--°C
Loading...
Listen to Article
2 min read
80%
 ডিজিটেল ডেস্কঃ দেশত এতিয়া পাঠানৰ ধুমুহা৷ হিন্দুত্ববাদী সংগঠনৰ বাধাকো নেওঁচি দুৰন্ত গতিৰে দৌৰিছে পাঠানে৷ বক্স অফিচত 'পাঠান'ৰ  ধুমুহা। ছবিখনে এটাৰ পিছত এটা অভিলেখ  স্থাপন কৰিছে। সিদ্ধাৰ্থ আনন্দৰ দ্বাৰা পৰিচালিত এই ছবিখনে মাত্ৰ পাঁচ দিনৰ ভিতৰতে ৪০০ কোটিৰ সীমা অতিক্ৰম কৰিছে। 

কথাটোকলৈ  বলীউড এতিয়া সুখী। এনে সময়তে হঠাতে ছবি ঘৰলৈ'পাঠান' উপভোগ কৰিবলৈ গ’ল ছবি খনৰ অভিনেত্ৰী দীপিকা পাডুকন৷   ছবিখনৰ নায়িকা দীপিকা পাডুকনক মুম্বাইৰ এটা  থিয়েটাৰত দেখা পোৱাৰ পিছতে আনন্দিত হৈ পৰিল অনুৰাগীসকল । কিন্তু প্ৰথম দৃষ্টিত দীপিকাক কোনেও যেন চিনি পোৱাই নাছিল৷  দৰ্শকৰ পৰা হাত সাৰি থকাৰ বাবেই হয়তো দীপিকাই  ক'লা ৰঙৰ পোছাকেৰে নিজৰ শৰীৰ  ঢাকি ৰাখিছিল৷ মুখত পিন্ধিছিল  মাস্ক৷

একেদিনাই  শ্বাহৰুখ খানেও তেওঁৰ বাসভৱন  মান্নাতৰ ছাদলৈ ওলাই আহিছিল৷ হাত জোকাৰি শ্বাহৰুখে অনুৰাগীসকলক অভিবাদন জনায়৷ পাঠানক দিয়া মৰমৰ বাবেই শ্বাহৰুখে অনুৰাগীসকলক দূৰৈৰ পৰাই চুমা যাচে৷  


আনহাতে  দীপিকা মুম্বাইৰ বান্দ্ৰা অঞ্চলৰ বিখ্যাত থিয়েটাৰ গ্যালাক্সিলৈ ছবি খন উপভোগ কৰাৰ বাবে যায়৷ দীপিকাই ছবিগৃহত দৰ্শকৰ প্ৰতিক্ৰিয়ালৈ একান্ত মনেৰে লক্ষ্য কৰিছিল৷ 



উল্লেখ্য মুম্বাইৰ জনপ্ৰিয় চিনেমা হলটোৱে প্ৰথমবাৰৰ বাবে 'পাঠান' ছবিখনৰ বাবেই পূৰ্বৰ  নিয়ম ভংগ কৰিছে। পূৰ্বে  গ্যালাক্সিত দিনৰ ১২ বজাত শ্ব’  আৰম্ভ হৈছিল। এতিয়া পাঠানৰ বাবে  পুৱা ৯ বজাতেই  শ্ব’  আৰম্ভ  কৰা হৈছে৷ 







FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক