--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ কিছুমান দম্পতীৰ মাজত কোনো আনুষ্ঠানিক ঘোষণা নকৰাকৈয়েও মানুহে দৃঢ়তাৰে মানি লৈছে যে হয়তো অতি সোনকালে তেওঁলোকৰ বিয়া হ’ব। ইয়াৰ ভিতৰত অৰ্জুন কাপুৰ আৰু মলাইকা অৰোৰাৰ যুটি এতিয়া পুৰণি হৈ পৰিছে। এনে কিছুমান নতুন দম্পতীৰ বিষয়ে কওঁ, যাৰ সন্দৰ্ভত আলোচনা চলি আছে যে তেওঁলোকৰ ঘৰত বিয়াৰ শ্বেহনাই অতি সোনকালে শুনা যাব পাৰে।
Aditya Roy Kapur and Ananya Panday's vacation photos may be intriguing, but  are they consensual? | Vogue India
১) অনন্যা পাণ্ডে-আদিত্য ৰয় কাপুৰঃ কিছুদিনৰ পৰা অভিনেত্ৰী অনন্যা পাণ্ডে আৰু অভিনেতা আদিত্য ৰায় কাপুৰৰ মাজত ডেটিং হোৱাৰ উৰাবাতৰি চলি আহিছে। সাম্প্ৰতিক সময়ত দুয়োকে প্ৰায়ে একেলগে দেখা পোৱা গৈছে। শেহতীয়াকৈ কফি উইথ কৰণৰ এটা খণ্ডত অনন্যাই নিজৰ ডেটিং জীৱনৰ বিষয়ে মুকলিকৈ ইংগিত দিছিল। শীঘ্ৰে সম্পৰ্কক আগুৱাই নিব বিচৰা বুলি চৰ্চা চলিছে। দুয়োৰে বয়সৰ পাৰ্থক্য ১৩ বছৰ।
Ira Khan And Nupur Shikhare Gets Engaged | Aamir Khan | Ira Khan-Nupur  Shikhare | HerZindagi
২) ইৰা খান-নুপুৰ শিখাৰেঃ বলীউড অভিনেতা আমিৰ খানৰ কন্যা ইৰা খান প্ৰেমিক নুপুৰ শিখাৰেৰ সৈতে বিবাহপাশত আবদ্ধ হ’বলৈ ওলাইছে। তেওঁলোকৰ এংগেজমেণ্ট হৈছে আৰু ২০২৪ চনৰ জানুৱাৰী মাহত তেওঁলোকৰ বিবাহ হ’ব। শেহতীয়াকৈ ভাইৰেল হৈ পৰিছে ইৰা আৰু নুপুৰৰ প্ৰি-ৱেডিং প্ৰগ্ৰেমৰ ছবি।
Rakul Preet Singh, Jackky Bhagnani make their relationship official on  social media : The Tribune India
৩) ৰাকুল প্ৰীত সিং-জেকি ভগনানীঃ অভিনেত্ৰী ৰাকুল প্ৰীত সিং আৰু অভিনেতা-প্ৰযোজক জেকী ভগনানীয়ে সংবাদ মাধ্যমৰ আগত নিজৰ সম্পৰ্কক লুকুৱাই ৰখা নাই। খবৰ অনুসৰি এই প্ৰেমিক চৰাইহালৰ বিয়া অতি সোনকালে হ’ব।
Rumored boyfriend Shikhar Pahadia broke down after seeing Janhvi Kapoor's  glamorous look, could not hide his feelings even after wishing

৪) জাহ্নৱী কাপুৰ-শিখৰ পাহাৰীয়াঃ অভিনেত্ৰী জাহ্নৱী কাপুৰ আৰু শিখৰ পাহাৰীয়াই দীৰ্ঘদিন ধৰি প্ৰেমৰ সম্পৰ্ক স্থাপন কৰি আহিছে। শেহতীয়াকৈ দুয়োকে ৰাজহুৱা স্থানত একেলগে দেখা গৈছিল আৰু তেওঁলোকে মানুহৰ দৃষ্টি আকৰ্ষণ কৰিছিল। খবৰটো হ’ল দুয়োজনে ইজনে সিজনক বহুত ভাল পায় আৰু এই প্ৰেমৰ সেউজ সংকেত দিছে জাহ্নৱীৰ পিতৃ বনী কাপুৰে। তেওঁলোকৰ ৰোমাঞ্চ বিবাহলৈ আগবাঢ়ি যোৱাৰ বিষয়েও আলোচনা চলি আছে।
Siddharth and Aditi Rao Hydari spark romance rumours: A look at their love  story, dating history and PDA moments
৫) অদিতি ৰাও হায়দাৰী আৰু সিদ্ধাৰ্থঃ যদিও অদিতি ৰাও হায়দাৰী আৰু সিদ্ধাৰ্থই ৰাজহুৱাভাৱে তেওঁলোকৰ সম্পৰ্কক আনুষ্ঠানিকভাৱে মানি লোৱা নাই, তথাপিও ছ’চিয়েল মিডিয়াত তেওঁলোকৰ ছবি আৰু ভিডিঅ’ই বহু কথাই কয়। দুয়োজনে আগতেও বিবাহ কৰাইছে আৰু পূৰ্বৰ সংগীক বিবাহ বিচ্ছেদ কৰিছে। দুয়ো শীঘ্ৰে বিয়া হোৱাৰ পৰিকল্পনা কৰা বুলি চৰ্চা চলিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
হোষ্টেলত ৪২৬ টা শিশুৰ খাদ্যত ফেনাইল মিহলাই হত্যা কৰাৰ ষড়যন্ত্ৰ! এনেকৈ পৰিল জীৱন ৰক্ষা
ভিটামিন চিৰ বাবে দৈনিক ইমান পৰিমাণৰ কিৱি খালে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয়
শিলচৰত কৰুণ ঘটনা! মাছ মাৰিবলৈ গৈ ২২ বছৰীয়া যুৱকৰ মৃত্যু
যিসকলে দাঁতৰ যত্ন ল’ব নোৱাৰে, তেওঁলোকে সেনাৰ গুৰুত্বপূৰ্ণ অভিযানৰ দায়িত্ব কেনেকৈ ল’ব? দাঁত লেতেৰা বাবেই ব্ৰিটিছ সেনাই চাকৰিৰ পৰা বৰ্খাস্ত কৰিলে ১৭০ জন জোৱানক
প্ৰধানমন্ত্ৰীৰ ডিগ্ৰীৰ তথ্য ৰাজহুৱা কৰাত ন্যায়ালয়ৰ নিষেধাজ্ঞা
অৰুণাচলৰ দিৰাঙত ভূমিস্খলন, চাৰিদুৱাৰ-ভালুকপুং-টাৱাং সংযোগী পথ বন্ধ
ভাৰতমাতাৰ সাহসী কন্যা! ২০ হাজাৰ ফুটতকৈও অধিক ওখ এটা শিখৰত উৰুৱালে ত্ৰিৰংগা; বৰফ খাই গুচাইছিল পিয়াহ
পৰিয়ালে প্ৰেমত দিছিল বাধা, প্ৰেমিক-প্ৰেমিকা পালেহি থানা ; মন্দিৰত বিয়া পাতি দিলে আৰক্ষীয়ে
হৃদৰোগৰ পৰা হাত সাৰিবলৈ কি কৰিব লাগে? জানি লওক ভালদৰে
স্বামীৰ সৈতে বিবাহ বিচ্ছেদ, ইৰফানৰ সৈতে লিভ-ইন ৰিলেছনশ্বিপ; ওলমি থকা অৱস্থাত উদ্ধাৰ বিউটিচিয়ান মীনুৰ মৃতদেহ
ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰীৰে বাৰ্তালাপৰ অভিজ্ঞতা বর্ণনা কৰি উৎফুল্ল দীপ্তি চহৰীয়া
ভয়ানক বিপদৰ পৰা ৰক্ষা পৰিল দেৰগাঁও!  পেট্ৰ’ল পাম্পৰ চৌহদত ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত
'আগতে কোনো মুখ্যমন্ত্রী বি টি চিলৈ অহা নাছিল, মই ২০০ বাৰ আহিছোঁ', গোসাইগাঁৱত বিজয় সংকল্প সমাৰোহত মুখ্যমন্ত্রী
ভাৰতীয় বায়ুসেনাই দেখুৱালে মানৱীয়তা! থাই নাগৰিকৰ জীৱন ৰক্ষাৰ বাবে দেখুৱালে অদম্য সাহস