--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰৰ থানে জিলাৰ এটা হাউচিং কমপ্লেক্সৰ বাসিন্দাসকলৰ একাংশই  বকৰিদৰ বাবে  এজন ব্যক্তিয়ে তেওঁৰ ঘৰলৈ এটা  ছাগলী অনাত আপত্তি দৰ্শাইছে। ইয়াকেলৈ হাউচিং কমপ্লেক্সটোত উত্তেজনাৰ সৃষ্টি হৈছে। মঙলবাৰে সন্ধিয়া সংঘটিত ঘটনাটোৰ পিছত আৰক্ষীয়ে ভায়ান্দৰ অঞ্চলত অৱস্থিত হাউচিং চছাইটিলৈ যায় আৰু  আবাসীসকলৰ সৈতে আলোচনা কৰে। 

আৰক্ষীৰ বুজনিত লোকসকল  শান্ত হয় বুলি  মীৰা ৰোড আৰক্ষী থানাৰ এজন ষ্টেচন হাউচ বিষয়াই (এছএইচঅ') প্ৰকাশ কৰিছে। ঈদৰ দিনা কুৰবানীৰ বাবে ছাগলী অনাৰ বিষয়টোক ফ্লেটটোৰ বহু আবাসীয়ে সহজভাবে গ্ৰহণ কৰিব পৰা নাছিল। ঘটনাটোৰ এটা ভিডিঅ' ছচিয়েল মিডিয়া প্লেটফৰ্মত ভাইৰেল হৈ পৰিছে।  য'ত একাংশ লোকে চিঞৰি চিঞৰি মানুহজনক  তেওঁৰ ঘৰলৈ ছাগলী  লৈ যোৱাত বাধা দিয়া দেখা গৈছে।আৰক্ষী বিষয়াজনে কয়  যে মানুহজনে প্ৰতি বছৰে আৰক্ষীক বকৰিদৰ আগত তেওঁৰ ঘৰলৈ ছাগলী অনাৰ প্ৰক্ৰিয়াৰ বিষয়ে আগতীয়াকৈ অৱগত কৰে । 

কিয়নো ছাগলী ৰাখিবলৈ তেওঁৰ আন কোনো ঠাই নাই।"মানুহজনে পিছদিনা ছাগলীটো তাৰ পৰা  লৈ যায় ।  তেওঁৰ বাসগৃহত ছাগলী বধ কৰা নহয়," বিষয়াজনে কয়। বকৰিদৰ বাবে ছাগলী অনাকলৈ একাংশ লোকৰ মাজত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ পিছতে মানুহজনক এতিয়া আৰক্ষীৰ উপস্থিতিত ছাগলীটো  ঘৰৰ পৰা বাহিৰলৈ লৈ যাবলৈ কোৱা হয়। উল্লেখ্য ২০১৬ চনতো মহাৰাষ্ট্ৰত বকৰিদৰ বাবে ছাগলী অনাকলৈ সংঘাতৰ সৃষ্টি হৈছিল।


 অৱশেষত সেই সংঘাতে আদালতৰ মজিয়া পাইছিল। অৱশ্যে আদালতে ছাগলী অনাৰ বিৰোধিতা কৰা লোকসকলৰ আবেদন নাকচ কৰিছিল। মহাৰাষ্ট্ৰৰ শেহতীয়া ঘটনাটোৱে একাংশ ধৰ্মীয় আবেগৰ স্বৰূপ পুনৰবাৰ উদঙাই দিয়া বুলি বহুতে মন্তব্য কৰিছে। কুৰবানীৰ বাবে ছাগলী অনাটো কোনো অপৰাধ নহয় যদিও বিষয়টোকলৈ বহুতে পানী ঘোলা কৰা কাৰ্যক নিন্দনীয় বুলি মন্তব্য কৰিছে। বিশেষকৈ ভাৰতৰ দৰে এখন ধৰ্ম নিৰপেক্ষ দেশত সকলো লোকৰে আইনৰ গণ্ডীৰ ভিতৰত থাকি নিজস্ব ধৰ্মীয় ৰীতি-নীতি পালনৰ অধিকাৰ আছে বুলি বহুতে মন্তব্য কৰিছে।  










FOLLOW US F
POPULAR
FEATURE
TRENDY
সাৱধান লখিমপুৰ সীমান্তবাসী!  অসম-অৰুণাচল সীমান্তত চলিব বোমা বিস্ফোৰণ, ৰকেট, গুলীচালনাৰ অনুশীলন
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ