--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় কাৰ্ডিঅ’লজিকেল ছ’চাইটি (CSI)ৰ ২০১৭ চনৰ এক প্ৰতিবেদন অনুসৰি প্ৰতি তিনিজন ভাৰতীয়ৰ ভিতৰত এজন উচ্চ ৰক্তচাপ আৰু হৃদৰোগত আক্ৰান্ত, সেয়েহে ভাৰতত হৃদযন্ত্ৰৰ ৰোগ দ্ৰুতগতিত বিয়পি পৰিছে। ঔষধে ৰক্তচাপ হ্ৰাস কৰাত সহায় কৰে যদিও ইয়াক ভালদৰে নিয়ন্ত্ৰণ কৰিবলৈ হ’লে স্বাস্থ্যসন্মত খাদ্যৰ প্ৰয়োজন। উচ্চ ৰক্তচাপ ৰোগীক দিয়া এটা সাধাৰণ পৰামৰ্শ হ’ল নিমখ, চৰ্বি আৰু কেলৰি আদি খাদ্য হ্ৰাস কৰি শাক-পাচলি, ফল-মূল আৰু অলপ প্ৰ’টিন খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰা।

একাংশ স্বাস্থ্য বিশেষজ্ঞই কেফেইন আৰু মদ্যপান বন্ধ কৰি উচ্চ ৰক্তচাপ হ্ৰাস কৰাৰ পৰামৰ্শও দিয়ে, কাৰণ এই দুটাৰ অত্যধিক সেৱন স্বাস্থ্যৰ বাবে অতি বিপদজনক। উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত সহায়ক হোৱা কিছুমান কথা থাকিলেও আমি আপোনালোকক এনে কিছুমান পানীয়ৰ বিষয়ে ক’ম যিবোৰ উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ আৰু হৃদযন্ত্ৰৰ স্বাস্থ্য বজাই ৰখাত উপকাৰী বুলি প্ৰমাণিত হ’ব পাৰে।

এপল চাইডাৰ ভিনেগাৰ – পটাছিয়ামযুক্ত আপেল চাইডাৰ ভিনেগাৰে শৰীৰৰ পৰা অতিৰিক্ত ছডিয়াম আৰু বিষাক্ত পদাৰ্থ বাহিৰ কৰি দিয়ে। ইয়াত ৰেনিন এনজাইমৰ উপস্থিতিয়ে উচ্চ ৰক্তচাপ হ্ৰাস কৰে। এগিলাচ পানীত অলপ মৌৰ লগত আপেল চাইডাৰ ভিনেগাৰ মিহলাই ৰাতিপুৱা খাব পাৰে।

নেমুৰ পানী- বিশ্বৰ স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে এগিলাচ নেমুৰ পানীৰে দিনটো আৰম্ভ কৰিলে আপোনাৰ সামগ্ৰিক স্বাস্থ্যৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ’ব পাৰে। নেমুৰ পানীয়ে আপোনাৰ কোষবোৰ পৰিষ্কাৰ কৰে। ইয়াৰ উপৰিও ই ৰক্তবাহী নলীক কোমল আৰু নমনীয় কৰি তোলে বুলি জনা যায়, যাৰ ফলত ৰক্তচাপ হ্ৰাস পায়। নেমুৰ পানীত ভিটামিন চি থাকে, যিয়ে এন্টিঅক্সিডেন্ট হিচাপে কাম কৰি শৰীৰৰ পৰা ফ্ৰী ৰেডিকেল আঁতৰাই পেলায়। প্ৰতিদিনে পুৱা এগিলাচ নেমুৰ পানী খালে ৰক্তচাপৰ মাত্ৰা নিয়ন্ত্ৰণত সহায়ক হয়।

মেথি পানী- মেথিৰ পানীত অধিক পৰিমাণৰ আঁহ থাকে, যিয়ে আপোনাৰ ৰক্তচাপৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰে। প্ৰতিদিনে পুৱা খালী পেটত মেথি পানী খালে ৰক্তচাপ নিয়ন্ত্ৰণত থাকে।

চিয়া বীজৰ পানী- চিয়া বীজত অধিক পৰিমাণে ওমেগা-৩ ফেটি এচিড থাকে, যিয়ে তেজ পাতল কৰি ৰক্তচাপ হ্ৰাস কৰাত ফলপ্ৰসূ বুলি প্ৰমাণিত হৈছে। চিয়া বীজ আধা ঘণ্টা পানীত তিয়াই পান কৰক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লিভাৰ বেয়া হোৱাৰ ১৪টা লক্ষণ; জানি লওক আৰু সাৱধান হওক
বচ্চন পৰিয়ালত আৰ্থিক সমস্যা ! অমিতাভে বিক্ৰী কৰিলে দুটাকৈ বিলাসী ফ্লেট
নিলম্বন কৰা হ'ল হাফলং উপকাৰাগাৰৰ 'Jailer' আৰু 'Warder'ক
আকৌ উন্মোচন মহম্মদ ইউনুছৰ ভাৰত-বিৰোধী ব্লুপ্রিন্ট, অসমসহ উত্তৰ-পূৰ্বাঞ্চলক সামৰি এখন বৃহত্তৰ বাংলাদেশৰ পৰিকল্পনা
কাছাৰত পুনৰ গ্ৰেপ্তাৰ ভুৱা চিকিৎসক
ভাৰতীয় মহিলা ক্ৰিকেট দলৰ খেলুৱৈসকললৈ Tata Sierra উপহাৰ টাটা মটৰ্ছৰ
'হেছটেগ জাষ্টিচ ফৰ জুবিন গাৰ্গ'এ স্পর্শ কৰিলে ৪.১ মিলিয়ন, অসমীয়াৰ ডিজিটেল আন্দোলনৰ অভিলেখ
প্রধানমন্ত্রী মোদী দেখিবলৈও সুন্দৰ, তেওঁ মহান ব্যক্তি; মোদীৰ প্ৰশংসাত পঞ্চমুখ মাৰ্কিন ৰাষ্ট্ৰপতি ট্রাম্প
ৰৈ ৰৈ বিনালে চাবলৈ নোপোৱা দুখে দহিছে মাজুলীবাসীক ; মাজুলীত ছবিগৃহ নিৰ্মাণ কৰাৰ কথা মঞ্চত ঘোষণা কৰিছিল জুবিন গাৰ্গে
বাংলাদেশৰ জাতীয় সংগীত গোৱা কংগ্ৰেছীৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ তৰিব অসম চৰকাৰে
জুবিনৰ শক্তি! ‘ৰৈ ৰৈ বিনালে’ৰ বাবে অসমত এটাও দৰ্শনী পোৱা নাই আজি মুক্তি পোৱা ‘বাহুবলী ৩’য়ে
৩৩ বছৰৰ পাছত পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা কৰিব আমেৰিকাই, ৰাছিয়া-চীনক লক্ষ্য কৰি ট্ৰাম্পৰ ঘোষণা
বল্লভভাই পেটেলক স্মৰণ কৰি বিশাল পেৰেডেৰে আজি একতা দিৱস উদযাপন; অনুষ্ঠানত উপস্থিত প্ৰধানমন্ত্ৰী মোদী
শিৱসাগৰত ভয়াৱহ পথ দুৰ্ঘটনা!  দুজনৰ অৱস্থা সংকটজনক