--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • খর্গে আৰু গান্ধীক এই বৈঠকত সহযোগ কৰে সৰ্বভাৰতীয় কংগ্ৰেছৰ সাধাৰণ সম্পাদক (সাংগঠনিক) কে চি বেনুগোপাল, কোষাধ্যক্ষ অজয় মাকেন আৰু কংগ্ৰেছৰ বিহাৰৰ তত্ত্বাবধায়ক কৃষ্ণ আল্লাবৰু।

ডিজিটেল ডেস্ক : বিহাৰৰ বিধানসভাৰ নিৰ্বাচনত শোচনীয় পৰাজয়ৰ পাছতো কংগ্রেছে নির্বাচন আয়োগৰ ভূমিকাক সমালোচনা কৰিবলৈ এৰা নাই। নির্বাচনত ব্যর্থ হোৱাৰ পাছত সমগ্র বিহাৰ বিধানসভাৰ নিৰ্বাচনৰ বিষয়ত পর্যালোচনা চলাবলৈ শনিবাৰে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধী আৰু ৰাষ্ট্ৰীয় সভাপতি মল্লিকার্জুন খর্গে চিন্তন বৈঠকত মিলিত হয়।


খর্গে আৰু গান্ধীক এই বৈঠকত সহযোগ কৰে সৰ্বভাৰতীয় কংগ্ৰেছৰ সাধাৰণ সম্পাদক (সাংগঠনিক) কে চি বেনুগোপাল, কোষাধ্যক্ষ অজয় মাকেন আৰু কংগ্ৰেছৰ বিহাৰৰ তত্ত্বাবধায়ক কৃষ্ণ আল্লাবৰু। সূত্ৰসমূহে প্রকাশ কৰা অনুসৰি, কংগ্রেছৰ শীর্ষ নেতাসকলে বিহাৰত দলটোৰ শোচনীয় প্রদৰ্শনৰ বিষয়ত পর্যালোচনা কৰে।


উল্লেখযোগ্য যে ২০১০ চনৰ পাছত কংগ্ৰেছৰ এইটো দ্বিতীয়বাৰৰ শোচনীয় প্রদর্শন। কংগ্ৰেছে এইবাৰ বিহাৰৰ ৬১ খন আসনত প্রতিদ্বন্দ্বিতা কৰি মাত্র ৬ খন আসনতহে ক্ষান্ত থাকিবলগা হয়। বৈঠকৰ পাছত ৰাহুল গান্ধীয়ে সংবাদ মাধ্যমৰে বাৰ্তালাপ নকৰিলে। কিন্তু বিহাৰৰ শোচনীয় প্রদর্শনৰ বিষয়ত বেনুগোপালক প্রশ্ন কৰাত তেওঁ তেওঁলোকৰ ব্যৰ্থতাৰ বাবে সমগ্র দোষ জাপি দিয়ে নির্বাচন আয়োগক। বেনুগোপালে কয় যে সমগ্র নির্বাচন প্রক্ৰিয়াটো প্রশ্নৰ আৱৰ্তত আছে আৰু প্ৰক্ৰিয়াটোত স্বচ্ছতা নাছিল। কংগ্ৰেছে এই নির্বাচনী ফলৰ বিষয়ত অতি সোনকালে বিশ্লেষণ কৰিব আৰু কেইসপ্তাহমানৰ ভিতৰতে এটা নির্দিষ্ট সিদ্ধান্তত উপনীত হ'ব।


বেনুগোপালে কয় যে বিহাৰ বিধানসভাৰ নিৰ্বাচনৰ ফল সকলোৰে বাবে অবিশ্বাস্য। কেৱল কংগ্ৰেছৰ বাবেই নহয়, মহাগঠবন্ধনৰ মিত্র দলবোৰৰ লগতে বিহাৰৰ জনতাৰ বাবেও এই ফল অপ্রত্যাশিত। এটা ৰাজনৈতিক দলৰ বাবে ৯০% তকৈ অধিক 'ষ্ট্ৰাইক ৰেট' ভাৰতৰ ইতিহাসত এনে কেতিয়াও হোৱা নাই। বেনুগোপালে কয় যে বিহাৰৰ নিৰ্বাচনত সম্পূর্ণ একপক্ষীয় ভূমিকা লৈছিল নির্বাচন আয়োগে।


নির্বাচন আয়োগক 'নিকা নহয়' বুলি ৰাহুল গান্ধীয়ে কৰা মন্তব্যৰ বিষয়ৰ প্রশ্ন কৰাত বেনুগোপালে কয় যে কংগ্রেছে হাৰিয়ানাৰ নিৰ্বাচনৰ সময়তো আয়োগক সমালোচনা কৰিছিল। হাৰিয়ানা নির্বাচনতো 'ৰিগিং' হৈছিল। বিহাৰতো অনুৰূপ পৰিস্থিতি হৈছে বুলি কংগ্রেছে সঠিক প্রমাণ দিব বুলি বেনুগোপালে কয়। আনহাতে নির্বাচনী ফল ঘোষণাৰ পাছতেই ৰাহুল গান্ধীয়ে মন্তব্য কৰিছিল যে বিহাৰৰ নিৰ্বাচনৰ ফল আশ্চর্যজনক। প্রথমৰপৰাই বিহাৰৰ নির্বাচন প্রক্রিয়া স্বচ্ছ আৰু নিকা নাছিল বুলি ৰাহুলে অভিযোগ কৰিছিল। কংগ্ৰেছে এইটোও দাবী কৰে যে বিহাৰত ব্যাপক হাৰত 'ভোট চুৰি' বাবেই বিজেপিয়ে এনেদৰে সফলতা অর্জন কৰিছে। এই 'ভোট চুৰি'ৰ মাষ্টাৰমাইণ্ড হৈছে প্রধানমন্ত্রী, গৃহমন্ত্রী আৰু নির্বাচন আয়োগ।


উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ