--°C
Loading...
Listen to Article
2 min read
80%
পুনৰ আহিছে কভিড। কভিডৰ সেই দুৰ্ভিসহ ছবিখন আমি হয়তো কোনেও পাহৰা নাই। জীৱনতকৈ জীয়াই থাকিবলৈ মানহে কৰিব লগা হৈছিল সংগ্ৰাম । দিন গলে ৰাতি নপুৱাৰ দৰে এখন জীয়া ছবি। হয়তো সেই দিনবোৰৰ কথা কোনো কল্পনাও কৰিব নোৱাৰে বা ভাবিবও নোৱাৰে।   

পুনৰ যেন কভিডৰ সেই ভয়াবহ দিনবোৰ যেন ঘুৰি আহিব ধৰিছে। ভাৰতৰ লগতে শেহতীয়াকৈ অসমত বৃদ্ধি পাইছে কভিড সংক্ৰমণ। প্ৰলয়ংকৰী বানে ত্রাসৰ সৃষ্টি কৰা ৰাজ্যখনত নিতৌ বৃদ্ধি পাবলৈ ধৰিছে কভিডৰ সংক্রমণ । আনকি অসমত কভিডৰ সংক্ৰমণৰ হাৰ ৰাষ্ট্ৰীয় পৰ্যায়তকৈও অধিক হৈ পৰিছে । ৰাজ্যখনত কোভিডৰ দ্ৰুত সংক্রমণক লৈ চিন্তিত হৈ পৰিছে স্বাস্থ্য বিভাগ ।

বৃহস্পতিবাৰৰ দিনটোত ৰাজ্যখনত নতুনকৈ ২৭৩ গৰাকী লোক কভিডত আক্ৰান্ত হোৱাৰ বিপৰীতে এজন লোকৰ মৃত্যু হৈছে। বৃহস্পতিবাৰে ৰাজ্যত মুঠ পজিটিভিটিৰ হাৰ হৈছে ১০.৩৮ শতাংশ।  অসমত ক’ভিড-১৯ পজিটিভিটিৰ হাৰ ৰাষ্ট্ৰীয় পৰ্যায়তকৈ দুগুণ। বিশেষকৈ কামৰূপ মহানগৰ জিলাত কোভিডত আক্রান্ত লোকৰ সংখ্যা অভাৱনীয়ভাৱে বৃদ্ধি পাইছে। কামৰূপ মেট্ৰত বৃহস্পতিবাৰে ১০০ গৰাকী  লোক কভিডৰ দ্বাৰা আক্ৰান্ত হৈছে।

স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ মতে, ৰাজ্যত বৃদ্ধি পোৱা কোভিড পজিটিভিটিৰ হাৰ উদ্বেগজনক। কমকৈ পৰীক্ষা কৰাৰ লগে লগে ৰাজ্যত নতুনকৈ আক্ৰান্ত হোৱা লোকো কম।

কিন্তু যিমানেই বেছি পৰীক্ষা কৰা হ’ব সিমানেই নতুনকৈ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাব বুলি তেওঁ মন্তব্য কৰে। যিহেতু বৰ্তমান সময়ত বানৰ ওপৰত অধিক গুৰুত্ব দিয়া হৈছে, সেয়ে চিকিৎসক আৰু স্বাস্থ্য বিষয়াসকল বানপীড়িত লোকসকলৰ সৈতে ব্যস্ত হৈ থকা পৰিলক্ষিত হৈছে। অৱশ্যে অতি সোনকালে অসমত এটা বিশেষ কোভিড টেষ্টিং ড্ৰাইভ আৰম্ভ কৰা হ’ব বুলি স্বাস্থ্যবিভাগৰ এগৰাকী বিষয়াই অৱগত কৰে। 

বিষয়া গৰাকীয়ে উল্লেখ কৰা মতে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে ৰাজ্যৰ একাধিক স্থানত পৰীক্ষাৰ বাবে পৰ্যাপ্ত প্ৰচাৰ আৰু ব্যৱস্থা কৰিবলৈ পৰামৰ্শ দিছে। নতুনকৈ ধৰা পৰা কোভিড আক্ৰান্তসকলৰ অধিকাংশই গুৱাহাটীৰ। সেয়েহে  গুৱাহাটীত সজাগতা আৰু কোভিড টেষ্টিং ড্ৰাইভ চলোৱাৰ প্ৰয়োজন বুলি তেওঁ উল্লেখ কৰে ।


বিশেষকৈ অম্বুবাচী মেলাৰ পাছৰে পৰা গুৱাহাটীত দ্ৰুত হাৰত কভিডৰ সংক্ৰমণ বৃদ্ধি পাবলৈ ধৰিছে ৷ কভিড উপসৰ্গই দেখা দিয়াৰ পাছতো বহু লোকে পৰীক্ষা অবিহনেই ঘূৰি ফুৰাৰো অভিযোগ উঠিছে৷
তদুপৰি বহু লোকে ব্যক্তিগতভাৱে কভিড পৰীক্ষা কৰাই ধৰা পৰিলে নিজাকৈ চিকিৎসা গ্ৰহণ কৰি আছে৷ তেনে পৰিস্থিতিত সংক্ৰমণ অধিক হোৱাৰ আশংকাই দেখা দিছে৷ ইফালে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাইজক সতৰ্ক হৈ থকাৰ বাবে আহ্বান জনাইছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলৰ অধীক্ষক অভিজিৎ শৰ্মাই৷
সাংবাদিকৰ আগত শৰ্মাই প্ৰকাশ কৰা মতে পৰিস্থিতি যাতে নিয়ন্ত্ৰণত থাকে তাৰ প্ৰতি লক্ষ্য ৰাখি সকলোৱে কভিডৰ নীতি-নিয়মসমূহ মানি চলা উচিত৷ সকলোকে জনসমাগমৰ পৰা দূৰত থাকিবলৈ আহবান জনাই শৰ্মাই লগতে কয় যে মাস্ক পৰিধান কৰাটো অতি জৰুৰী হৈ পৰিছে৷
আনহাতে, ৰাজ্যখনৰ বহুসংখ্যক লোকেই কভিডৰ তৃতীয় পালি ভেকচিন অথাৰ্ৎ বুষ্টাৰ ড’জ গ্ৰহণ কৰা নাই বুলি উল্লেখ কৰি তেওঁ কয় যে অতি সোনকালে সকলোৱে  কভিডৰ তৃতীয় পালি ভেকচিন  গ্ৰহণ কৰক৷
ইফালে, কভিডৰ সংক্ৰমণ বৃদ্ধি পালেও চিকিৎসালয়ত ভৰ্তি হোৱা লোকৰ সংখ্যা একেবাৰে কম বুলি জানিবলৈ দি তেওঁ লগতে কয় যে গুৱহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলত কভিডত আক্ৰান্তসকলৰ বাবে সুকীয়াকৈ মুঠ ৫৮জ্ঝখন বিছনা সাজু হৈ আছে৷



FOLLOW US F
POPULAR
FEATURE
TRENDY
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
বিশ্ব কাপত নাথাকিব ২ তাৰকা, আশা ভংগ হ'ব বিৰাট-ৰোহিতৰ!
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন