--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শেহতীয়াকৈ বলীউডৰ জগতত শিৰোনাম দখল কৰা এজন অন্যতম ব্যক্তি অৰহান আৱত্ৰমণি। এই ৰহস্যময় ব্যক্তিগৰাকীয়ে ভাৰতৰ কিছুমান বিশিষ্ট চেলিব্ৰিটী আৰু তাৰকাসকলৰ সৈতে বিভিন্ন অনুষ্ঠানত অংশগ্ৰহণ কৰি আহিছে, যাৰ ফলত দৰ্শক তেওঁৰ পৰিচয়ৰ প্ৰতি আগ্ৰহী হৈ পৰিছে। নিজে অভিনেতা বা গায়ক নহ’লেও তেওঁক প্ৰায়ে বি-টাউন পাৰ্টীত দেখা যায়।

শেহতীয়াকৈ বহু চেলিব্ৰিটীৰ সৈতে বহুতৰে দৃষ্টি আকৰ্ষণ কৰা অৰী নামেৰে পৰিচিত অৰহান আৱত্ৰমণিৰ বিষয়ে জানো আহক। বি-টাউন চেলিব্ৰিটীৰ জন্মদিনৰ উদ্‌যাপন আৰু বলীউডৰ অন্যান্য ডাঙৰ অনুষ্ঠানত তেওঁক শেহতীয়াকৈ দেখা পোৱা গৈছে, যাৰ ফলত তেওঁৰ বিষয়ে জনসাধাৰণৰ মাজত কৌতুহলৰ সৃষ্টি হৈছে।খবৰ অনুসৰি কোটিপতি মুকেশ আম্বানী আৰু তেওঁৰ পৰিয়ালৰ সৈতে তেওঁৰ ঘনিষ্ঠ সম্পৰ্ক আছে। সঘনাই আলিয়া ভাট, দীপিকা পাডুকন, অনন্যা পাণ্ডে আদি চেলিব্ৰিটীৰ সৈতে দেখা পোৱা বাবে তেওঁ বলীউডৰ বিএফএফ (বেষ্ট ফ্ৰেণ্ড ফৰএভাৰ)ৰ খিতাপ অৰ্জন কৰিছে।


অৰীৰ পেছাৰ কথা ক’বলৈ গ’লে অৰহান আৱত্ৰমণিৰ লিংকডইন প্ৰফাইলত প্ৰকাশ পাইছে যে তেওঁ ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ লিমিটেডৰ অধ্যক্ষৰ কাৰ্যালয়ত বিশেষ প্ৰকল্প পৰিচালক হিচাপে কাম কৰে।তেওঁ ইতিমধ্যে নিউয়ৰ্কৰ পাৰ্ছনছ স্কুল অৱ ডিজাইনৰ পৰা ফাইন আৰ্টছ এণ্ড কমিউনিকেচন ডিজাইনত স্নাতক ডিগ্ৰী লাভ কৰিছে।

১৯৯৯ চনৰ ২ আগষ্টত মুম্বাইত ব্যৱসায়ী জৰ্জ আৱত্ৰমণি আৰু শ্বেহনাজ আৱাত্ৰমণিৰ ঘৰত জন্মগ্ৰহণ কৰা অৰীৰ সম্পত্তিৰ পৰিমাণ ২ৰ পৰা ৮ কোটি টকাৰ ভিতৰত বুলি অনুমান কৰা হৈছে। তেওঁৰ কবীৰ নামৰ এজন ভাতৃ আছে, যিয়ে ছলিছ হেল্থৰ জনসংযোগৰ মুৰব্বী হিচাপে কাম কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক