--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডত হ’বলৈ গৈ আছে আৰু এখন বিয়া। সেই বিয়া আন কাৰো নহয়, জনপ্ৰিয় যুটী সিদ্ধাৰ্থ মালহোট্ৰা আৰু কিয়াৰা আদৱানীৰ বিয়া। অতি সোনকালে দুয়ো বিবাহপাশত আৱদ্ধ হ’ব বুলি ইংগিত দিছে জনপ্ৰিয় অভিনেতা শ্বাহিদ কাপুৰে। কৰণ জোহৰৰ ফেচ টক শ্ব’ ‘কফি উইথ কৰণ ৭’ৰ নতুন খণ্ডটোৰ টিজাৰ শ্বেয়াৰ কৰা হৈছে। কিয়াৰা আদৱানী আৰু শ্বাহিদ কাপুৰ অতিথি হিচাপে আছে অনুষ্ঠানটোত। এই শ্ব’টোৰ টিজাৰত কিয়াৰা আৰু শ্বাহিদে একেলগে বহুত ফূৰ্তি কৰা দেখা গৈছে। ইয়াৰ মাজতে শ্বাহিদ কাপুৰে কিয়াৰা আদৱানীক লৈ এক ডাঙৰ ঘোষণা কৰিছে।

শ্ব’টোৰ টিজাৰত কৰণ জোহৰে অহৰহ কিয়াৰা আদৱানীক সিদ্ধাৰ্থ মালহোত্ৰাৰ কথা কৈ জোকাই থকা দেখা যায়। কৰণে কিয়াৰাক সুধে যে আপুনি সিদ্ধাৰ্থ মালহোট্ৰাৰ সৈতে আপোনাৰ সম্পৰ্কক অস্বীকাৰ কৰে নেকি? ইয়াৰ উত্তৰত কিয়াৰাই কয় যে- মই অস্বীকাৰো নকৰো বা স্বীকাৰো নকৰো.. কিন্তু হয় আমি নিশ্চিতভাৱে বিশেষ বন্ধু বা বন্ধুতকৈ বেছি। এই সন্দৰ্ভত শ্বাহিদে কয় যে দুয়ো বহুত ধুনীয়া কাপ’ল। ইয়াৰ অলপ সময়ৰ পাছতে শ্বাহিদে কয়, ‘এই বছৰৰ শেষত এটা ডাঙৰ ঘোষণা হ’ব আৰু এয়া কোনো ছবিৰ ঘোষণা নহয়।’ এয়া বিয়াৰ ঘোষণা হ’ব। 

শেষৰ খণ্ডটোত সিদ্ধাৰ্থ মালহোত্ৰা আৰু বিকি কৌশল শ্ব’টোত উপস্থিত হৈছিল। এই সময়ছোৱাতো কৰণ জোহৰে সিদ্ধাৰ্থক কিয়াৰাৰ সৈতে থকা সম্পৰ্কক লৈ বহু প্ৰশ্ন কৰিছিল। আনকি বিয়াৰ কথাও কৈছিল। কৰণে শ্ব’টোত পোনপটীয়াকৈ সিদ্ধাৰ্থক সুধিছিল, "আপুনি কিয়াৰা আদৱানীৰ লগত ডেটিং কৰিছে নেকি?" আপোনাৰ ভৱিষ্যতৰ কোনো পৰিকল্পনা আছে নেকি?"

তাৰ পিছত বিকিয়ে লগে লগে সিদ্ধাৰ্থক জোকাবলৈ ‘শ্বেৰশ্বাহ’ৰ ‘ৰতা লাম্বিয়া’ গীতটো গাবলৈ আৰম্ভ কৰে। একে সময়তে সিদ্ধাৰ্থই কয়, "মই আজি ভৱিষ্যত সম্পৰ্কে ক’ব বিচাৰো যে ...", সিদ্ধাৰ্থৰ কথাৰ মাজতে বাধা দি কৰণে কয়, "কিয়াৰা আদৱানীক বিয়া কৰাম বুলি ক'ব বিচাৰিছে?" সিদ্ধাৰ্থই মাত্ৰ উত্তৰ দিলে, "এটা উজ্জ্বল আৰু সুখী ভৱিষ্যত।" কৰণ জোহৰ এইবাৰো ৰৈ নাথাকিল। সিদ্ধাৰ্থৰ কথাৰ শাৰীটোত যোগ দি তেওঁ আৰু কয়, "কিয়াৰা আদৱানীৰ সৈতে সুখী ভৱিষ্যত নহয় জানো?" ইয়াৰ পিছত সিদ্ধাৰ্থই চূড়ান্ত উত্তৰ দি কয় যে, ''যদি তেওঁ লগত থাকে তেন্তে বৰ ভাল হ'ব।''

এই কথা-বতৰাৰ পৰাই বুজিব পাৰি যে সিদ্ধাৰ্থ আৰু কিয়াৰাৰ বিয়ালৈ আৰু বেছি দিন নাই।










FOLLOW US F
POPULAR
FEATURE
TRENDY
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
ভাৰতীয় পাইলট স্মিত মাচ্ছৰ সাহসিকতাত ৰক্ষা পৰিল ১৭৪ জীৱন
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু