--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বলীউড অভিনেত্ৰী কংগনা ৰানাৱট আৰু বিতৰ্ক যেন এটা মুদ্ৰাৰে ইপিঠি আৰু সিপিঠি। ছবিজগতত শেষ হোৱাৰ পথত কংগনা ৰাণাৱটৰ কেৰিয়াৰ। কাৰণ বিগত কিছু বছৰ ধৰি ইখনৰ পাছত সিখনকৈ ছবি ফ্লপ হৈছে অভিনেত্ৰীগৰাকীৰ৷

এসময়ত বক্স অফিচত আধিপত্য বিস্তাৰ কৰা কংগনাৰ ভাগ্যত এতিয়া কেৱল ব্যৰ্থতাহে। এই উৎসৱৰ বতৰত মুক্তি পালে তেওঁৰ নতুন ছবি ‘তেজস’। বলীউডৰ কুইন ছবিখনক লৈ আশাবাদী আছিল। কিন্তু এখন দেশপ্ৰেমমূলক ছবিত অভিনয় কৰাৰ পাছতো বক্স অফিচত ব্যৰ্থ হৈছে কংগনাৰ ছবি ‘তেজস’। তেওঁৰ অভিনীত ছবি চোৱাৰ উৎসুকতা নাই দৰ্শকৰ মাজত। শেহতীয়াকৈ জনপ্ৰিয় বলীউডৰ অভিনেত্ৰী কংগনা ৰানাৱটৰ চিনেমা তেজসকো দৰ্শকে কৰিছে প্ৰত্যাখ্যান। বহু ছবিগৃহত দৰ্শকৰ অনুপস্থিতিৰ বাবে বাতিল কৰা হৈছে দৰ্শনী। ফ্লপৰ ধাৰাবাহিকতাই কংগনা ৰাণাৱটৰ কেৰিয়াৰলৈ নমাই আনিছে কলংক৷

দেশৰ সকলো ঠাইতে হলৰ পৰা কংগনাৰ এই ছবিখন যেন সৰি পৰিছে। ২০১৫ চনত মুক্তি পোৱা ‘তনু ৱেডছ মনু’ ছবিখনে বক্স অফিচত ভাল প্ৰদৰ্শন কৰিছিল। ‘তনু ৱেডছ মনু’ৰ পিছত কংগনাই দিব নোৱাৰিলে এখনো হিট ছবি। শেহতীয়াকৈ কংগনা ৰানাৱট অভিনীত ছবি ‘তেজস’ত ৫০ কোটি টকাৰ লোকচান হৈছে৷। ৰনি স্ক্ৰিভালাৰ প্ৰযোজক এই ছবিখন ২৭ অক্টোবৰত মুক্তি লাভ কৰে। দৰাচলতে এই চিনেমাখন ৭০ কোটি টকা ব্যয় কৰি নিৰ্মাণ কৰা হৈছিল। কিন্তু সেইদৰে দেশত উপাৰ্জন কৰিব নোৱাৰিলে ছবিখনে। বহিঃৰাজ্যৰ মাটিতো মাত্ৰ ৭০ লাখ টকাৰ ব্যৱসায় কৰিবলৈ সক্ষম হৈছে চিনেমাখনে। ‘তেজস’ৰ অ’টিটি ৰাইট, চেটেলাইট আৰু মিউজিক ৰাইট বিক্ৰী কৰি মুঠ ১৭ কোটি টকা লাভ কৰিছিল প্ৰযোজকে। ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিৰ্তকৰ জৰিয়তে ছবিখনৰ বক্স অফিচ সংগ্ৰহ হয় মাত্ৰ ২ কোটি ২৩ লাখ টকা।

প্ৰসংগক্ৰমে কংগনাৰ ৫ খন ছবি একেৰাহে ফ্লপ হৈছিল। 'থালাইভি'কে ধৰি ৮৫ কোটি টকাৰ ‘ঢকৰে’ বক্স অফিচত আশাৰ পোহৰ দেখা নাপালে। ছেপ্টেম্বৰ মাহত মুক্তি পোৱা ‘চন্দ্ৰমুখী ২’ৰ ফলাফলো চিনেমাৰ বজাৰত বহুত বেয়া! ইয়াৰ পূৰ্বে কংগনাৰ জজমেণ্টেল হাই কিয়া, পাংগা আদি ছবিয়ে হিট ছবিৰ মুখ দেখা পোৱা নাই। এইবাৰ হুংকৰে যুঁজাৰু পাইলটৰ ভূমিকা এৰি দিলে, কিন্তু দেশপ্ৰেমৰ কৌশলে কাম নকৰিলে! বক্স অফিচৰ ককপিটত পুনৰ ব্যৰ্থ কংগনা ৰাণাৱত। মুঠতে ফ্লপৰ ক্ষেত্ৰত অভিনেত্ৰীগৰাকীয়ে এক অভিলেখ গঢ়ি তুলিছে। এতিয়া প্ৰশ্ন হয় কংগনাৰ আগন্তুক বহু প্ৰত্যাশিত ‘ইমাৰজেন্সী’ ছবিখনে বক্স অফিচত যাদু দেখুৱাব পাৰিবনে? নে এইখনো প্ৰত্যাখ্যান কৰিব দৰ্শকে? সেয়া মুক্তিৰ পাছতহে গম পোৱা যাব৷




FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ