--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
বলীউডত এতিয়া যেন বয়কটৰ ধুমুহা৷ এখনৰ পিছত আন এখন ছবিৰ বিৰুদ্ধে বয়কটত নামি পৰিছে ভাৰতৰ ছবিপ্ৰেমী সকল৷ বয়কটৰ ফলত বক্স অফিচত ব্যৱসায় ডুবিছে এখনৰ পিছত আন এখন বিগ বাজেটৰ ছবিৰ৷ বলীউডৰ আটাইতকৈ জনপ্ৰিয় অভিনেতা সকলৰ শক্তিশালী অভিনয়েও হাৰ মানিছে এই বয়কট ট্ৰেণ্ডৰ ওচৰত৷ 

বলীউড অভিনেতা আমিৰ খান আৰু কৰীণা কাপুৰ খান অভিনীত ছবি লাল সিং চাড্ডা, ৰনবীৰ কাপুৰৰ ব্ৰহ্মাস্ত্ৰৰ পিছত  এতিয়া  ছ’চিয়েল মিডিয়াত যথেষ্ট প্ৰতিক্ৰিয়াৰ সন্মুখীন হৈছে  শ্বাহৰুখ খানৰ মুক্তিৰ অপেক্ষাত থকা ছবি পাঠান৷ এই ছবিখনৰ জৰিয়তে   প্ৰত্যাৱৰ্তনৰ পৰিকল্পনা কৰিছিল অভিনেতা শ্বাহৰূখ খানে৷  

শ্বাহৰূখ খান কোনো দোষ নথকা স্বত্বেও পুৰণি ফটো-ভিডিঅ’ খুচৰি ট্ৰোল কৰা হৈছে অভিনেতাজনক৷ কিছুসংখ্যক ব্যক্তিয়ে অভিনেতা জনৰ পাকিস্তানী ক্ৰিকেটাৰ শ্বাহিদ আফ্ৰীৰ সৈতে থকা এখন ফটোক লৈয়ো অপমানিত কৰিছে অভিনেতাজনক৷ উল্লেখযোগ্য যে  এই ফটোখন ২০১২ চনতেই তোলা হৈছিল ৷ 

ইয়াৰোপৰি, এটি পুৰণি ভিডিঅ’ক লৈয়ো সমালোচনা কৰা হৈছে শ্বাহৰূখ খানক। এই ভিডিঅ’টোত ভাৰতৰ অসহিষ্ণুতা সম্পৰ্কে নেতিবাচক মন্তব্য কৰিছিল অভিনেতাজনে৷ ভিডিঅ’টোৰ সৈতে ছবি পাঠানৰ কোনো সম্পৰ্ক নথকা স্বত্বেও অভিনেতাজন এনেদৰে সমালোচনাৰ সন্মুখীন হোৱাটো দুৰ্ভাগ্যজনক৷  

অৱশ্যে, এছ আৰ কেৰ  অনুৰাগীসকলে পাঠান  বৰ্জনৰ আহ্বানক সহজভাৱে ল'ব পৰা নাই। বয়কট প্ৰতিৰোধ কৰিবলৈ “#PathaanFirstDayFirstShow ” ট্ৰেণ্ডিং  আৰম্ভ কৰিছিল অভিনেতা জনৰ অনুৰাগী সকলে৷ 

মুক্তি পাবলগীয়া ছবিখনৰ পুৰণি ভিডিঅ’ৰ লগত সম্পৰ্ক নথকা স্বত্বেও এনে সমালোচনাই ভাৰতত ক্ৰমান্বয়ে বৃদ্ধি পাই অহা অসহিষ্ণুতাৰে প্ৰমাণ দিছে৷ কিছুদিন পূৰ্বে সমালোচনাৰ ভয়তেই বলীউডৰ এজন অভিনেতাই খান উপাধি পৰিত্যাগ কৰিছিল৷ ভাৰতত ক্ৰমান্বয়ে এনে ঘটনাৰ সংখ্যা বৃদ্ধি পাইছে৷ এই ঘটনা সমূহে ভাৰতবৰ্ষৰ এক অস্থিৰ ভৱিষ্যতৰ ইংগিত বহন কৰিছে

FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি