--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মুছলমান ছাত্ৰীয়ে বিদ্যালয়লৈ হিজাব পিন্ধি অহাকলৈ উত্তেজনা বিয়পি পৰা কৰ্ণাটকত এইবাৰ পৰীক্ষাৰ ফলাফলত জিলিকিল এগৰাকী হিজাব পিন্ধা ছাত্ৰীয়েই৷হিজাব বিতৰ্কৰ মাজতে পৰীক্ষাত বহা  ইলহাম নামৰ  ছাত্ৰীগৰাকীয়ে শেহতীয়াকৈ ঘোষণা কৰা কৰ্ণাটক পিইউচি (উচ্চতৰ মাধ্যমিক)পৰীক্ষাত ৰাজ্যখনৰ ভিতৰতে দ্বিতীয় স্থান লাভ কৰিছে৷ 

ফলাফলৰ দিশৰ পৰা  ইলহামে  দক্ষিণ কৰ্ণাটকৰ ভিতৰত প্ৰথম স্থান অৰ্জন কৰিছে।  ইলহামে ছেইণ্ট এলয়ছিয়াছ পিইউ কলেজৰ পৰা পৰীক্ষাত বহি মুঠ ৬০০ নম্বৰৰ ভিতৰত ৫৯৭  নম্বৰ লাভ কৰিছে। 

সফলতাৰ ক্ষেত্ৰত  ইলহামে কয় যে তেওঁ এনে ফলাফল লাভ কৰিব বুলি ভবা নাছিল।কিন্তু দ্বিতীয় স্থান লাভ কৰাত তেওঁ অত্যন্ত সুখী৷ ভৱিষ্যতে কি হ'ব বিচাৰে বুলি সাংবাদিকে  সোধাত ইলহামে কয় যে  তেওঁ ক্লিনিকেল চাইকোলজীত বিএছচি  কৰিবলৈ আগ্ৰহী। 

 ইলহামৰ সফলতাই ইণ্টাৰনেটত বেছ জোৱাক তোলা পৰিলক্ষিত হৈছে৷ ৰোমাঞ্চিত কৰিছে। বহুতে কৈছে  যে ছাত্ৰীগৰাকীয়ে ধৰ্মীয় পৰিচয় অতিক্ৰম কৰি শীৰ্ষ স্থান লাভ কৰিছে।

 উল্লেখ্য কৰ্ণাটকত হিজাব পৰিধান কৰাক লৈ তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছিল৷ প্ৰতিবাদৰ জুই আনকি দেশৰ বিভিন্ন ৰাজ্যলৈ বিয়পি পৰিছিল৷ উ

 ৫ ফেব্ৰুৱাৰীত কৰ্ণাটক চৰকাৰে শিক্ষানুষ্ঠানত হিজাব নিষিদ্ধ কৰি নিৰ্দেশ জাৰি কৰাৰ পিছতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ