--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বলীউড অভিনেত্ৰী কংগনা ৰানাৱট আৰু বিতৰ্ক যেন এটা মুদ্ৰাৰে ইপিঠি আৰু সিপিঠি। ছবিজগতত শেষ হোৱাৰ পথত কংগনা ৰাণাৱটৰ কেৰিয়াৰ। কাৰণ বিগত কিছু বছৰ ধৰি ইখনৰ পাছত সিখনকৈ ছবি ফ্লপ হৈছে অভিনেত্ৰীগৰাকীৰ৷

এসময়ত বক্স অফিচত আধিপত্য বিস্তাৰ কৰা কংগনাৰ ভাগ্যত এতিয়া কেৱল ব্যৰ্থতাহে। এই উৎসৱৰ বতৰত মুক্তি পালে তেওঁৰ নতুন ছবি ‘তেজস’। বলীউডৰ কুইন ছবিখনক লৈ আশাবাদী আছিল। কিন্তু এখন দেশপ্ৰেমমূলক ছবিত অভিনয় কৰাৰ পাছতো বক্স অফিচত ব্যৰ্থ হৈছে কংগনাৰ ছবি ‘তেজস’। তেওঁৰ অভিনীত ছবি চোৱাৰ উৎসুকতা নাই দৰ্শকৰ মাজত। শেহতীয়াকৈ জনপ্ৰিয় বলীউডৰ অভিনেত্ৰী কংগনা ৰানাৱটৰ চিনেমা তেজসকো দৰ্শকে কৰিছে প্ৰত্যাখ্যান। বহু ছবিগৃহত দৰ্শকৰ অনুপস্থিতিৰ বাবে বাতিল কৰা হৈছে দৰ্শনী। ফ্লপৰ ধাৰাবাহিকতাই কংগনা ৰাণাৱটৰ কেৰিয়াৰলৈ নমাই আনিছে কলংক৷

দেশৰ সকলো ঠাইতে হলৰ পৰা কংগনাৰ এই ছবিখন যেন সৰি পৰিছে। ২০১৫ চনত মুক্তি পোৱা ‘তনু ৱেডছ মনু’ ছবিখনে বক্স অফিচত ভাল প্ৰদৰ্শন কৰিছিল। ‘তনু ৱেডছ মনু’ৰ পিছত কংগনাই দিব নোৱাৰিলে এখনো হিট ছবি। শেহতীয়াকৈ কংগনা ৰানাৱট অভিনীত ছবি ‘তেজস’ত ৫০ কোটি টকাৰ লোকচান হৈছে৷। ৰনি স্ক্ৰিভালাৰ প্ৰযোজক এই ছবিখন ২৭ অক্টোবৰত মুক্তি লাভ কৰে। দৰাচলতে এই চিনেমাখন ৭০ কোটি টকা ব্যয় কৰি নিৰ্মাণ কৰা হৈছিল। কিন্তু সেইদৰে দেশত উপাৰ্জন কৰিব নোৱাৰিলে ছবিখনে। বহিঃৰাজ্যৰ মাটিতো মাত্ৰ ৭০ লাখ টকাৰ ব্যৱসায় কৰিবলৈ সক্ষম হৈছে চিনেমাখনে। ‘তেজস’ৰ অ’টিটি ৰাইট, চেটেলাইট আৰু মিউজিক ৰাইট বিক্ৰী কৰি মুঠ ১৭ কোটি টকা লাভ কৰিছিল প্ৰযোজকে। ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিৰ্তকৰ জৰিয়তে ছবিখনৰ বক্স অফিচ সংগ্ৰহ হয় মাত্ৰ ২ কোটি ২৩ লাখ টকা।

প্ৰসংগক্ৰমে কংগনাৰ ৫ খন ছবি একেৰাহে ফ্লপ হৈছিল। 'থালাইভি'কে ধৰি ৮৫ কোটি টকাৰ ‘ঢকৰে’ বক্স অফিচত আশাৰ পোহৰ দেখা নাপালে। ছেপ্টেম্বৰ মাহত মুক্তি পোৱা ‘চন্দ্ৰমুখী ২’ৰ ফলাফলো চিনেমাৰ বজাৰত বহুত বেয়া! ইয়াৰ পূৰ্বে কংগনাৰ জজমেণ্টেল হাই কিয়া, পাংগা আদি ছবিয়ে হিট ছবিৰ মুখ দেখা পোৱা নাই। এইবাৰ হুংকৰে যুঁজাৰু পাইলটৰ ভূমিকা এৰি দিলে, কিন্তু দেশপ্ৰেমৰ কৌশলে কাম নকৰিলে! বক্স অফিচৰ ককপিটত পুনৰ ব্যৰ্থ কংগনা ৰাণাৱত। মুঠতে ফ্লপৰ ক্ষেত্ৰত অভিনেত্ৰীগৰাকীয়ে এক অভিলেখ গঢ়ি তুলিছে। এতিয়া প্ৰশ্ন হয় কংগনাৰ আগন্তুক বহু প্ৰত্যাশিত ‘ইমাৰজেন্সী’ ছবিখনে বক্স অফিচত যাদু দেখুৱাব পাৰিবনে? নে এইখনো প্ৰত্যাখ্যান কৰিব দৰ্শকে? সেয়া মুক্তিৰ পাছতহে গম পোৱা যাব৷




FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান