--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মোবাইলত PUBG গেম খেলি বন্ধুত্ব, তাৰ পিছত প্ৰেম। প্ৰেমৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই এগৰাকী ত্ৰিশ বছৰীয়া মহিলাই কোলাত চাৰিটা সন্তান লৈ পাকিস্তানৰ পৰা ভাৰতত প্ৰৱেশ কৰে। উত্তৰ প্ৰদেশৰ নয়দাত সংঘটিত হৈছে এই কাণ্ড।

ঘটনা পোহৰলৈ অহাৰ লগে লগে নয়ডা আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে। পাক মহিলাগৰাকীৰ ভাৰতীয় প্ৰেমিককো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ভাৰতত অনুপ্ৰৱেশ কৰা পাকিস্তানী মহিলাগৰাকীৰ নাম সীমা গুলাম হাইদৰ আৰু ভাৰতীয় প্ৰেমিকৰ নাম শচীন।

আৰক্ষীৰ সূত্ৰ অনুসৰি ‘পাবজী’ খেলি থকাৰ সময়তে সীমাৰে শচীনৰ সৈতে কথা-বতৰা পাতিছিল। তাৰ পৰাই সীমাই নিজৰ চাৰিটা সন্তানৰ সৈতে ভাৰতলৈ অহাৰ সিদ্ধান্ত ল’লে, যিহেতু তেওঁলোকৰ সম্পৰ্ক আৰু অধিক আগবাঢ়িছিল। প্ৰথমে তেওঁ পাকিস্তানৰ পৰা নেপাললৈ আহিছিল। যোৱা মাহত তেওঁ তাৰ পৰাই লুকাই চুৰকৈ ভাৰতত প্ৰৱেশ কৰিছিল। ইয়াৰ পিছত বাছত উঠি নয়ডালৈ আহিল।

সোমবাৰে আৰক্ষীয়ে জনোৱা মতে, শচীনে আগতে গ্ৰেটাৰ নয়ডাৰ ৰাবুপুৰা অঞ্চলত ভাড়াতেই জীৱন নিৰ্বাহ কৰিছিল। সীমা চাৰিটা সন্তানৰ সৈতে তাতেই বাস কৰিছিল। গোপন সূত্ৰৰ পৰা এই তথ্য লাভ কৰি আৰক্ষীয়ে শচীনৰ ভাড়াঘৰত অভিযান চলাই চাৰিটা সন্তানসহ সীমাক গ্ৰেপ্তাৰ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস