--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শ্বাহৰুখ খানৰ পাঠান ছবি খনে ভংগ কৰি গৈছে ইটোৰ পিছত সিটোকৈ অভিলেখ৷ অগ্ৰিম বুকিঙৰ ক্ষেত্ৰত পাঠানে পূৰ্বৰ  সকলো অভিলেখ ভংগ কৰাৰ পিছত এইবাৰ বলীউডৰ শীৰ্ষ উপাৰ্জনকাৰী  ১০ খন ছবিৰ ভিতৰত এখন হ’বলৈ ওলাইছে৷ 

লক্ষ্যণীয় কথাটো হ’ল ছদিনৰ ভিতৰত পাঠান ছবি খনে যি হাৰত উপাৰ্জন কৰিছে সেয়া হয়তো আৰু কিছুদিনলৈ অব্যাহত থাকিব৷ বলীউডত এতিয়ালৈকে শাৰ্ষ উপাৰ্জনকাৰী ছবিৰ ভিতৰত দংগল ছবি খন প্ৰথম স্থানত আছে৷ ভাৰতত দংগলে উপাৰ্জন কৰা ধনৰ পৰিমাণ হৈছে ৩৮৭ কোটি টকা৷ এই ক্ষেত্ৰত পাঠানে দেশ তথা বিদেশত  ছটা দিনত উপাৰ্জন কৰা ধনৰ পৰিমাণ ৪০০ কোটি টকাৰ ওপৰত৷ অৱশ্যে এই ধনৰ পৰিমাণৰ ভিতৰত পাঠানৰ হিন্দী সংস্কৰণৰ লগতে আন দিটা ভাৰতীয় ভাষাৰ সংস্কৰণৰ উপাৰ্জনো অব্যাহত আছে৷ 

কেৱল হিন্দী সংস্কৰণৰ ক্ষেত্ৰত ছটা দিনত  পাঠানৰ উপাৰ্জন ২২০ কোটি টকা বুলি তথ্য পোৱা গৈছে৷ সেই ক্ষেত্ৰত পাঠানে হিন্দী সংস্কৰণেৰে অতি শীঘ্ৰে ৩৮০ কোটিৰ পূৰ্বৰ অভিলেখ ভংগ কৰিবলৈ সক্ষম হ’ব বুলি ধাৰণা কৰা হৈছে৷  

উল্লেখ্য ২০১৩ চনত মুক্তি পোৱা বলীউডৰ  ‘ধূম ৩’ ছবি খনৰ  উপাৰ্জন আছিল প্ৰায়  ২৮৪ কোটি টকা৷ অজয় ​​দেৱগনৰ ‘তনহাজী’ছবি খনে প্ৰায় ২৮০ কোটি টকা সংগ্ৰহ কৰি শীৰ্ষ ঠবিৰ তালিকাৰ দশম স্থানত আছিল৷ চাৰি বছৰৰ পিছত বলীউডলৈ প্ৰ্যাৱৰ্তন কৰিয়েই শ্বাহৰুখ খানৰ ছবি খনে অভিলেখ গঢ়াৰ কথাই বাদশ্বাহৰ অনুৰাগীসকলক আনন্দিত কৰি তোলা পৰিলক্ষিত হৈছে৷







FOLLOW US F
POPULAR
FEATURE
TRENDY
''ট্ৰিবিউট টু জুবিন গাৰ্গ: দ্য গ'ল্ডেন ভইচ''- প্ৰাণৰ শিল্পী জুবিন গাৰ্গক  TSeries-এ জনালে শ্ৰদ্ধাঞ্জলি
ব্ৰাহ্ম’ছ মিছাইলেৰে ভাৰতৰ টাৰ্গেটত সমগ্ৰ পাকিস্তান ; পাকিস্তানক হুংকাৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ
আফগানিস্তান ক্ৰিকেট ব'ৰ্ডৰ কঠোৰ পদক্ষেপ ; আগন্তুক ত্ৰিদেশীয় টি-২০ শৃংখলা বাতিল
গৰৈমাৰীত কলেজীয়া ছাত্ৰী হত্যাকাৰীৰ ফাঁচিৰ দাবীত পুৰুষ মহিলাৰ উত্তাল প্ৰতিবাদ
কাতি বিহুৰ দিনাই ৰঙাপৰাত গো মাংস উদ্ধাৰ ; দহজনীয়া দলৰ পলায়ন
'আপুনি এইটো কাম কৰা উচিত নহয় ...ইমানখিনি টকা আপোনালৈ যথেষ্ঠ নহয় নে ?' ধ্ৰুৱ ৰাথীৰ টাৰ্গেটত এইবাৰ শ্বাহৰূখ খান
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
চাবুৱাত জনতাৰ শিল্পী গাৰ্গৰ আবক্ষমূৰ্তিৰ আধাৰশিলা স্থাপন
বেংগালুৰু-গুৱাহাটী এক্সপ্ৰেছৰ পৰা বনৰৌৰ ছাল আৰু অংগ-প্ৰত্যংগ উদ্ধাৰ! আন্তৰ্জাতিক বজাৰ মূল্য কেইবা কোটি টকাৰ
শুই থকা স্বামীৰ দেহত গৰম তেল ঢালিলে পত্নীয়ে, তাৰপাছত ঢালিলে জলকীয়া গুড়ি! পত্নীৰ বৰ্বৰতাই স্তম্ভিত কৰিছে সকলোকে