--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আইনী পাকচক্ৰত ক্ৰমান্বয়ে সোমাই পৰিছে অনিল আম্বানী পৰিয়াল৷ বৈদেশিক মুদ্ৰা ব্যৱস্থাপনা আইনৰ বিভিন্ন ধাৰাত পঞ্জীয়ন হোৱা গোচৰটোত স্বামীয়ে নিজৰ বক্তব্য লিপিবদ্ধ কৰাৰ এদিন পিছতে আজি প্ৰবৰ্তন সঞ্চালকালয়ৰ সন্মুখত হাজিৰ হয় উদ্যোগপতি অনিল আম্বানীৰ পত্নী তথা বলীউডৰ প্ৰবীণ অভিনেত্ৰী টিনা আম্বানী৷

ইয়াৰ পূৰ্বে সোমবাৰে মুম্বাইৰ বেলাৰ্ড এষ্টেট এলেকাত কেন্দ্ৰীয় সংস্থাটোৰ সন্মুখত হাজিৰ হৈ অনিল আম্বানীয়ে গোচৰ সন্দৰ্ভত নিজৰ বক্তব্য লিপিবদ্ধ কৰে। ইয়াৰ পূৰ্বে ২০২০ চনত য়েছ বেংকৰ ঋণৰ কিকবেক গোচৰৰ সৈতে জড়িত আম্বানীয়ে প্ৰবৰ্তন সঞ্চালকালয়ৰ সন্মুখত হাজিৰ হৈছিল, য’ত বেংকটোৰ সহ-প্ৰতিষ্ঠাপক ৰানা কাপুৰক গ্ৰেপ্তাৰ কৰা হৈছিল।

যোৱা বছৰৰ ছেপ্টেম্বৰ মাহত বম্বে উচ্চ ন্যায়ালয়ে অনিল আম্বানীৰ বিৰুদ্ধে কোনো ধৰণৰ জোৰ-জবৰদস্তি ব্যৱস্থা গ্ৰহণ নকৰিবলৈ আয়কৰ বিভাগক কোৱাৰ বাবে ৪২০ কোটি টকাৰ কৰ ফাঁকিৰ গোচৰত আম্বানীক আদালতে কিছু সকাহ দিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পোষ্টেল বেলটৰ গণনা সমাপ্ত নকৰাকৈ ই ভি এমৰ গণনা শেষ কৰিব নোৱাৰিব
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
জুবিন গাৰ্গৰ শেষকৃত্য ক’ত কৰা হ’ব? দিয়া হ’ব নে চৰকাৰী বন্ধ? কি ক’লে মুখ্যমন্ত্ৰীয়ে?
বিদ্যালয়ৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লোৱাত প্ৰতিবাদত নামিল শিক্ষাৰ্থী
ছিংগাপুৰৰ সাগৰৰ পাৰত হঠাৎ নিঠৰ হʼল এটা মায়াময় সুৰ
হঠাতেই হেৰাল কেনিনো মোৰ চোতালৰে জোনাক
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান