--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জোয়া আখতাৰৰ ‘দ্য আৰ্চিজ’ নামৰ ছবিখনত অভিনয় কৰিছে শ্বাহৰুখ কন্যা চুহানাই। ছবিখন এতিয়াও মুক্তি পোৱা নাই যদিও ইতিমধ্যে জনপ্ৰিয় হৈ পৰিছে চুহানা। তেনেসময়তে প্ৰবীণ অভিনেত্ৰী নীনা গুপ্তাই শ্বাহৰুখ কন্যাৰ কেৰিয়াৰৰ ভৱিষ্যদ্বাণী কৰিছে। শেহতীয়াকৈ দিয়া এক সাক্ষাৎকাৰত নীনাই স্পষ্টভাৱে কয় যে তেওঁ নতুনসকলৰ ভিতৰত চুহানাকে ভাল পায়। 

চুহানাৰ  ফেশ্বন আৰু ষ্টাইলৰ প্ৰশংসা কৰে নীনা গুপ্তাই। এক সাক্ষাৎকাৰত নীনাই কয়, "মই ভাবো এই প্ৰজন্মৰ বাবে চুহানা পথ প্ৰদৰ্শক হ'ব পাৰে। মোৰ মতামত যদিও ব্যক্তিগত। তেওঁৰ চেহেৰা, গতিবিধি আনকি অভিনয়ও ভাল লাগিল। মই ভাবো তেওঁ চিনেমাত ভাল অভিনয় কৰিব।’’

তাৰোপৰি নতুন প্ৰজন্মৰ অভিনেত্ৰী সকলৰ ভিতৰত নীনাৰ প্ৰিয় তালিকাত কোন আছে? আমোদজনক কথাটো হ’ল, আলিয়া ভাট, অনন্যা পাণ্ডে, চাৰা আলী খান, জানহৱী কাপুৰৰ কথা সোধা হৈছিল যদিও নীনাই কয়- "কৰীনা (কাপুৰ) এগৰাকী ভাল অভিনেত্ৰী।"

বৰ্তমান চুহানাই নিউয়ৰ্ক বিশ্ববিদ্যালয়ত চলচ্চিত্ৰ অধ্যয়ন কৰি আছে। চুহানাৰ ইনষ্টাগ্ৰামত ২৪ লাখৰো অধিক ফ’ল’ৱাৰ আছে। ইনষ্টাগ্ৰামত ফেশ্বন মডেল হিচাপে পৰিচিত হৈ আহিছে চুহানা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক