--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিহাৰৰ হাজীপুৰত দেওবাৰে নিশা (৪ আগষ্ট) সংঘটিত হৈছে এক কৰুণ ঘটনা। এখন ডিজে গাড়ীয়ে উচ্চ বিদ্যুৎ পৰিবাহী তাঁৰত খুন্দা মৰাৰ ফলত ব’লব’মত যোৱা ৯জন ভক্তৰ মৃত্যু হয়। কেইবাজনো আহত হৈছে। আহতসকলক জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। সোমবাৰে হৰিহৰনাথ মন্দিৰত কানৱৰীয়া ব’লব’ম ভক্তই জলাভিষেক কৰিবলৈ গৈ আছিল। খবৰ অনুসৰি এই ভক্তসকল হাজীপুৰ থানা এলেকাৰ অন্তৰ্গত চুলতানপুৰ গাঁৱৰ বাসিন্দা আছিল।

এই দুৰ্ঘটনা সংঘটিত হৈছে হাজীপুৰ ঔদ্যোগিক থানা এলেকাৰ চুলতানপুৰত। ইয়াত শাওণ মাহত গাঁৱৰ ল’ৰাবোৰে প্ৰতি সোমবাৰে ওচৰৰ হৰিহৰনাথ মন্দিৰলৈ গৈ জলাভিষেক কৰিছিল। আনকি দেওবাৰৰ নিশাও ল’ৰাকেইটা জলাভিষেকৰ বাবে ওলাই গৈছিল। এই ল’ৰাকেইটাই যাত্ৰাৰ বাবে ট্ৰেক্টৰ-ট্ৰলীত ডিজেৰ ব্যৱস্থাও কৰিছিল।

এই গাঁৱৰ পথৰ দুৰৱস্থাৰ বাবে গাড়ীখন পথৰ ওপৰেৰে পাৰ হৈ যোৱা  উচ্চ বিদ্যুৎ পৰিবাহী তাঁৰত খুন্দা মাৰে। বিদ্যুৎ প্ৰবাহৰ বাবে গাড়ীত উঠি থকা ল’ৰাবোৰ জ্বলি যোৱাত থিতাতে মৃত্যু হয় ৯জনৰ।

এই দুৰ্ঘটনাৰ খবৰ বৃহৎ সংখ্যক আৰক্ষী বাহিনীৰ সৈতে এছডিএমৰ ওচৰ পোৱাৰ লগে লগে স্থানীয় ৰাইজে হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে। স্থানীয় ৰাইজে অভিযোগ কৰে যে বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবেই দুৰ্ঘটনা সংঘটিত হৈছে। 

আৰক্ষীয়ে ট্ৰলীৰ পৰা আটাইকেইটা মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ