--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যুৱক জনৰ প্ৰকৃত নাম মোজাম্মিল। কিন্তু এগৰাকী যুৱতীক বিয়া পাতিবলৈ মোজাম্মিলে নাম সলনি কৰি হৈ পৰিছিল মুকেশ । মুকেশৰ সৈতে সম্পৰ্ক গভীৰ হৈ পৰিছিল এগৰাকী হিন্দু যুৱতীৰ। মোজাম্মিলক মুকেশ ভাবি যুৱতীগৰাকীয়ে তেওঁৰ সৈতে বিয়া হ’বলৈ সাজু হৈছিল। এটা সময়ত মুকেশৰূপী মোজাম্মিলে যুৱতীগৰাকীক বিয়া পাতিছিল আৰু বিয়াৰ পিছতেই যুৱতীগৰাকীক ইছলামলৈ ধৰ্মান্তৰিত হ’বলৈ হেঁচা দিছিল।

 ভুক্তভোগী যুৱতীগৰাকীয়ে অভিযোগ  কৰা অনুসৰি যুৱকজনে তেওঁক  নামাজ  পঢ়িবলৈ কৰিবলৈ আৰু ইছলাম ধৰ্ম গ্ৰহণ কৰিবলৈ তীব্ৰ হেঁচা দিছিল । সেই দাবী মানি নোলোৱাৰ বাবেই মোজাম্মিলে যুৱতীগৰাকীৰ ওপৰত চলাইছিল অকথ্য নিৰ্যাতন। কেৱল সেয়াই নহয়, আন দুজন বন্ধুৰে মিলি মোজাম্মিলে যুৱতীগৰাকীক কৰিছিল দলবদ্ধ ধৰ্ষণ। এটা সময়ত তিনিজন লোকৰ ওচৰত যুৱতীগৰাকীক মোজাম্মিলে বিক্ৰী কৰি দিছিল। 

এই ঘটনাটো সংঘটিত হোৱাৰ কিছু বছৰ হ’ল যদিও যুৱতীগৰাকীয়ে ভয়তে মুখ খোলা নাছিল। এই শিহৰণকাৰী  ঘটনাটো সংঘটিত হৈছে যোগীৰ ৰাজ্য  উত্তৰ প্ৰদেশৰ আমৰোহাত। ঘটনাটোৰ বিষয়ে যুৱতীগৰাকীয়ে আৰক্ষীৰ কাষ চপাৰ পিছতে  আৰক্ষীয়ে এই সন্দৰ্ভত বিভিন্ন ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰিছে।গাজীপুৰৰ হিন্দু যুৱতীগৰাকীয়ে  আমৰোহাত বাস কৰা এজন যুৱকৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। অভিযুক্ত যুৱকজন গজৰৌলা আৰক্ষী থানা অঞ্চলৰ অন্তৰ্গত কাচেৰৱা গাঁৱৰ বাসিন্দা।ঘটনাটোৰ বিষয়ে জানিব পাৰি বজৰং দলৰ কৰ্মীসকলে বিষয়টো হস্তক্ষেপ কৰে আৰু যুৱতীগৰাকীৰ  সৈতে আৰক্ষী থানাত উপস্থিত হয়।  


যুৱতীগৰাকীয়ে আৰক্ষীক কয়  যে যুৱকজনে বিয়াৰ আগতে নিজকে হিন্দু বুলি চিনাকী  দিছিল। তেওঁ তেওঁৰ নাম মুকেশ বুলি কৈছিল। তেওঁলোকে ইজনে সিজনৰ সৈতে ফোনত কথা পাতিছিল। ইয়াৰ পিছত, তেওঁলোক দুয়ো প্ৰেমত পৰিছিল আৰু বিবাহপাশত আৱদ্ধ হৈছিল।

অভিযুক্ত যুৱকজনে প্ৰথমে যুৱতীগৰাকীক নিজৰ গাঁৱলৈ লৈ আহিছিল আৰু পিছত ৮  বছৰৰ বাবে মাদ্ৰাছাত ৰাখিছিল। এই ঘটনা শেহতীয়াকৈ পোহৰলৈ অহাৰ পিছতে  আৰক্ষীয়ে বিভিন্ন ধাৰাৰ অধীনত চাৰিজন লোকৰ  বিৰুদ্ধে এটা গোচৰ ৰুজু কৰিছে। মূল অভিযুক্ত মোজাম্মিলৰ  বিৰুদ্ধে  ভাৰতীয় দণ্ডবিধিৰ  ৫০৬ আৰু ৩৭৬ ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰা হৈছে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement