--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যুৱক জনৰ প্ৰকৃত নাম মোজাম্মিল। কিন্তু এগৰাকী যুৱতীক বিয়া পাতিবলৈ মোজাম্মিলে নাম সলনি কৰি হৈ পৰিছিল মুকেশ । মুকেশৰ সৈতে সম্পৰ্ক গভীৰ হৈ পৰিছিল এগৰাকী হিন্দু যুৱতীৰ। মোজাম্মিলক মুকেশ ভাবি যুৱতীগৰাকীয়ে তেওঁৰ সৈতে বিয়া হ’বলৈ সাজু হৈছিল। এটা সময়ত মুকেশৰূপী মোজাম্মিলে যুৱতীগৰাকীক বিয়া পাতিছিল আৰু বিয়াৰ পিছতেই যুৱতীগৰাকীক ইছলামলৈ ধৰ্মান্তৰিত হ’বলৈ হেঁচা দিছিল।

 ভুক্তভোগী যুৱতীগৰাকীয়ে অভিযোগ  কৰা অনুসৰি যুৱকজনে তেওঁক  নামাজ  পঢ়িবলৈ কৰিবলৈ আৰু ইছলাম ধৰ্ম গ্ৰহণ কৰিবলৈ তীব্ৰ হেঁচা দিছিল । সেই দাবী মানি নোলোৱাৰ বাবেই মোজাম্মিলে যুৱতীগৰাকীৰ ওপৰত চলাইছিল অকথ্য নিৰ্যাতন। কেৱল সেয়াই নহয়, আন দুজন বন্ধুৰে মিলি মোজাম্মিলে যুৱতীগৰাকীক কৰিছিল দলবদ্ধ ধৰ্ষণ। এটা সময়ত তিনিজন লোকৰ ওচৰত যুৱতীগৰাকীক মোজাম্মিলে বিক্ৰী কৰি দিছিল। 

এই ঘটনাটো সংঘটিত হোৱাৰ কিছু বছৰ হ’ল যদিও যুৱতীগৰাকীয়ে ভয়তে মুখ খোলা নাছিল। এই শিহৰণকাৰী  ঘটনাটো সংঘটিত হৈছে যোগীৰ ৰাজ্য  উত্তৰ প্ৰদেশৰ আমৰোহাত। ঘটনাটোৰ বিষয়ে যুৱতীগৰাকীয়ে আৰক্ষীৰ কাষ চপাৰ পিছতে  আৰক্ষীয়ে এই সন্দৰ্ভত বিভিন্ন ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰিছে।গাজীপুৰৰ হিন্দু যুৱতীগৰাকীয়ে  আমৰোহাত বাস কৰা এজন যুৱকৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। অভিযুক্ত যুৱকজন গজৰৌলা আৰক্ষী থানা অঞ্চলৰ অন্তৰ্গত কাচেৰৱা গাঁৱৰ বাসিন্দা।ঘটনাটোৰ বিষয়ে জানিব পাৰি বজৰং দলৰ কৰ্মীসকলে বিষয়টো হস্তক্ষেপ কৰে আৰু যুৱতীগৰাকীৰ  সৈতে আৰক্ষী থানাত উপস্থিত হয়।  


যুৱতীগৰাকীয়ে আৰক্ষীক কয়  যে যুৱকজনে বিয়াৰ আগতে নিজকে হিন্দু বুলি চিনাকী  দিছিল। তেওঁ তেওঁৰ নাম মুকেশ বুলি কৈছিল। তেওঁলোকে ইজনে সিজনৰ সৈতে ফোনত কথা পাতিছিল। ইয়াৰ পিছত, তেওঁলোক দুয়ো প্ৰেমত পৰিছিল আৰু বিবাহপাশত আৱদ্ধ হৈছিল।

অভিযুক্ত যুৱকজনে প্ৰথমে যুৱতীগৰাকীক নিজৰ গাঁৱলৈ লৈ আহিছিল আৰু পিছত ৮  বছৰৰ বাবে মাদ্ৰাছাত ৰাখিছিল। এই ঘটনা শেহতীয়াকৈ পোহৰলৈ অহাৰ পিছতে  আৰক্ষীয়ে বিভিন্ন ধাৰাৰ অধীনত চাৰিজন লোকৰ  বিৰুদ্ধে এটা গোচৰ ৰুজু কৰিছে। মূল অভিযুক্ত মোজাম্মিলৰ  বিৰুদ্ধে  ভাৰতীয় দণ্ডবিধিৰ  ৫০৬ আৰু ৩৭৬ ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰা হৈছে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
ভক্তি ৰসেৰে জীপাল সোণাপুৰৰ কমাৰকুছি
তামিলনাডুত পদপিষ্ট হৈ ৩৫জনৰ মৃত্যু, ৰাজনীতিক-অভিনেতা বিজয়ৰ জনসভাত অঘটন
স্বদেশী ৪-জি নেটৱৰ্কৰ শুভাৰম্ভ প্রধানমন্ত্রী মোদীৰ
৩ অক্টোবৰত শপত ল'ব হাগ্রামা মহিলাৰীৰ চৰকাৰে, বি পি এফৰ নীতি নির্ধাৰক বৈঠক
ট্রাম্পৰ শুল্ক যুদ্ধৰ পাছতে মোদীয়ে পুটিনলৈ ফ'ন কৰিছিল, নাটোৰ মুৰব্বীৰ দাবী
জুবিনক হেৰুৱাই ম্রিয়মাণ পৰিৱেশত আজি ষষ্ঠী, উত্তাপহীন শাৰদোৎসৱ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান
চন্দনৰ তপ্ত চিতা! অজস্ৰজনৰ উচুপনিৰে কায়িক বিদায় জুবিনদাৰ
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত
জুবিনৰ ৰহস্যজনক মৃত্যু! গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল
ইতিহাস হ'ল জুবিন
শেষকৃত্যথলীত উদ্ভাসিত সমন্বয়ৰ ছবি, জাতীয় বস্ত্ৰৰে জুবিন গাৰ্গক শ্রদ্ধাঞ্জলি