--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মোবাইলত PUBG গেম খেলি বন্ধুত্ব, তাৰ পিছত প্ৰেম। প্ৰেমৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই এগৰাকী ত্ৰিশ বছৰীয়া মহিলাই কোলাত চাৰিটা সন্তান লৈ পাকিস্তানৰ পৰা ভাৰতত প্ৰৱেশ কৰে। উত্তৰ প্ৰদেশৰ নয়দাত সংঘটিত হৈছে এই কাণ্ড।

ঘটনা পোহৰলৈ অহাৰ লগে লগে নয়ডা আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে। পাক মহিলাগৰাকীৰ ভাৰতীয় প্ৰেমিককো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ভাৰতত অনুপ্ৰৱেশ কৰা পাকিস্তানী মহিলাগৰাকীৰ নাম সীমা গুলাম হাইদৰ আৰু ভাৰতীয় প্ৰেমিকৰ নাম শচীন।

আৰক্ষীৰ সূত্ৰ অনুসৰি ‘পাবজী’ খেলি থকাৰ সময়তে সীমাৰে শচীনৰ সৈতে কথা-বতৰা পাতিছিল। তাৰ পৰাই সীমাই নিজৰ চাৰিটা সন্তানৰ সৈতে ভাৰতলৈ অহাৰ সিদ্ধান্ত ল’লে, যিহেতু তেওঁলোকৰ সম্পৰ্ক আৰু অধিক আগবাঢ়িছিল। প্ৰথমে তেওঁ পাকিস্তানৰ পৰা নেপাললৈ আহিছিল। যোৱা মাহত তেওঁ তাৰ পৰাই লুকাই চুৰকৈ ভাৰতত প্ৰৱেশ কৰিছিল। ইয়াৰ পিছত বাছত উঠি নয়ডালৈ আহিল।

সোমবাৰে আৰক্ষীয়ে জনোৱা মতে, শচীনে আগতে গ্ৰেটাৰ নয়ডাৰ ৰাবুপুৰা অঞ্চলত ভাড়াতেই জীৱন নিৰ্বাহ কৰিছিল। সীমা চাৰিটা সন্তানৰ সৈতে তাতেই বাস কৰিছিল। গোপন সূত্ৰৰ পৰা এই তথ্য লাভ কৰি আৰক্ষীয়ে শচীনৰ ভাড়াঘৰত অভিযান চলাই চাৰিটা সন্তানসহ সীমাক গ্ৰেপ্তাৰ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
জুবিন গাৰ্গৰ ধন আত্মসাতৰ প্ৰমাণ মোৰ হাতত আছেঃ মানস ৰবীন
জুবিন গাৰ্গৰ শেষকৃত্য ক’ত কৰা হ’ব? দিয়া হ’ব নে চৰকাৰী বন্ধ? কি ক’লে মুখ্যমন্ত্ৰীয়ে?
বিদ্যালয়ৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লোৱাত প্ৰতিবাদত নামিল শিক্ষাৰ্থী
ছিংগাপুৰৰ সাগৰৰ পাৰত হঠাৎ নিঠৰ হʼল এটা মায়াময় সুৰ
হঠাতেই হেৰাল কেনিনো মোৰ চোতালৰে জোনাক
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান