয়ৰ লক্ষ্য লৈছে।


উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ