--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কিছুদিন পূৰ্বে তেওঁ শ্ৰেষ্ঠ সহযোগী অভিনেতাৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল। বলীউডত কঠোৰ পৰিশ্ৰম কৰিছে পংকজ ত্ৰিপাঠীয়ে। বৰ্তমান তেওঁ এই উদ্যোগৰ অন্যতম সফল অভিনেতা। পংকজে যিকোনো চৰিত্ৰক সহজেই মূৰ্ত কৰি তুলিব পাৰে। এইবাৰ তেওঁক ভাৰতৰ তদানীন্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী হিচাপে দেখা যাব। চলিত বৰ্ষৰ বাজপেয়ীৰ ৯৭ সংখ্যক জন্মদিনত প্ৰথমবাৰৰ বাবে নিজৰ লুকত ওলাই আহিল পংকজ।

বৰ্তমান বাজপেয়ীৰ বায়’পিক ‘মে অটল হুন’ৰ কাম পূৰ্ণগতিত চলি আছে। অভিনেতাজনে অটল হ’বলৈ একেৰাহে ৬০ দিন কেৱল খিচুৰি খাইছিল। কিয় ইমান কঠোৰ নিয়ম, পংকজে নিজেই ক’লে।

অভিনেতাসকলে চৰিত্ৰটোত সোমাবলৈ বহুত প্ৰস্তুতিৰ মাজেৰে পাৰ হয়। এক সাক্ষাৎকাৰত পংকজে কয় যে বাজপেয়ীৰ বায়’পিকৰ শ্বুটিঙৰ সময়ত তেওঁ একেৰাহে ৬০ দিন খিচুৰি খাইছিল। অভিনেতাগৰাকীৰ ভাষাত "অটলত ৬০ দিন শ্বুটিং কৰিলোঁ। আৰু সেই ৬০ দিন মই কেৱল খিচুৰি খাইছিলো। সেইটোও তেলৰ মছলা নোহোৱাকৈ। কেৱল চাউল-দালি আৰু শাক-পাচলিৰে তৈয়াৰ কৰা। আগতে মই নিজেই ৰান্ধি খাইছিলোঁ। ৰেষ্টুৰেণ্টৰ পৰা অনা খাদ্যত কি কি দিয়া হয় সেয়া জনা নাযায়!"

কিন্তু হঠাতে এনে নিয়মৰ লগত বান্ধ খাইছিল কিয়? পংকজে কয়, চৰিত্ৰটোৰ আৱেগক সঠিকভাৱে ধৰি ৰাখিবলৈ স্বাস্থ্যসন্মত খাদ্যাভ্যাস অতি প্ৰয়োজনীয়। পংকজৰ মতে, “এজন অভিনেতা হিচাপে যদি আপোনাৰ পেট ভাল নহয় আৰু আপুনি কিবা অস্বাস্থ্যকৰ খাদ্য খায়, তেন্তে যদি আপুনি ভাবিছে যে আপুনি সেই আৱেগক চৰিত্ৰটোত ধৰি ৰাখিব পাৰিব, তেন্তে সেয়া ভুল। সেইবাবেই শ্বুটিং দিনত খিচুৰি খাওঁ। মন আৰু শৰীৰৰ ভাৰসাম্য ৰক্ষাৰ বাবে খাদ্য খোৱাটো প্ৰয়োজনীয়।” কিন্তু কেৱল শ্বুটিংতে নহয়, অভিনেতাগৰাকীয়ে নিজৰ ব্যক্তিগত জীৱনত সাত্ত্বিক জীৱন যাপনতো বিশ্বাস কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ