--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ পৰা হলীউডলৈকে সুনাম অৰ্জন কৰা অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা প্ৰায়ে বাতৰিৰ শিৰোনামত থাকে। অভিনয়ৰ বলত অভিনেত্ৰীগৰাকীয়ে সমগ্ৰ বিশ্বতে স্বীকৃতি লাভ কৰিছে।

শেহতীয়াকৈ অভিনেত্ৰীগৰাকীয়ে Jio MAMI চলচ্চিত্ৰ মহোৎসৱত অংশগ্ৰহণ কৰিবলৈ মুম্বাইলৈ আহিছিল। তাতে তেওঁ নিজৰ কেৰিয়াৰৰ কথা তথা জীৱনৰ কথা ব্যক্ত কৰিছিল। 

অভিনেত্ৰীগৰাকীয়ে কয় যে তেওঁৰ পিতৃ অশোক চোপ্ৰাৰ মৃত্যুৱে তেওঁক বাস্তৱক উপলব্ধি কৰিবলৈ শিকোৱাৰ লগতে জীৱনৰ কিছুমান গুৰুত্বপূৰ্ণ শিক্ষাও দিছিল।

আগতে প্ৰিয়ংকা নিজৰ কামত বহুত ব্যস্ত আছিল। দেউতাকৰ মৃত্যুত প্ৰিয়ংকাই উপলব্ধি কৰিলে যে তেওঁ কিছু সময়ৰ বাবে বিৰতি লোৱাৰ প্ৰয়োজন আছে।

প্ৰিয়ংকাই কয় যে "আগতে মাৰ কিমান জন্মদিন মিছ কৰিলো হিচাপ নাই। তেওঁক ফোন কৰি শুভেচ্ছা দিয়াৰ কথাও মনত নাই। ইউৰোপত কাম কৰাৰ বাবে মই দীপাৱলীও উদযাপন কৰা নাছিলো। দেউতা জীয়াই থকালৈকে একেলগে দীপাৱলী উদযাপন কৰিয়ে নাপালো। দেউতাৰ মৃত্যু হোৱা আগলৈকে তেওঁৰ লগত দীপাৱলী উদযাপন কৰিবলৈ মোৰ সময় নাছিল। সেই কথা ভাবিলে আফচোচ হয়। দেউতাৰ মৃত্যুৰ পাছতহে কথাবোৰ বুজি পাইছো।" 

প্ৰিয়ংকাই লগতে কয় যে "দেউতা অসুস্থ হোৱাটো মোৰ বাবে এটা ডাঙৰ কথা আছিল। তেতিয়া মই বুজিলোঁ যে জীৱনটো বহুত চুটি আৰু আমি সৰু সৰু কথাবোৰৰ বাবেও বহুত চিন্তা কৰোঁ আনহাতে চিন্তা কৰিবলগীয়া ডাঙৰ কথাবোৰৰ কথাও চিন্তা নকৰো।



অভিনেত্ৰীগৰাকীৰ মতে জীৱনৰ গুৰুত্বপূৰ্ণ বিষয়ৰ প্ৰতি ধ্যান ৰাখিলেই মানুহে নিজৰ মাটিৰ লগত আৰু শিপাৰ লগত সংপৃক্ত হৈ থাকে। 

উল্লেখ্য যে কৰ্কট ৰোগৰ সৈতে দীৰ্ঘদিনীয়া যুঁজৰ অন্তত ২০১৩ চনৰ ১০ জুনত প্ৰিয়ংকাৰ পিতৃৰ মৃত্যু হয়। তেওঁ সেনাবাহিনীত ডাক্তৰ হিচাপে কাম কৰিছিল। প্ৰিয়ংকা দেউতাকৰ অতি ঘনিষ্ঠ আছিল আৰু সেয়েহে তেওঁ ৫ বছৰ ধৰি ডিপ্ৰেছনত পৰিছিল, যিটো কথা অভিনেত্ৰীগৰাকীয়ে তেওঁৰ ‘আনফিনিছড’ গ্ৰন্থত উল্লেখ কৰিছে। প্ৰিয়ংকা চোপ্ৰাৰ পিতৃৰ লগত গভীৰ সম্পৰ্ক আছিল। প্ৰিয়ংকাৰ দেউতাকৰ বাবে উৎসৰ্গিত টেটুও আছে। তাত লিখা আছে, ‘ডেডীজ লিটল গাৰ্ল’।

অভিনেত্ৰীগৰাকীয়ে কৈছিল যে পিতৃৰ মৃত্যুৰ মাত্ৰ ৫ দিনৰ পাছতে তেওঁ নিজৰ ছবি ‘মেৰী কম’ৰ শ্বুটিং আৰম্ভ কৰিছিল। যি কথা তেওঁ আজীৱন মনত ৰাখিব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ