--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিহাৰৰ হাজীপুৰত দেওবাৰে নিশা (৪ আগষ্ট) সংঘটিত হৈছে এক কৰুণ ঘটনা। এখন ডিজে গাড়ীয়ে উচ্চ বিদ্যুৎ পৰিবাহী তাঁৰত খুন্দা মৰাৰ ফলত ব’লব’মত যোৱা ৯জন ভক্তৰ মৃত্যু হয়। কেইবাজনো আহত হৈছে। আহতসকলক জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। সোমবাৰে হৰিহৰনাথ মন্দিৰত কানৱৰীয়া ব’লব’ম ভক্তই জলাভিষেক কৰিবলৈ গৈ আছিল। খবৰ অনুসৰি এই ভক্তসকল হাজীপুৰ থানা এলেকাৰ অন্তৰ্গত চুলতানপুৰ গাঁৱৰ বাসিন্দা আছিল।

এই দুৰ্ঘটনা সংঘটিত হৈছে হাজীপুৰ ঔদ্যোগিক থানা এলেকাৰ চুলতানপুৰত। ইয়াত শাওণ মাহত গাঁৱৰ ল’ৰাবোৰে প্ৰতি সোমবাৰে ওচৰৰ হৰিহৰনাথ মন্দিৰলৈ গৈ জলাভিষেক কৰিছিল। আনকি দেওবাৰৰ নিশাও ল’ৰাকেইটা জলাভিষেকৰ বাবে ওলাই গৈছিল। এই ল’ৰাকেইটাই যাত্ৰাৰ বাবে ট্ৰেক্টৰ-ট্ৰলীত ডিজেৰ ব্যৱস্থাও কৰিছিল।

এই গাঁৱৰ পথৰ দুৰৱস্থাৰ বাবে গাড়ীখন পথৰ ওপৰেৰে পাৰ হৈ যোৱা  উচ্চ বিদ্যুৎ পৰিবাহী তাঁৰত খুন্দা মাৰে। বিদ্যুৎ প্ৰবাহৰ বাবে গাড়ীত উঠি থকা ল’ৰাবোৰ জ্বলি যোৱাত থিতাতে মৃত্যু হয় ৯জনৰ।

এই দুৰ্ঘটনাৰ খবৰ বৃহৎ সংখ্যক আৰক্ষী বাহিনীৰ সৈতে এছডিএমৰ ওচৰ পোৱাৰ লগে লগে স্থানীয় ৰাইজে হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে। স্থানীয় ৰাইজে অভিযোগ কৰে যে বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবেই দুৰ্ঘটনা সংঘটিত হৈছে। 

আৰক্ষীয়ে ট্ৰলীৰ পৰা আটাইকেইটা মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু