--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কিছুদিন পূৰ্বে তেওঁ শ্ৰেষ্ঠ সহযোগী অভিনেতাৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল। বলীউডত কঠোৰ পৰিশ্ৰম কৰিছে পংকজ ত্ৰিপাঠীয়ে। বৰ্তমান তেওঁ এই উদ্যোগৰ অন্যতম সফল অভিনেতা। পংকজে যিকোনো চৰিত্ৰক সহজেই মূৰ্ত কৰি তুলিব পাৰে। এইবাৰ তেওঁক ভাৰতৰ তদানীন্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী হিচাপে দেখা যাব। চলিত বৰ্ষৰ বাজপেয়ীৰ ৯৭ সংখ্যক জন্মদিনত প্ৰথমবাৰৰ বাবে নিজৰ লুকত ওলাই আহিল পংকজ।

বৰ্তমান বাজপেয়ীৰ বায়’পিক ‘মে অটল হুন’ৰ কাম পূৰ্ণগতিত চলি আছে। অভিনেতাজনে অটল হ’বলৈ একেৰাহে ৬০ দিন কেৱল খিচুৰি খাইছিল। কিয় ইমান কঠোৰ নিয়ম, পংকজে নিজেই ক’লে।

অভিনেতাসকলে চৰিত্ৰটোত সোমাবলৈ বহুত প্ৰস্তুতিৰ মাজেৰে পাৰ হয়। এক সাক্ষাৎকাৰত পংকজে কয় যে বাজপেয়ীৰ বায়’পিকৰ শ্বুটিঙৰ সময়ত তেওঁ একেৰাহে ৬০ দিন খিচুৰি খাইছিল। অভিনেতাগৰাকীৰ ভাষাত "অটলত ৬০ দিন শ্বুটিং কৰিলোঁ। আৰু সেই ৬০ দিন মই কেৱল খিচুৰি খাইছিলো। সেইটোও তেলৰ মছলা নোহোৱাকৈ। কেৱল চাউল-দালি আৰু শাক-পাচলিৰে তৈয়াৰ কৰা। আগতে মই নিজেই ৰান্ধি খাইছিলোঁ। ৰেষ্টুৰেণ্টৰ পৰা অনা খাদ্যত কি কি দিয়া হয় সেয়া জনা নাযায়!"

কিন্তু হঠাতে এনে নিয়মৰ লগত বান্ধ খাইছিল কিয়? পংকজে কয়, চৰিত্ৰটোৰ আৱেগক সঠিকভাৱে ধৰি ৰাখিবলৈ স্বাস্থ্যসন্মত খাদ্যাভ্যাস অতি প্ৰয়োজনীয়। পংকজৰ মতে, “এজন অভিনেতা হিচাপে যদি আপোনাৰ পেট ভাল নহয় আৰু আপুনি কিবা অস্বাস্থ্যকৰ খাদ্য খায়, তেন্তে যদি আপুনি ভাবিছে যে আপুনি সেই আৱেগক চৰিত্ৰটোত ধৰি ৰাখিব পাৰিব, তেন্তে সেয়া ভুল। সেইবাবেই শ্বুটিং দিনত খিচুৰি খাওঁ। মন আৰু শৰীৰৰ ভাৰসাম্য ৰক্ষাৰ বাবে খাদ্য খোৱাটো প্ৰয়োজনীয়।” কিন্তু কেৱল শ্বুটিংতে নহয়, অভিনেতাগৰাকীয়ে নিজৰ ব্যক্তিগত জীৱনত সাত্ত্বিক জীৱন যাপনতো বিশ্বাস কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান