--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ পৰা হলীউডলৈকে সুনাম অৰ্জন কৰা অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা প্ৰায়ে বাতৰিৰ শিৰোনামত থাকে। অভিনয়ৰ বলত অভিনেত্ৰীগৰাকীয়ে সমগ্ৰ বিশ্বতে স্বীকৃতি লাভ কৰিছে।

শেহতীয়াকৈ অভিনেত্ৰীগৰাকীয়ে Jio MAMI চলচ্চিত্ৰ মহোৎসৱত অংশগ্ৰহণ কৰিবলৈ মুম্বাইলৈ আহিছিল। তাতে তেওঁ নিজৰ কেৰিয়াৰৰ কথা তথা জীৱনৰ কথা ব্যক্ত কৰিছিল। 

অভিনেত্ৰীগৰাকীয়ে কয় যে তেওঁৰ পিতৃ অশোক চোপ্ৰাৰ মৃত্যুৱে তেওঁক বাস্তৱক উপলব্ধি কৰিবলৈ শিকোৱাৰ লগতে জীৱনৰ কিছুমান গুৰুত্বপূৰ্ণ শিক্ষাও দিছিল।

আগতে প্ৰিয়ংকা নিজৰ কামত বহুত ব্যস্ত আছিল। দেউতাকৰ মৃত্যুত প্ৰিয়ংকাই উপলব্ধি কৰিলে যে তেওঁ কিছু সময়ৰ বাবে বিৰতি লোৱাৰ প্ৰয়োজন আছে।

প্ৰিয়ংকাই কয় যে "আগতে মাৰ কিমান জন্মদিন মিছ কৰিলো হিচাপ নাই। তেওঁক ফোন কৰি শুভেচ্ছা দিয়াৰ কথাও মনত নাই। ইউৰোপত কাম কৰাৰ বাবে মই দীপাৱলীও উদযাপন কৰা নাছিলো। দেউতা জীয়াই থকালৈকে একেলগে দীপাৱলী উদযাপন কৰিয়ে নাপালো। দেউতাৰ মৃত্যু হোৱা আগলৈকে তেওঁৰ লগত দীপাৱলী উদযাপন কৰিবলৈ মোৰ সময় নাছিল। সেই কথা ভাবিলে আফচোচ হয়। দেউতাৰ মৃত্যুৰ পাছতহে কথাবোৰ বুজি পাইছো।" 

প্ৰিয়ংকাই লগতে কয় যে "দেউতা অসুস্থ হোৱাটো মোৰ বাবে এটা ডাঙৰ কথা আছিল। তেতিয়া মই বুজিলোঁ যে জীৱনটো বহুত চুটি আৰু আমি সৰু সৰু কথাবোৰৰ বাবেও বহুত চিন্তা কৰোঁ আনহাতে চিন্তা কৰিবলগীয়া ডাঙৰ কথাবোৰৰ কথাও চিন্তা নকৰো।



অভিনেত্ৰীগৰাকীৰ মতে জীৱনৰ গুৰুত্বপূৰ্ণ বিষয়ৰ প্ৰতি ধ্যান ৰাখিলেই মানুহে নিজৰ মাটিৰ লগত আৰু শিপাৰ লগত সংপৃক্ত হৈ থাকে। 

উল্লেখ্য যে কৰ্কট ৰোগৰ সৈতে দীৰ্ঘদিনীয়া যুঁজৰ অন্তত ২০১৩ চনৰ ১০ জুনত প্ৰিয়ংকাৰ পিতৃৰ মৃত্যু হয়। তেওঁ সেনাবাহিনীত ডাক্তৰ হিচাপে কাম কৰিছিল। প্ৰিয়ংকা দেউতাকৰ অতি ঘনিষ্ঠ আছিল আৰু সেয়েহে তেওঁ ৫ বছৰ ধৰি ডিপ্ৰেছনত পৰিছিল, যিটো কথা অভিনেত্ৰীগৰাকীয়ে তেওঁৰ ‘আনফিনিছড’ গ্ৰন্থত উল্লেখ কৰিছে। প্ৰিয়ংকা চোপ্ৰাৰ পিতৃৰ লগত গভীৰ সম্পৰ্ক আছিল। প্ৰিয়ংকাৰ দেউতাকৰ বাবে উৎসৰ্গিত টেটুও আছে। তাত লিখা আছে, ‘ডেডীজ লিটল গাৰ্ল’।

অভিনেত্ৰীগৰাকীয়ে কৈছিল যে পিতৃৰ মৃত্যুৰ মাত্ৰ ৫ দিনৰ পাছতে তেওঁ নিজৰ ছবি ‘মেৰী কম’ৰ শ্বুটিং আৰম্ভ কৰিছিল। যি কথা তেওঁ আজীৱন মনত ৰাখিব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান