--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শ্বাহৰুখ খানৰ পাঠান ছবি খনে ভংগ কৰি গৈছে ইটোৰ পিছত সিটোকৈ অভিলেখ৷ অগ্ৰিম বুকিঙৰ ক্ষেত্ৰত পাঠানে পূৰ্বৰ  সকলো অভিলেখ ভংগ কৰাৰ পিছত এইবাৰ বলীউডৰ শীৰ্ষ উপাৰ্জনকাৰী  ১০ খন ছবিৰ ভিতৰত এখন হ’বলৈ ওলাইছে৷ 

লক্ষ্যণীয় কথাটো হ’ল ছদিনৰ ভিতৰত পাঠান ছবি খনে যি হাৰত উপাৰ্জন কৰিছে সেয়া হয়তো আৰু কিছুদিনলৈ অব্যাহত থাকিব৷ বলীউডত এতিয়ালৈকে শাৰ্ষ উপাৰ্জনকাৰী ছবিৰ ভিতৰত দংগল ছবি খন প্ৰথম স্থানত আছে৷ ভাৰতত দংগলে উপাৰ্জন কৰা ধনৰ পৰিমাণ হৈছে ৩৮৭ কোটি টকা৷ এই ক্ষেত্ৰত পাঠানে দেশ তথা বিদেশত  ছটা দিনত উপাৰ্জন কৰা ধনৰ পৰিমাণ ৪০০ কোটি টকাৰ ওপৰত৷ অৱশ্যে এই ধনৰ পৰিমাণৰ ভিতৰত পাঠানৰ হিন্দী সংস্কৰণৰ লগতে আন দিটা ভাৰতীয় ভাষাৰ সংস্কৰণৰ উপাৰ্জনো অব্যাহত আছে৷ 

কেৱল হিন্দী সংস্কৰণৰ ক্ষেত্ৰত ছটা দিনত  পাঠানৰ উপাৰ্জন ২২০ কোটি টকা বুলি তথ্য পোৱা গৈছে৷ সেই ক্ষেত্ৰত পাঠানে হিন্দী সংস্কৰণেৰে অতি শীঘ্ৰে ৩৮০ কোটিৰ পূৰ্বৰ অভিলেখ ভংগ কৰিবলৈ সক্ষম হ’ব বুলি ধাৰণা কৰা হৈছে৷  

উল্লেখ্য ২০১৩ চনত মুক্তি পোৱা বলীউডৰ  ‘ধূম ৩’ ছবি খনৰ  উপাৰ্জন আছিল প্ৰায়  ২৮৪ কোটি টকা৷ অজয় ​​দেৱগনৰ ‘তনহাজী’ছবি খনে প্ৰায় ২৮০ কোটি টকা সংগ্ৰহ কৰি শীৰ্ষ ঠবিৰ তালিকাৰ দশম স্থানত আছিল৷ চাৰি বছৰৰ পিছত বলীউডলৈ প্ৰ্যাৱৰ্তন কৰিয়েই শ্বাহৰুখ খানৰ ছবি খনে অভিলেখ গঢ়াৰ কথাই বাদশ্বাহৰ অনুৰাগীসকলক আনন্দিত কৰি তোলা পৰিলক্ষিত হৈছে৷







FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক