--°C
Loading...
Listen to Article
2 min read
80%
বকৰি- ঈদ বা কুৰবানি ঈদ সমাগত, ইয়াৰ প্ৰাকক্ষণত মৌলানা খালিদ ৰছিদে যিকোনো জন্তুৰ বলিদান সন্দৰ্ভত এক পৰামৰ্শ জাৰি কৰি মানুহক কেৱল আইনীভাৱে অনুমতি দিয়া জন্তুবোৰহে বলি দিবলৈ কোৱা হৈছে। তেওঁ সকলো ইছলাম ধৰ্মৰ লোকসকলক ছ'চিয়েল মিডিয়াত কুৰবাণীৰ ভিডিঅ' শ্বেয়াৰ নকৰিবলৈ আহ্বান জনাইছে।

ঈদ-উল-আধা  উদযাপন কৰা লোকসকলৰ বাবে মৌলানা খালিদ ৰছিদৰ পৰামৰ্শ:

১) কেৱল সেই জন্তুবোৰক বলি দিব লাগে যাক আইনীভাৱে অনুমতি দিয়া হয়।
২) ৰাস্তা, মুকলি এলেকা বা ৰাজহুৱা স্থানত একো অৱশিষ্ট পেলাব নালাগে।
৩) পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰাখিবলৈ মনত ৰাখিব।
৪) কোনো ফটো, ভিডিঅ' সামাজিক মাধ্যমত শ্বেয়াৰ কৰিব নালাগে।
৫) জন্তুৰ অৱশিষ্ট নৰ্দমাত তেজ নিষ্কাশন নকৰিবলৈ অনুৰোধ জনাইছে কিয়নো ই স্বাস্থ্যকৰ নহয়।
৬) দৰিদ্ৰ লোকসকলৰ মাজত ১/৩ অংশ বিতৰণ বা দান কৰক। 
এই বছৰঈদ আল-আধা ২০২২ ৯ আৰু ১০ জুলাইত উদযাপন কৰা হ'ব।

বকৰি ঈদ হৈছে 'কুৰবানীৰ উৎসৱ' আৰু ইছলামত যথেষ্ট গুৰুত্ব আছে। এইটো মুছলমান সম্প্ৰদায়ৰ দ্বাৰা উদযাপন কৰা দুটা মুখ্য উৎসৱৰ ভিতৰত অন্যমত। 

ইয়াক বিশ্বজুৰি পয়গম্বৰ ইব্ৰাহিমক স্মৰণ আৰু সন্মান জনোৱাৰ বাবে পালন কৰা হয়, কিয়নো তেওঁ তেওঁৰ পুত্ৰ ইছমাইলক ঈশ্বৰৰ আজ্ঞাকাৰী কাৰ্য্য হিচাপে বলি দান কৰিবলৈ ইচ্ছা কৰিছিল।



FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ