--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰৰ থানে জিলাৰ এটা হাউচিং কমপ্লেক্সৰ বাসিন্দাসকলৰ একাংশই  বকৰিদৰ বাবে  এজন ব্যক্তিয়ে তেওঁৰ ঘৰলৈ এটা  ছাগলী অনাত আপত্তি দৰ্শাইছে। ইয়াকেলৈ হাউচিং কমপ্লেক্সটোত উত্তেজনাৰ সৃষ্টি হৈছে। মঙলবাৰে সন্ধিয়া সংঘটিত ঘটনাটোৰ পিছত আৰক্ষীয়ে ভায়ান্দৰ অঞ্চলত অৱস্থিত হাউচিং চছাইটিলৈ যায় আৰু  আবাসীসকলৰ সৈতে আলোচনা কৰে। 

আৰক্ষীৰ বুজনিত লোকসকল  শান্ত হয় বুলি  মীৰা ৰোড আৰক্ষী থানাৰ এজন ষ্টেচন হাউচ বিষয়াই (এছএইচঅ') প্ৰকাশ কৰিছে। ঈদৰ দিনা কুৰবানীৰ বাবে ছাগলী অনাৰ বিষয়টোক ফ্লেটটোৰ বহু আবাসীয়ে সহজভাবে গ্ৰহণ কৰিব পৰা নাছিল। ঘটনাটোৰ এটা ভিডিঅ' ছচিয়েল মিডিয়া প্লেটফৰ্মত ভাইৰেল হৈ পৰিছে।  য'ত একাংশ লোকে চিঞৰি চিঞৰি মানুহজনক  তেওঁৰ ঘৰলৈ ছাগলী  লৈ যোৱাত বাধা দিয়া দেখা গৈছে।আৰক্ষী বিষয়াজনে কয়  যে মানুহজনে প্ৰতি বছৰে আৰক্ষীক বকৰিদৰ আগত তেওঁৰ ঘৰলৈ ছাগলী অনাৰ প্ৰক্ৰিয়াৰ বিষয়ে আগতীয়াকৈ অৱগত কৰে । 

কিয়নো ছাগলী ৰাখিবলৈ তেওঁৰ আন কোনো ঠাই নাই।"মানুহজনে পিছদিনা ছাগলীটো তাৰ পৰা  লৈ যায় ।  তেওঁৰ বাসগৃহত ছাগলী বধ কৰা নহয়," বিষয়াজনে কয়। বকৰিদৰ বাবে ছাগলী অনাকলৈ একাংশ লোকৰ মাজত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ পিছতে মানুহজনক এতিয়া আৰক্ষীৰ উপস্থিতিত ছাগলীটো  ঘৰৰ পৰা বাহিৰলৈ লৈ যাবলৈ কোৱা হয়। উল্লেখ্য ২০১৬ চনতো মহাৰাষ্ট্ৰত বকৰিদৰ বাবে ছাগলী অনাকলৈ সংঘাতৰ সৃষ্টি হৈছিল।


 অৱশেষত সেই সংঘাতে আদালতৰ মজিয়া পাইছিল। অৱশ্যে আদালতে ছাগলী অনাৰ বিৰোধিতা কৰা লোকসকলৰ আবেদন নাকচ কৰিছিল। মহাৰাষ্ট্ৰৰ শেহতীয়া ঘটনাটোৱে একাংশ ধৰ্মীয় আবেগৰ স্বৰূপ পুনৰবাৰ উদঙাই দিয়া বুলি বহুতে মন্তব্য কৰিছে। কুৰবানীৰ বাবে ছাগলী অনাটো কোনো অপৰাধ নহয় যদিও বিষয়টোকলৈ বহুতে পানী ঘোলা কৰা কাৰ্যক নিন্দনীয় বুলি মন্তব্য কৰিছে। বিশেষকৈ ভাৰতৰ দৰে এখন ধৰ্ম নিৰপেক্ষ দেশত সকলো লোকৰে আইনৰ গণ্ডীৰ ভিতৰত থাকি নিজস্ব ধৰ্মীয় ৰীতি-নীতি পালনৰ অধিকাৰ আছে বুলি বহুতে মন্তব্য কৰিছে।  










FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস