--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
বলীউডত এতিয়া যেন বয়কটৰ ধুমুহা৷ এখনৰ পিছত আন এখন ছবিৰ বিৰুদ্ধে বয়কটত নামি পৰিছে ভাৰতৰ ছবিপ্ৰেমী সকল৷ বয়কটৰ ফলত বক্স অফিচত ব্যৱসায় ডুবিছে এখনৰ পিছত আন এখন বিগ বাজেটৰ ছবিৰ৷ বলীউডৰ আটাইতকৈ জনপ্ৰিয় অভিনেতা সকলৰ শক্তিশালী অভিনয়েও হাৰ মানিছে এই বয়কট ট্ৰেণ্ডৰ ওচৰত৷ 

বলীউড অভিনেতা আমিৰ খান আৰু কৰীণা কাপুৰ খান অভিনীত ছবি লাল সিং চাড্ডা, ৰনবীৰ কাপুৰৰ ব্ৰহ্মাস্ত্ৰৰ পিছত  এতিয়া  ছ’চিয়েল মিডিয়াত যথেষ্ট প্ৰতিক্ৰিয়াৰ সন্মুখীন হৈছে  শ্বাহৰুখ খানৰ মুক্তিৰ অপেক্ষাত থকা ছবি পাঠান৷ এই ছবিখনৰ জৰিয়তে   প্ৰত্যাৱৰ্তনৰ পৰিকল্পনা কৰিছিল অভিনেতা শ্বাহৰূখ খানে৷  

শ্বাহৰূখ খান কোনো দোষ নথকা স্বত্বেও পুৰণি ফটো-ভিডিঅ’ খুচৰি ট্ৰোল কৰা হৈছে অভিনেতাজনক৷ কিছুসংখ্যক ব্যক্তিয়ে অভিনেতা জনৰ পাকিস্তানী ক্ৰিকেটাৰ শ্বাহিদ আফ্ৰীৰ সৈতে থকা এখন ফটোক লৈয়ো অপমানিত কৰিছে অভিনেতাজনক৷ উল্লেখযোগ্য যে  এই ফটোখন ২০১২ চনতেই তোলা হৈছিল ৷ 

ইয়াৰোপৰি, এটি পুৰণি ভিডিঅ’ক লৈয়ো সমালোচনা কৰা হৈছে শ্বাহৰূখ খানক। এই ভিডিঅ’টোত ভাৰতৰ অসহিষ্ণুতা সম্পৰ্কে নেতিবাচক মন্তব্য কৰিছিল অভিনেতাজনে৷ ভিডিঅ’টোৰ সৈতে ছবি পাঠানৰ কোনো সম্পৰ্ক নথকা স্বত্বেও অভিনেতাজন এনেদৰে সমালোচনাৰ সন্মুখীন হোৱাটো দুৰ্ভাগ্যজনক৷  

অৱশ্যে, এছ আৰ কেৰ  অনুৰাগীসকলে পাঠান  বৰ্জনৰ আহ্বানক সহজভাৱে ল'ব পৰা নাই। বয়কট প্ৰতিৰোধ কৰিবলৈ “#PathaanFirstDayFirstShow ” ট্ৰেণ্ডিং  আৰম্ভ কৰিছিল অভিনেতা জনৰ অনুৰাগী সকলে৷ 

মুক্তি পাবলগীয়া ছবিখনৰ পুৰণি ভিডিঅ’ৰ লগত সম্পৰ্ক নথকা স্বত্বেও এনে সমালোচনাই ভাৰতত ক্ৰমান্বয়ে বৃদ্ধি পাই অহা অসহিষ্ণুতাৰে প্ৰমাণ দিছে৷ কিছুদিন পূৰ্বে সমালোচনাৰ ভয়তেই বলীউডৰ এজন অভিনেতাই খান উপাধি পৰিত্যাগ কৰিছিল৷ ভাৰতত ক্ৰমান্বয়ে এনে ঘটনাৰ সংখ্যা বৃদ্ধি পাইছে৷ এই ঘটনা সমূহে ভাৰতবৰ্ষৰ এক অস্থিৰ ভৱিষ্যতৰ ইংগিত বহন কৰিছে
FOLLOW US F
POPULAR
FEATURE
TRENDY
কেন্দ্ৰৰ বঞ্চনাত বন্ধ হ'ল টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ দুটাকৈ গুৰুত্বপূৰ্ণ বিভাগ
হেমপ্রভা চুতীয়াৰ হাতত পুনৰ প্ৰাণ পাই উঠিব ষষ্ঠখন ধর্মগ্রন্থই
শিৱাজীয়ে নিৰ্মাণ কৰা ১২টা দুর্গই লাভ কৰিলে 'বিশ্ব ঐতিহ্য'ৰ স্বীকৃতি
স্বদেশলৈ উভতিল পেৰাচাইক্লিষ্ট ৰাকেশ বণিক
আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ আক্ৰমণ ; নয়ন অসমৰ মৃত্যু, ১৯গৰাকী কেডাৰ আহত
অমৰনাথ গুহাত পাৰযোৰৰ ৰহস্য আঁৰৰ বিষয়ে জানো আহক..
ইংলেণ্ডত শুভমন গিলৰ অভিলেখৰ জোৱাৰ; এইবাৰ ভংগ কৰিলে কোহলীৰ ৰেকৰ্ড
অমৰনাথ গুহাত পাৰযোৰৰ ৰহস্য আঁৰৰ বিষয়ে জানো আহক..
আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ আক্ৰমণ ; নয়ন অসমৰ মৃত্যু, ১৯গৰাকী কেডাৰ আহত
স্বদেশলৈ উভতিল পেৰাচাইক্লিষ্ট ৰাকেশ বণিক
শিৱাজীয়ে নিৰ্মাণ কৰা ১২টা দুর্গই লাভ কৰিলে 'বিশ্ব ঐতিহ্য'ৰ স্বীকৃতি
হেমপ্রভা চুতীয়াৰ হাতত পুনৰ প্ৰাণ পাই উঠিব ষষ্ঠখন ধর্মগ্রন্থই
কেন্দ্ৰৰ বঞ্চনাত বন্ধ হ'ল টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ দুটাকৈ গুৰুত্বপূৰ্ণ বিভাগ
শিৱসাগৰৰ দিখৌ নদীত মৃতদেহ উদ্ধাৰ