--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মুছলমান ছাত্ৰীয়ে বিদ্যালয়লৈ হিজাব পিন্ধি অহাকলৈ উত্তেজনা বিয়পি পৰা কৰ্ণাটকত এইবাৰ পৰীক্ষাৰ ফলাফলত জিলিকিল এগৰাকী হিজাব পিন্ধা ছাত্ৰীয়েই৷হিজাব বিতৰ্কৰ মাজতে পৰীক্ষাত বহা  ইলহাম নামৰ  ছাত্ৰীগৰাকীয়ে শেহতীয়াকৈ ঘোষণা কৰা কৰ্ণাটক পিইউচি (উচ্চতৰ মাধ্যমিক)পৰীক্ষাত ৰাজ্যখনৰ ভিতৰতে দ্বিতীয় স্থান লাভ কৰিছে৷ 

ফলাফলৰ দিশৰ পৰা  ইলহামে  দক্ষিণ কৰ্ণাটকৰ ভিতৰত প্ৰথম স্থান অৰ্জন কৰিছে।  ইলহামে ছেইণ্ট এলয়ছিয়াছ পিইউ কলেজৰ পৰা পৰীক্ষাত বহি মুঠ ৬০০ নম্বৰৰ ভিতৰত ৫৯৭  নম্বৰ লাভ কৰিছে। 

সফলতাৰ ক্ষেত্ৰত  ইলহামে কয় যে তেওঁ এনে ফলাফল লাভ কৰিব বুলি ভবা নাছিল।কিন্তু দ্বিতীয় স্থান লাভ কৰাত তেওঁ অত্যন্ত সুখী৷ ভৱিষ্যতে কি হ'ব বিচাৰে বুলি সাংবাদিকে  সোধাত ইলহামে কয় যে  তেওঁ ক্লিনিকেল চাইকোলজীত বিএছচি  কৰিবলৈ আগ্ৰহী। 

 ইলহামৰ সফলতাই ইণ্টাৰনেটত বেছ জোৱাক তোলা পৰিলক্ষিত হৈছে৷ ৰোমাঞ্চিত কৰিছে। বহুতে কৈছে  যে ছাত্ৰীগৰাকীয়ে ধৰ্মীয় পৰিচয় অতিক্ৰম কৰি শীৰ্ষ স্থান লাভ কৰিছে।

 উল্লেখ্য কৰ্ণাটকত হিজাব পৰিধান কৰাক লৈ তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছিল৷ প্ৰতিবাদৰ জুই আনকি দেশৰ বিভিন্ন ৰাজ্যলৈ বিয়পি পৰিছিল৷ উ

 ৫ ফেব্ৰুৱাৰীত কৰ্ণাটক চৰকাৰে শিক্ষানুষ্ঠানত হিজাব নিষিদ্ধ কৰি নিৰ্দেশ জাৰি কৰাৰ পিছতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে