--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: শেহতীয়াকৈ এইচএমপিভি ভাইৰাছে আতংকিত কৰি তোলাৰ সময়তে গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত এগৰাকী ৭৫ বছৰীয়া মহিলা এইচএমপিভিত আক্ৰান্ত হোৱাৰ খবৰে উদ্বিগ্ন কৰি তুলিছে সাধাৰণ জনতাক।

জানিব পৰা মতে বৰ্তমান চিকিৎসালয়খনৰ মেডিচিন ইউনিট ২ত চিকিৎসাধীন হৈ আছে এইচএমপিভিত আক্ৰান্ত ৭৫ বছৰীয়া মহিলাগৰাকী৷ বৰ্মান মহিলা গৰাকী সুস্থ হৈ উঠিছে বুলি জানিব পৰা গৈছে৷

ইয়াৰ পূৰ্বে অসমৰ লখিমপুৰৰ এটি ১০ মহীয়া এটা কেঁচুৱা এইচএমপিভি ৰোগত আক্ৰান্ত হৈ ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল।

এই প্ৰতিবেদনৰ পিছতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধীক্ষক ডাঃ অভিজিৎ শৰ্মাই জনসাধাৰণৰ উদ্বেগক সম্বোধন কৰি কয় যে ২০০১ চনৰ পৰা ভাৰতত এইচএমপিভিত আক্ৰান্ত ৰোগী দেখিবলৈ পোৱা গৈছে।

তেওঁ লগতে উল্লেখ কৰে যে এই ভাইৰাছে প্ৰধানকৈ পাঁচ বছৰৰ তলৰ শিশুক আক্ৰান্ত কৰে, যাৰ ফলত জ্বৰ, কাহ, নাকৰ পৰা পানী ওলোৱা, শ্বাস-প্ৰশ্বাসৰ সংক্ৰমণ আদি ফ্লুৰ দৰে লক্ষণে দেখা দিয়ে। জনসাধাৰণৰ আতংকৰ কোনো তাৎক্ষণিক কাৰণ নাই বুলি তেওঁ উল্লেখ কৰি কয় যে এনে কেনো লক্ষণে দেখা দিলে চিকিৎসকৰ কাষ চাপিব লাগে, মাস্ক পৰিধান কৰিব লাগে, বিশেষকৈ শিশু আৰু বৃদ্ধসকলক বৃহৎ সমাৱেশৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ প্ৰদান কৰিছে।

তেওঁ লগতে স্পষ্ট কৰি দিয়ে যে যদিও ক’ভিড-১৯ মহামাৰীৰ সময়ত গ্ৰহণ কৰা সাৱধানতাৰ দৰে সাৱধানতা অৱলম্বন কৰাটো বাঞ্ছনীয়, এইচএমপিভি সাধাৰণতে ক’ভিড-১৯ৰ দৰে ভয়াৱহ নহয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ