--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিবাহপাশত আৱদ্ধ হ'ল বলীউডৰ সুকণ্ঠী গায়িকা পলক মুছল আৰু সংগীতকাৰ মিথুন শৰ্মা। ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে দুয়োৰে বিয়াৰ ছবি। ৰঙা আৰু সোণালী ৰঙেৰে নিৰ্মিত কইনাৰ পোছাকত বৰ সুন্দৰ দেখাইছে পলক মুছলক। আনহাতে মিথুনে ষ্টাইলিছ কুৰ্তা পাইজামা পৰিধান কৰা দেখা গৈছিল।
May be an image of 2 people and people standing
পলক আৰু মিথুনক বিয়াৰ শুভেচ্ছা জনাবলৈ কেইবাজনো অভিনেতা অভ্যৰ্থনা অনুষ্ঠানত উপস্থিত হয়। ইয়াৰ উপৰিও বহু শিল্পী অতিথি হিচাপে বিবাহ অনুষ্ঠানত উপস্থিত থাকে। ইয়াত কৈলাশ খেৰ আৰু চনু নিগমৰ নামো সন্নিবিষ্ট হৈছে।
No photo description available.
পলক মুছল আৰু মিথুনে একেলগে বহুতো কাম কৰিছে। দুয়োজনে বহু ছবিৰ বাবে গীত ৰচনা কৰিছে। দুয়োজনে প্ৰথমবাৰৰ বাবে একেলগে কাম কৰিছিল 'Aashiqui 2'ৰ বাবে। দুয়োৰে চিনাকি বহুদিনৰ পৰা আছিল। দুয়োজনে দীৰ্ঘদিন ধৰি ইজনে সিজনৰ লগত ডেটিং কৰি আছিল বুলিও খবৰ পোৱা গৈছে। অৱশ্যে দুয়োজনে এই কথা কেতিয়াও নিশ্চিত কৰা নাছিল। অৱশেষত দুয়ো বিবাহপাশত আৱদ্ধ হৈ অনুৰাগীসকলক দিলে ভাল খবৰটো।
Palak Muchhal Marries Mithoon, Sonu Nigam, Rubina Dilaik Attend Wedding  Reception
পলক আৰু মিথুনৰ বৈবাহিক জীৱন সুখৰ হ'বলৈ শুভকামনা জনাইছে চেলিব্ৰিটিসকলৰ লগতে অনেক অনুৰাগীয়ে। উল্লেখ্য যে বলীউডৰ বহু জনপ্ৰিয় গীতত কণ্ঠদান কৰিছে পলক মুছলে। তেওঁ বহু মঞ্চ অনুষ্ঠানতো অংশ লৈছে। ইয়াৰ লগতে মিথুনেও বহু ছবিত সংগীত দিছে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু