--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চৰকাৰী ক্ষমতাৰ অপব্যৱহাৰ কৰি কোৰোণাৰে ধন চপোৱাৰ অভিযোগত চলিত বৰ্ষৰ ১১ মে’ৰ দিনা ঝাৰখণ্ডত গ্ৰেপ্তাৰ কৰা হৈছিল আইএএছ বিষয়া পূজা সিংঘালক৷ পূজা সিংঘালৰ ঘৰৰ পৰা উদ্ধাৰ হৈছিল বস্তাই বস্তাই টকা৷ পূজাৰ পিছত এইবাৰ উত্তৰাখণ্ডত দুৰ্নীতিৰ অভিযোগতে গ্ৰেপ্তাৰ কৰা হ’ল নিলম্বিত আইএএছ বিষয়া ৰাম বিলাস যাদৱক৷

দুৰ্নীতিৰ অভিযোগত অভিযুক্ত যাদৱক  ভিজিলেন্স বিভাগে বুধবাৰে নিজৰ  জিম্মাত লৈছিল। উত্তৰাখণ্ড চৰকাৰে ইয়াৰ আগতে যাদৱক তেওঁৰ উপাৰ্জনৰ তুলাত অধিক সম্পত্তি আহৰণ  কৰাৰ অভিযোগত  নিলম্বন কৰিছিল। ভিজিলেন্সৰ শীৰ্ষ বিষয়াই প্ৰকাশ কৰা মতে আইএএছ বিষয়াজনক দিনজোৰা জেৰাৰ পিছত যোৱা নিশা জিম্মাত লোৱা হৈছিল। ভিজিলেন্স বিভাগে যাদৱৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰিছে৷  জেৰাৰ অন্তত ভিজিলেন্সে আইএএছ বিষয়াজনক গ্ৰেপ্তাৰ কৰে।

দুৰ্নীতি বিৰোধী গোটৰ সঞ্চালক অমিত সিনহাই কয়, "আইএএছ ৰাম বিলাস যাদৱক  উপাৰ্জনৰ তুলনাত অসামঞ্জস্যপূৰ্ণ সম্পত্তি সংগ্ৰহ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে,"৷

উল্লেখ্য উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে  দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'বলৈ নিৰ্দেশ দিয়াৰ পিছতে ৰাজ্য খনৰ বহু কেইগৰাকী দুৰ্নীতিগ্ৰস্ত বিষয়াৰ বুকু কঁপি উঠিছে৷   ইয়াৰ পূৰ্বে উত্তৰাখণ্ড ভিজিলেন্সে গোচৰটো সন্দৰ্ভত লক্ষ্ণৌ উন্নয়ন প্ৰাধিকৰণৰ প্ৰাক্তন সচিব ৰাম বিলাস যাদৱৰ ঘৰৰ চৌহদত তালাচী চলাইছিল। ভিজিলেন্সে তেওঁৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰিছিল আৰু জেৰাৰ পিছত বুধবাৰে তেওঁক গ্ৰেপ্তাৰ কৰিছিল। 

 জুন মাহত উত্তৰাখণ্ডৰ  ভিজিলেন্সে আইএএছ বিষয়া ৰাম বিলাস যাদৱৰ চাৰিটা স্থানত থকা ঘৰত তালাচী চলাইছিল৷ ইয়াৰ   ভিতৰত আছিল ডেৰাডুন আৰু লক্ষ্ণৌত থকা তেওঁৰ ঘৰো। তেওঁৰ বিৰুদ্ধে ১৯ এপ্ৰিলত এটা গোচৰ ৰুজু কৰা হৈছিল। গাজীপুৰ আৰু গাজিয়াবাদতো অভিযান চলোৱা হৈছিল। বিষয়াসকলৰ মতে, আইএএছ বিষয়াজনে তেওঁৰ উপাৰ্জনতকৈ ৫০০ গুণতকৈও অধিক সম্পত্তি আহৰণ কৰিছিল।

 আইএএছ বিষয়াজনক ২০১৯ চনত উত্তৰ প্ৰদেশৰ পৰা উত্তৰাখণ্ডলৈ বদলি কৰা হৈছিল আৰু উত্তৰাখণ্ডৰ গ্ৰাম্য বিভাগৰ অতিৰিক্ত সচিবৰ দায়িত্ব দিয়া হৈছিল।

উল্লেখ্য আয়তকৈ অধিক সম্পত্তি আহৰণৰ অভিযোগতে ১১ মে’ত ঝাৰখণ্ডৰ মহাপ্ৰতাপী মহিলা আই এ এছ বিষয়া পূজা সিংঘালক গ্ৰেপ্তাৰ কৰা হৈছিল।

দুৰ্নীতিৰে সম্পত্তিৰ পাহাৰ গঢ়া ঝাৰখণ্ডৰ আইএএছ বিষয়া পূজা সিংঘালক  এনফোৰ্চমেণ্ট সঞ্চালকালয়ে গ্ৰেপ্তাৰ কৰিছিল।

উল্লেখ্য এনফোৰ্চমেণ্ট সঞ্চালকালয়ে  ঝাৰখণ্ডৰ খনি সচিব পূজা সিংঘাল আৰু তেওঁৰ পৰিয়ালকে ধৰি একাধিক চৌহদত অভিযান চলাইছিল।

ঝাৰখণ্ডৰ খনি সচিব পূজা সিংঘালৰ বিৰুদ্ধে এমজিএনৰেগা পুঁজি আত্মসাৎ কৰাৰ অভিযোগৰ উত্থাপন হৈছিল।
২০০৮-১১ বৰ্ষত ৰাজ্যখনৰ খুণ্টি জিলাত উপায়ুক্ত হিচাপে নিযুক্ত হৈ থকাৰ সময়তে ২০ কোটি টকাৰ এমজিএনআৰইজিএ পুঁজি আত্মসাৎ কৰাৰ অভিযোগ উঠাৰ পিছতে বিষয়াগৰাকীৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰা হৈছিল।

ইডিয়ে ৰাজ্যখনৰ ৰাজধানী ৰাঁচীত তালাচী চলাই দুটা চৌহদৰ পৰা মুঠ ১৯.৩১ কোটি টকা নগদ ধন জব্দ কৰিছিল৷ ৰাঁচীস্থিত চাৰ্টাৰ্ড একাউণ্টেণ্ট-আৰু ফাইনেন্সিয়েল এডভাইজাৰৰ চৌহদৰ পৰা প্ৰায় ১৭.৫১ কোটি টকা নগদ ধন উদ্ধাৰ কৰা হৈছিল ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৬০০সংখ্যক টেষ্ট খেলিব ভাৰতে; ১৫ আগষ্টত শ্ৰীলংকাৰ গালেত ৰচনা হ’ব ইতিহাস
শিৱসাগৰৰ অভিজিত দুৱৰাৰ উদ্ভাৱন; বানে ঢকা নলা-নৰ্দমা আৰু গাঁতৰ পৰা হোৱা বিপদ ৰোধিবলৈ সৌৰ সুৰক্ষা যন্ত্ৰ নিৰ্মাণ
অসমৰ বানাক্ৰান্তালৈ সহায়ৰ হাত বিহাৰৰ ৰিপুৰাজ ফাউণ্ডেশ্যনৰ
কাৰ্বি পাহাৰত ধাৰাসাৰ বৰষুণ; বানৰ কবলত নগাঁও আমনিৰ কেইবাটাও অঞ্চল
ডাবৰ কোম্পানীৰ খাদ্য, পানীয় বিক্ৰীত নিষেধাজ্ঞা
সমগ্ৰ দেশৰ উদীয়মান কলাকাৰসকলক উপযুক্ত মঞ্চ প্ৰদান কৰিবলৈ ‘য়শ ৰাজ ফিল্মছ’ৰ ‘ৰাহ ৰেকৰ্ডছ’ মুকলি
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
ডাৱৰ বিস্ফোৰণ নে অন্য কাৰণ? উজনি অসমৰ বানৰ কাৰণ সন্দৰ্ভত বিতৰ্ক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য