--°C
Loading...
Listen to Article
2 min read
80%
পুনৰ আহিছে কভিড। কভিডৰ সেই দুৰ্ভিসহ ছবিখন আমি হয়তো কোনেও পাহৰা নাই। জীৱনতকৈ জীয়াই থাকিবলৈ মানহে কৰিব লগা হৈছিল সংগ্ৰাম । দিন গলে ৰাতি নপুৱাৰ দৰে এখন জীয়া ছবি। হয়তো সেই দিনবোৰৰ কথা কোনো কল্পনাও কৰিব নোৱাৰে বা ভাবিবও নোৱাৰে।   

পুনৰ যেন কভিডৰ সেই ভয়াবহ দিনবোৰ যেন ঘুৰি আহিব ধৰিছে। ভাৰতৰ লগতে শেহতীয়াকৈ অসমত বৃদ্ধি পাইছে কভিড সংক্ৰমণ। প্ৰলয়ংকৰী বানে ত্রাসৰ সৃষ্টি কৰা ৰাজ্যখনত নিতৌ বৃদ্ধি পাবলৈ ধৰিছে কভিডৰ সংক্রমণ । আনকি অসমত কভিডৰ সংক্ৰমণৰ হাৰ ৰাষ্ট্ৰীয় পৰ্যায়তকৈও অধিক হৈ পৰিছে । ৰাজ্যখনত কোভিডৰ দ্ৰুত সংক্রমণক লৈ চিন্তিত হৈ পৰিছে স্বাস্থ্য বিভাগ ।

বৃহস্পতিবাৰৰ দিনটোত ৰাজ্যখনত নতুনকৈ ২৭৩ গৰাকী লোক কভিডত আক্ৰান্ত হোৱাৰ বিপৰীতে এজন লোকৰ মৃত্যু হৈছে। বৃহস্পতিবাৰে ৰাজ্যত মুঠ পজিটিভিটিৰ হাৰ হৈছে ১০.৩৮ শতাংশ।  অসমত ক’ভিড-১৯ পজিটিভিটিৰ হাৰ ৰাষ্ট্ৰীয় পৰ্যায়তকৈ দুগুণ। বিশেষকৈ কামৰূপ মহানগৰ জিলাত কোভিডত আক্রান্ত লোকৰ সংখ্যা অভাৱনীয়ভাৱে বৃদ্ধি পাইছে। কামৰূপ মেট্ৰত বৃহস্পতিবাৰে ১০০ গৰাকী  লোক কভিডৰ দ্বাৰা আক্ৰান্ত হৈছে।

স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ মতে, ৰাজ্যত বৃদ্ধি পোৱা কোভিড পজিটিভিটিৰ হাৰ উদ্বেগজনক। কমকৈ পৰীক্ষা কৰাৰ লগে লগে ৰাজ্যত নতুনকৈ আক্ৰান্ত হোৱা লোকো কম।

কিন্তু যিমানেই বেছি পৰীক্ষা কৰা হ’ব সিমানেই নতুনকৈ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাব বুলি তেওঁ মন্তব্য কৰে। যিহেতু বৰ্তমান সময়ত বানৰ ওপৰত অধিক গুৰুত্ব দিয়া হৈছে, সেয়ে চিকিৎসক আৰু স্বাস্থ্য বিষয়াসকল বানপীড়িত লোকসকলৰ সৈতে ব্যস্ত হৈ থকা পৰিলক্ষিত হৈছে। অৱশ্যে অতি সোনকালে অসমত এটা বিশেষ কোভিড টেষ্টিং ড্ৰাইভ আৰম্ভ কৰা হ’ব বুলি স্বাস্থ্যবিভাগৰ এগৰাকী বিষয়াই অৱগত কৰে। 

বিষয়া গৰাকীয়ে উল্লেখ কৰা মতে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে ৰাজ্যৰ একাধিক স্থানত পৰীক্ষাৰ বাবে পৰ্যাপ্ত প্ৰচাৰ আৰু ব্যৱস্থা কৰিবলৈ পৰামৰ্শ দিছে। নতুনকৈ ধৰা পৰা কোভিড আক্ৰান্তসকলৰ অধিকাংশই গুৱাহাটীৰ। সেয়েহে  গুৱাহাটীত সজাগতা আৰু কোভিড টেষ্টিং ড্ৰাইভ চলোৱাৰ প্ৰয়োজন বুলি তেওঁ উল্লেখ কৰে ।


বিশেষকৈ অম্বুবাচী মেলাৰ পাছৰে পৰা গুৱাহাটীত দ্ৰুত হাৰত কভিডৰ সংক্ৰমণ বৃদ্ধি পাবলৈ ধৰিছে ৷ কভিড উপসৰ্গই দেখা দিয়াৰ পাছতো বহু লোকে পৰীক্ষা অবিহনেই ঘূৰি ফুৰাৰো অভিযোগ উঠিছে৷
তদুপৰি বহু লোকে ব্যক্তিগতভাৱে কভিড পৰীক্ষা কৰাই ধৰা পৰিলে নিজাকৈ চিকিৎসা গ্ৰহণ কৰি আছে৷ তেনে পৰিস্থিতিত সংক্ৰমণ অধিক হোৱাৰ আশংকাই দেখা দিছে৷ ইফালে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাইজক সতৰ্ক হৈ থকাৰ বাবে আহ্বান জনাইছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলৰ অধীক্ষক অভিজিৎ শৰ্মাই৷
সাংবাদিকৰ আগত শৰ্মাই প্ৰকাশ কৰা মতে পৰিস্থিতি যাতে নিয়ন্ত্ৰণত থাকে তাৰ প্ৰতি লক্ষ্য ৰাখি সকলোৱে কভিডৰ নীতি-নিয়মসমূহ মানি চলা উচিত৷ সকলোকে জনসমাগমৰ পৰা দূৰত থাকিবলৈ আহবান জনাই শৰ্মাই লগতে কয় যে মাস্ক পৰিধান কৰাটো অতি জৰুৰী হৈ পৰিছে৷
আনহাতে, ৰাজ্যখনৰ বহুসংখ্যক লোকেই কভিডৰ তৃতীয় পালি ভেকচিন অথাৰ্ৎ বুষ্টাৰ ড’জ গ্ৰহণ কৰা নাই বুলি উল্লেখ কৰি তেওঁ কয় যে অতি সোনকালে সকলোৱে  কভিডৰ তৃতীয় পালি ভেকচিন  গ্ৰহণ কৰক৷
ইফালে, কভিডৰ সংক্ৰমণ বৃদ্ধি পালেও চিকিৎসালয়ত ভৰ্তি হোৱা লোকৰ সংখ্যা একেবাৰে কম বুলি জানিবলৈ দি তেওঁ লগতে কয় যে গুৱহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলত কভিডত আক্ৰান্তসকলৰ বাবে সুকীয়াকৈ মুঠ ৫৮জ্ঝখন বিছনা সাজু হৈ আছে৷



FOLLOW US F
POPULAR
FEATURE
TRENDY
ই আই’-এ চিনাক্ত কৰিব ফ্ল’ৰাইড-আৰ্চেনিক; IIT গুৱাহাটীৰ গৱেষকৰ উদ্ভাৱন
১৯ দিনৰ পাছতো ভয়াৱহ ৰূপত অসমৰ বান পৰিস্থিতি
স্বাভাৱিক হ’ব ৰে’ল সেৱা; শিৱসাগৰত বানত ক্ষতিগ্ৰস্ত ৰে’লপথৰ মেৰামতি সম্পন্ন
ক্ষুদ্ৰ চাহ খেতিয়কৰ উল্লেখনীয় অৱদান; জুনত অসমৰ চাহ উৎপাদন ১৪.০২ মিলিয়ন কেজি বৃদ্ধি
৬০০সংখ্যক টেষ্ট খেলিব ভাৰতে; ১৫ আগষ্টত শ্ৰীলংকাৰ গালেত ৰচনা হ’ব ইতিহাস
শিৱসাগৰৰ অভিজিত দুৱৰাৰ উদ্ভাৱন; বানে ঢকা নলা-নৰ্দমা আৰু গাঁতৰ পৰা হোৱা বিপদ ৰোধিবলৈ সৌৰ সুৰক্ষা যন্ত্ৰ নিৰ্মাণ
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ