--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডত হ’বলৈ গৈ আছে আৰু এখন বিয়া। সেই বিয়া আন কাৰো নহয়, জনপ্ৰিয় যুটী সিদ্ধাৰ্থ মালহোট্ৰা আৰু কিয়াৰা আদৱানীৰ বিয়া। অতি সোনকালে দুয়ো বিবাহপাশত আৱদ্ধ হ’ব বুলি ইংগিত দিছে জনপ্ৰিয় অভিনেতা শ্বাহিদ কাপুৰে। কৰণ জোহৰৰ ফেচ টক শ্ব’ ‘কফি উইথ কৰণ ৭’ৰ নতুন খণ্ডটোৰ টিজাৰ শ্বেয়াৰ কৰা হৈছে। কিয়াৰা আদৱানী আৰু শ্বাহিদ কাপুৰ অতিথি হিচাপে আছে অনুষ্ঠানটোত। এই শ্ব’টোৰ টিজাৰত কিয়াৰা আৰু শ্বাহিদে একেলগে বহুত ফূৰ্তি কৰা দেখা গৈছে। ইয়াৰ মাজতে শ্বাহিদ কাপুৰে কিয়াৰা আদৱানীক লৈ এক ডাঙৰ ঘোষণা কৰিছে।

শ্ব’টোৰ টিজাৰত কৰণ জোহৰে অহৰহ কিয়াৰা আদৱানীক সিদ্ধাৰ্থ মালহোত্ৰাৰ কথা কৈ জোকাই থকা দেখা যায়। কৰণে কিয়াৰাক সুধে যে আপুনি সিদ্ধাৰ্থ মালহোট্ৰাৰ সৈতে আপোনাৰ সম্পৰ্কক অস্বীকাৰ কৰে নেকি? ইয়াৰ উত্তৰত কিয়াৰাই কয় যে- মই অস্বীকাৰো নকৰো বা স্বীকাৰো নকৰো.. কিন্তু হয় আমি নিশ্চিতভাৱে বিশেষ বন্ধু বা বন্ধুতকৈ বেছি। এই সন্দৰ্ভত শ্বাহিদে কয় যে দুয়ো বহুত ধুনীয়া কাপ’ল। ইয়াৰ অলপ সময়ৰ পাছতে শ্বাহিদে কয়, ‘এই বছৰৰ শেষত এটা ডাঙৰ ঘোষণা হ’ব আৰু এয়া কোনো ছবিৰ ঘোষণা নহয়।’ এয়া বিয়াৰ ঘোষণা হ’ব। 

শেষৰ খণ্ডটোত সিদ্ধাৰ্থ মালহোত্ৰা আৰু বিকি কৌশল শ্ব’টোত উপস্থিত হৈছিল। এই সময়ছোৱাতো কৰণ জোহৰে সিদ্ধাৰ্থক কিয়াৰাৰ সৈতে থকা সম্পৰ্কক লৈ বহু প্ৰশ্ন কৰিছিল। আনকি বিয়াৰ কথাও কৈছিল। কৰণে শ্ব’টোত পোনপটীয়াকৈ সিদ্ধাৰ্থক সুধিছিল, "আপুনি কিয়াৰা আদৱানীৰ লগত ডেটিং কৰিছে নেকি?" আপোনাৰ ভৱিষ্যতৰ কোনো পৰিকল্পনা আছে নেকি?"

তাৰ পিছত বিকিয়ে লগে লগে সিদ্ধাৰ্থক জোকাবলৈ ‘শ্বেৰশ্বাহ’ৰ ‘ৰতা লাম্বিয়া’ গীতটো গাবলৈ আৰম্ভ কৰে। একে সময়তে সিদ্ধাৰ্থই কয়, "মই আজি ভৱিষ্যত সম্পৰ্কে ক’ব বিচাৰো যে ...", সিদ্ধাৰ্থৰ কথাৰ মাজতে বাধা দি কৰণে কয়, "কিয়াৰা আদৱানীক বিয়া কৰাম বুলি ক'ব বিচাৰিছে?" সিদ্ধাৰ্থই মাত্ৰ উত্তৰ দিলে, "এটা উজ্জ্বল আৰু সুখী ভৱিষ্যত।" কৰণ জোহৰ এইবাৰো ৰৈ নাথাকিল। সিদ্ধাৰ্থৰ কথাৰ শাৰীটোত যোগ দি তেওঁ আৰু কয়, "কিয়াৰা আদৱানীৰ সৈতে সুখী ভৱিষ্যত নহয় জানো?" ইয়াৰ পিছত সিদ্ধাৰ্থই চূড়ান্ত উত্তৰ দি কয় যে, ''যদি তেওঁ লগত থাকে তেন্তে বৰ ভাল হ'ব।''

এই কথা-বতৰাৰ পৰাই বুজিব পাৰি যে সিদ্ধাৰ্থ আৰু কিয়াৰাৰ বিয়ালৈ আৰু বেছি দিন নাই।










FOLLOW US F
POPULAR
FEATURE
TRENDY
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী
কৃত্রিম বুদ্ধিমত্তাই ৪ নিযুত নতুন চাকৰিৰ সৃষ্টি কৰিব ভাৰতত, নিটি আয়োগৰ প্ৰতিবেদনত দাবী
১১ বছৰৰ পাছত অৰিজিৎ সিঙৰ বিতৰ্কক লৈ মুখ খুলিলে ছলমান খানে
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?